--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বন্ধ হোৱাৰ দিশে Paytm Payments Bank৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে ইংগিত দিয়ে যে পেটিএম পেমেণ্টছ বেংকৰ বিৰুদ্ধে নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে পৰ্যাপ্ত সময় দিয়া হৈছিল।

দাসে আৰু কয় যে আৰ বি আইয়ে তেতিয়াহে ব্যৱস্থা আৰম্ভ কৰে যেতিয়া "এনে গঠনমূলক নিয়োজকে কাম নকৰে বা নিয়ন্ত্ৰিত প্ৰতিষ্ঠানে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰে। তেতিয়া আমি ব্যৱসায়িক বাধা আৰোপ কৰোঁ৷" 

পেটিএম পেমেণ্টছ বেংকৰ বিৰুদ্ধে লোৱা ব্যৱস্থাৱলীৰ সৈতে জড়িত সবিশেষ জনোৱাৰ পৰা বিৰত থাকে দাস। এম পি চিৰ পাছৰ সংবাদমেলৰ সময়ত গভৰ্ণৰ দাসে লগতে কয় যে পেটিএমত চলি থকা সংকটৰ মাজতে আন ফিনটেক ফাৰ্মৰ বাবে চিন্তাৰ কোনো কাৰণ নাই।শক্তিকান্ত দাসে কয় যে আৰ বি আইয়ে বিত্তীয় খণ্ডত উদ্ভাৱন আৰু প্ৰযুক্তিক সমৰ্থন কৰি আছে আৰু কৰি যাব।ফিনটেক, উদ্ভাৱন, প্ৰযুক্তিৰ প্ৰসাৰৰ বাবে আৰ বি আইৰ দায়বদ্ধতাক লৈ কোনোৱে সন্দেহ কৰিব নালাগে৷

উল্লেখ্য যে,৩১ জানুৱাৰীত ৰিজাৰ্ভ বেংকে পেটিএম পেমেণ্টছ বেংকৰ বিৰুদ্ধে কঠোৰ নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু ১ মাৰ্চৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ সেৱা বন্ধ কৰিবলৈ নিৰ্দেশ জাৰী কৰিছিল।ইয়াৰ ফলত পেটিএম পেমেণ্ট বেংকৰ ৪৯ শতাংশ অংশীদাৰিত্ব থকা ৱালেট সেৱা আৰু ফাষ্টটেগৰ দৰে একাধিক কাৰ্যকলাপৰ বাবে ইয়াৰ ওপৰত নিৰ্ভৰশীল ডিজিটেল পেমেণ্ট ফাৰ্ম পেটিএমৰ বাবে সংকটৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু