--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাৰ পিছতে অতি গুৰুতৰ অৱস্থাত  ক্ৰিকেটাৰ ঋষভ পন্তক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ  এতিয়াও আৰোগ্য হৈ উঠা নাই। ইয়াৰ মাজতে তেওঁৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে। সংক্ৰমণ ৰোধ কৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে  ঋষভ পন্তৰ স্বাস্থ্যৰ অৱস্থা আগতকৈ অলপ উন্নত হৈছে। কিন্তু তেওঁৰ ঘাঁত সংক্ৰমণৰ আশংকা আছে। গতিকে ক্ৰিকেটাৰজনক আইচিইউৰ পৰা এটা পৃথক কেবিনলৈ স্থানান্তৰ কৰা হৈছে। তেওঁক চিকিৎসাৰ বাবে বিদেশলৈ লৈ যোৱা হ'ব নে নাই সেয়া বিবেচনা কৰি থকা হৈছে। 
দিল্লী ক্ৰিকেট এছ'চিয়েশ্যনৰ (ডিচিএ) মুৰব্বী শ্যাম শৰ্মাই বাকয়  "সংক্ৰমণৰ ভয়ৰ কথাটো আমি   পন্তৰ পৰিয়াল আৰু চিকিৎসালয় কৰ্তৃপক্ষক অৱগত কৰিছিলো । সেয়ে তেওঁক  পৃথক কেবিনলৈ স্থানান্তৰিত কৰা হৈছে। তেওঁ এতিয়া লাহে লাহে সুস্থ হৈ আহিছে। ''

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়  যে ৰাজ্য চৰকাৰে পন্তৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যয়  বহন কৰিব। অৱশ্যে বিচিচিআইয়ে সিদ্ধান্ত ল'ব যে পন্তৰৰ চিকিৎসা কেনেদৰে কৰা হ'ব। দুৰ্ঘটনাটোত পন্তৰ ভৰিৰ লিগামেণ্ট ফাটি গৈছে। লিগামেণ্টৰ চিকিৎসাৰ বাবে তেওঁক বিদেশলৈ লৈ যোৱা হ'ব পাৰে। অৱশ্যে বিষয়টো সম্পূৰ্ণৰূপে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ ওপৰত নিৰ্ভৰ কৰিছে। তেওঁলোকে সিদ্ধান্ত ল'ব যে ভাৰতীয় ক্ৰিকেটাৰজনক ক'ত ৰখা  হ'ব।

চিকিৎসকসকলে কৈছে্যে  পন্তক এতিয়া বিশ্ৰামৰ প্ৰয়োজন। কিন্তু তেওঁ বিশ্ৰাম পোৱা নাই।  ৰাজনৈতিক নেতা, মন্ত্ৰী, ক্ৰীড়া বিষয়া আৰু অভিনেতাসকলে পন্তক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছৰে পৰা সাক্ষাৎ কৰি গৈছে। তেওঁলোকে চিকিৎসালয়ত ৰোগীক লগ কৰিবলৈ নিৰ্ধাৰিত সময়ৰ পৰা বাহিৰেও আন সময়তো পন্তক দেখা কৰিছে। ফলত পন্ৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে। এতিয়া পন্তৰ বাবে দুৰ্ঘটনাত পোৱা আঘাততকৈ তেওঁক দেখা কৰিবলৈ অহা লোকৰ সমাগমে অধিক সমস্যাৰ সৃষ্টি কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক