--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বছৰৰ প্ৰথম দিনাই বিনামূলীয়া ৰেচন আঁচনিৰ বৃহৎ পৰিৱৰ্তন কৰিছে চৰকাৰে। এই আচঁনিয়ে ৮১ কোটি ৩৫ লাখ লোকক উপকৃত কৰিব। নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বে দেশৰ কোটি কোটি সাধাৰণ জনতাৰ বাবে এক সুন্দৰ খবৰ দিছে বিজেপি চৰকাৰে। যদি আপুনিও Free Ration Scheme ৰ সুবিধা পাইছে, তেন্তে মনত ৰাখিব যে, ১ জানুৱাৰীৰ পৰা চৰকাৰে এই আঁচনিখনত এটা ডাঙৰ পৰিৱৰ্তন কৰিছে। এই প্ৰসংগত লাভ কৰা তথ্য অনুসৰি দেওবাৰৰ পৰা অৰ্থাৎ নতুন বছৰৰ প্ৰথম দিনটোৰ পৰা মুঠ ৮১.৩৫ কোটি লোকক এবছৰৰ বাবে বিনামূলীয়া খাদ্য শস্য প্ৰদান কৰা হব বুলি ঘোষণা কৰা হৈছে।

 দেওবাৰৰ পৰা চৰকাৰে এই আঁচনি আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীৰ গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত ৫ কেজি খাদ্যশস্য বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে।২০২৩ চনত গোটেই বছৰজুৰি বিনামূলীয়া ৰেচন উপলব্ধ হব। নিয়ম সলনি কৰিলে কেন্দ্র চৰকাৰে। এই পৰিপ্ৰেক্ষিতত চৰকাৰে জনাইছে যে ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ ৮১.৩৫ কোটি লোকক বিনামূলীয়া ৰেচনৰ সুবিধা প্ৰদান কৰা হব। 

 এই সন্দৰ্ভত তথ্য প্ৰদান কৰি খাদ্য মন্ত্ৰালয়ে কয় যে ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈ সকলো হিতাধিকাৰীৰ পৰা কোনো ধৰণৰ ৰেচন মাচুল সংগ্ৰহ কৰা নহব।ব্যয় হব ২ লাখ কোটি টকা। খাদ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৩ চনত কেন্দ্রীয় চৰকাৰে খাদ্য ৰাজসাহায্যৰ বাবে ২ লাখ কোটিতকৈ অধিক টকা ব্যয় কৰিব৷ ইয়াৰ লক্ষ্য, যাতে সকলোৱে বিনামূলীয়া ৰেচনৰ সুবিধা সহজে লাভ কৰিব পাৰে। 

 মন্ত্ৰালয়ে জাৰি কৰা গাইডলাইনঃ-

খাদ্য মন্ত্ৰালয়ে জাৰি কৰা গাইডলাইনত ইতিমধ্যে কোৱা হৈছে যে নতুন খাদ্য সুৰক্ষা আঁচনিৰ অধীনত চৰকাৰে কোটি কোটি লোকক বিনামূলীয়া ৰেচন প্ৰদান কৰিব।  প্ৰধানমন্ত্ৰীৰ গৰিব কল্যাণ অন্ন যোজনাৰ অধীনত কাৰ্ডধাৰীক এই সুবিধা প্ৰদান কৰা হৈছে।  উল্লেখযোগ্য যে ক'ৰোনাৰ সময়ত চৰকাৰে এই সুবিধা প্ৰৱৰ্তন কৰিছিল। কিন্তু এইবাৰো গোটেই বছৰটো ৰেচনৰ বাবে এটকাও খৰচ নহব  দৰিদ্ৰ পৰিয়ালৰ। চৰকাৰী সূত্রই প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে এফচিআইৰ বিষয়াসকলক নিজৰ অঞ্চলৰ দোকানসমূহ পৰীক্ষা কৰি আঁচনিখন কাৰ্যকৰী কৰা হৈছে নে নাই সেই বিষয়ে প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়া হৈছে৷ ইয়াৰ উপৰিও ৰেচন ব্যৱসায়ীসকলৰ বাবে মাৰ্জিন বা কমিচন সন্দৰ্ভতো ৰাজ্যসমূহৰ পৰা পৰামৰ্শ বিচাৰিছে কেন্দ্রীয় চৰকাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement