--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত দেখা গৈছে অন্নদাতাৰ বৃহৎ প্ৰতিবাদ৷নয়ডা আৰু গ্ৰেটাৰ নয়ডাৰ কৃষকসকলে সংসদলৈ প্ৰতিবাদী সমদল ঘোষণা কৰাৰ লগে লগে বৃহস্পতিবাৰে পুৱা দিল্লী-নয়ডা সীমান্তত ব্যাপক যান-জঁটৰ সৃষ্টি হয়।

সৰিতা বিহাৰত কেইবাখনো দুচকীয়া আৰু চাৰিচকীয়া বাহনে যান-জঁটৰ বাবে খুন্দা মৰাৰ লগতে দিল্লীৰ পৰা নয়ডালৈ যোৱা পথতো প্ৰচণ্ড যান-জঁটৰ খবৰ পোৱা গৈছে।প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে ২৪ ঘণ্টাৰ বাবে সকলো সীমান্ত ছীল কৰি ৰখা হৈছে।

ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰা প্ৰতিখন বাহন পৰীক্ষা কৰিবলৈ আৰক্ষীৰ বেৰিকেড স্থাপনৰ মাজতে দিল্লী-নয়ডা এক্সপ্ৰেছৱে’ত দীঘলীয়া যানজঁট দেখা গৈছে।নয়ডা আৰু গ্ৰেটাৰ নয়ডাৰ কৃষকসকলে ২০২৩ চনৰ ডিচেম্বৰৰ পৰা বৃদ্ধি পোৱা ক্ষতিপূৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে, আৰু স্থানীয় কৰ্তৃপক্ষই পূৰ্বতে অধিগ্ৰহণ কৰা তেওঁলোকৰ মাটিৰ বিচাৰিও এই প্ৰতিবাদ গঢ়ি তুলিছে৷

ইয়াৰ পৰিপ্ৰেক্ষিতত কৃষক সংগঠন ‘কিষাণ মহাপঞ্চায়ত’-এ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীস্থিত সংসদলৈ প্ৰতিবাদী সমদল কৰি তেওঁলোকৰ দাবী পূৰণৰ আহ্বান জনায়।উল্লেখ্য যে, মঙলবাৰে আৰক্ষীয়ে ১৪৪ ধাৰা জাৰি কৰিছিল, আৰু ৭ আৰু ৮ ফেব্ৰুৱাৰীৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী হ’ব বুলি জনাইছিল।এই নিষেধাজ্ঞাৰ ভিতৰত পাঁচজনতকৈ অধিক লোকক অবৈধভাৱে একত্ৰিত কৰা আৰু ধৰ্মীয় আৰু ৰাজনৈতিককে ধৰি অকৰ্তৃত্বশীল শোভাযাত্ৰা নিষিদ্ধ কৰা বুলি নিৰ্দেশত উল্লেখ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক