--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বছৰৰ প্ৰথম দিনাই বিনামূলীয়া ৰেচন আঁচনিৰ বৃহৎ পৰিৱৰ্তন কৰিছে চৰকাৰে। এই আচঁনিয়ে ৮১ কোটি ৩৫ লাখ লোকক উপকৃত কৰিব। নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বে দেশৰ কোটি কোটি সাধাৰণ জনতাৰ বাবে এক সুন্দৰ খবৰ দিছে বিজেপি চৰকাৰে। যদি আপুনিও Free Ration Scheme ৰ সুবিধা পাইছে, তেন্তে মনত ৰাখিব যে, ১ জানুৱাৰীৰ পৰা চৰকাৰে এই আঁচনিখনত এটা ডাঙৰ পৰিৱৰ্তন কৰিছে। এই প্ৰসংগত লাভ কৰা তথ্য অনুসৰি দেওবাৰৰ পৰা অৰ্থাৎ নতুন বছৰৰ প্ৰথম দিনটোৰ পৰা মুঠ ৮১.৩৫ কোটি লোকক এবছৰৰ বাবে বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।

 দেওবাৰৰ পৰা চৰকাৰে এই আঁচনি আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত ৫ কেজি খাদ্যশস্য বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে।২০২৩ চনত গোটেই বছৰজুৰি বিনামূলীয়া ৰেচন উপলব্ধ হ’ব। নিয়ম সলনি কৰিলে কেন্দ্র চৰকাৰে। এই পৰিপ্ৰেক্ষিতত চৰকাৰে জনাইছে যে ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ ৮১.৩৫ কোটি লোকক বিনামূলীয়া ৰেচনৰ সুবিধা প্ৰদান কৰা হ’ব। 

 এই সন্দৰ্ভত তথ্য প্ৰদান কৰি খাদ্য মন্ত্ৰালয়ে কয় যে ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ সকলো হিতাধিকাৰীৰ পৰা কোনো ধৰণৰ ৰেচন মাচুল সংগ্ৰহ কৰা নহ’ব।ব্যয় হ’ব ২ লাখ কোটি টকা। খাদ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৩ চনত কেন্দ্রীয় চৰকাৰে খাদ্য ৰাজসাহায্যৰ বাবে ২ লাখ কোটিতকৈ অধিক টকা ব্যয় কৰিব৷ ইয়াৰ লক্ষ্য, যাতে সকলোৱে বিনামূলীয়া ৰেচনৰ সুবিধা সহজে লাভ কৰিব পাৰে। 

 মন্ত্ৰালয়ে জাৰি কৰা গাইডলাইনঃ-

খাদ্য মন্ত্ৰালয়ে জাৰি কৰা গাইডলাইনত ইতিমধ্যে কোৱা হৈছে যে নতুন খাদ্য সুৰক্ষা আঁচনিৰ অধীনত চৰকাৰে কোটি কোটি লোকক বিনামূলীয়া ৰেচন প্ৰদান কৰিব।  প্ৰধানমন্ত্ৰীৰ গৰিব কল্যাণ অন্ন যোজনাৰ অধীনত কাৰ্ডধাৰীক এই সুবিধা প্ৰদান কৰা হৈছে।  উল্লেখযোগ্য যে ক'ৰোনাৰ সময়ত চৰকাৰে এই সুবিধা প্ৰৱৰ্তন কৰিছিল। কিন্তু এইবাৰো গোটেই বছৰটো ৰেচনৰ বাবে এটকাও খৰচ নহ’ব  দৰিদ্ৰ পৰিয়ালৰ। চৰকাৰী সূত্রই প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে এফচিআইৰ বিষয়াসকলক নিজৰ অঞ্চলৰ দোকানসমূহ পৰীক্ষা কৰি আঁচনিখন কাৰ্যকৰী কৰা হৈছে নে নাই সেই বিষয়ে প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়া হৈছে৷ ইয়াৰ উপৰিও ৰেচন ব্যৱসায়ীসকলৰ বাবে মাৰ্জিন বা কমিচন সন্দৰ্ভতো ৰাজ্যসমূহৰ পৰা পৰামৰ্শ বিচাৰিছে কেন্দ্রীয় চৰকাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু