--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাৰ পিছতে অতি গুৰুতৰ অৱস্থাত  ক্ৰিকেটাৰ ঋষভ পন্তক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ  এতিয়াও আৰোগ্য হৈ উঠা নাই। ইয়াৰ মাজতে তেওঁৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে। সংক্ৰমণ ৰোধ কৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে  ঋষভ পন্তৰ স্বাস্থ্যৰ অৱস্থা আগতকৈ অলপ উন্নত হৈছে। কিন্তু তেওঁৰ ঘাঁত সংক্ৰমণৰ আশংকা আছে। গতিকে ক্ৰিকেটাৰজনক আইচিইউৰ পৰা এটা পৃথক কেবিনলৈ স্থানান্তৰ কৰা হৈছে। তেওঁক চিকিৎসাৰ বাবে বিদেশলৈ লৈ যোৱা হ'ব নে নাই সেয়া বিবেচনা কৰি থকা হৈছে। 
দিল্লী ক্ৰিকেট এছ'চিয়েশ্যনৰ (ডিচিএ) মুৰব্বী শ্যাম শৰ্মাই বাকয়  "সংক্ৰমণৰ ভয়ৰ কথাটো আমি   পন্তৰ পৰিয়াল আৰু চিকিৎসালয় কৰ্তৃপক্ষক অৱগত কৰিছিলো । সেয়ে তেওঁক  পৃথক কেবিনলৈ স্থানান্তৰিত কৰা হৈছে। তেওঁ এতিয়া লাহে লাহে সুস্থ হৈ আহিছে। ''

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়  যে ৰাজ্য চৰকাৰে পন্তৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয়  বহন কৰিব। অৱশ্যে বিচিচিআইয়ে সিদ্ধান্ত ল'ব যে পন্তৰৰ চিকিৎসা কেনেদৰে কৰা হ'ব। দুৰ্ঘটনাটোত পন্তৰ ভৰিৰ লিগামেণ্ট ফাটি গৈছে। লিগামেণ্টৰ চিকিৎসাৰ বাবে তেওঁক বিদেশলৈ লৈ যোৱা হ'ব পাৰে। অৱশ্যে বিষয়টো সম্পূৰ্ণৰূপে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিছে। তেওঁলোকে সিদ্ধান্ত ল'ব যে ভাৰতীয় ক্ৰিকেটাৰজনক ক'ত ৰখা  হ'ব।

চিকিৎসকসকলে কৈছে্যে  পন্তক এতিয়া বিশ্ৰামৰ প্ৰয়োজন। কিন্তু তেওঁ বিশ্ৰাম পোৱা নাই।  ৰাজনৈতিক নেতা, মন্ত্ৰী, ক্ৰীড়া বিষয়া আৰু অভিনেতাসকলে পন্তক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছৰে পৰা সাক্ষাৎ কৰি গৈছে। তেওঁলোকে চিকিৎসালয়ত ৰোগীক লগ কৰিবলৈ নিৰ্ধাৰিত সময়ৰ পৰা বাহিৰেও আন সময়তো পন্তক দেখা কৰিছে। ফলত পন্ৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে। এতিয়া পন্তৰ বাবে দুৰ্ঘটনাত পোৱা আঘাততকৈ তেওঁক দেখা কৰিবলৈ অহা লোকৰ সমাগমে অধিক সমস্যাৰ সৃষ্টি কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু