--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ গেংষ্টাৰ গ’ল্ডী ব্ৰাৰে ভাবুকি দিছে ছলমান খানক। ৰাজহুৱা স্থানত ছলমানক হত্যা কৰাৰ ভাবুকি দিলে গোল্ডিয়ে। গোল্ডিয়ে কয় যে নিশ্চিতভাৱে ছলমান খানক হত্যা কৰাৰ পৰিকল্পনা আছে।

উল্লেখ্য যে লৰেন্স বিষ্ণয়ৰ পৰা মৃত্যুৰ ভাবুকি পোৱাৰ পিছতে অভিনেতাজনৰ বাসগৃহৰ সন্মুখত অতিৰিক্ত আৰক্ষী নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। তেওঁ ৱাই কেটেগৰী ছিকিউৰিটিৰ অধীনত যাত্ৰা কৰিছিল। বুলেটপ্ৰুফ গাড়ী ব্যৱহাৰ কৰিছিল। এইবাৰ গোল্ডীৰ পৰা প্ৰত্যক্ষ মৃত্যুৰ ভাবুকি লাভ কৰি অভিনেতাগৰাকীৰ নিৰাপত্তা বৃদ্ধিৰ কথা চিন্তা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।

নিশাৰ ভিতৰতে তেওঁক বি৬ বুলেটপ্ৰুফ বাহনৰ পৰা বি৭ বাহনলৈ বদলি কৰা হয়। ইয়াৰ বাহিৰেও মুম্বাই আৰক্ষী কোনো সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে অহৰহ সচেতন হৈ থাকিব।

উল্লেখ্য যে যোৱা বছৰৰ মাৰ্চ মাহত মুম্বাই আৰক্ষীয়ে ছলমান খানৰ ঘনিষ্ঠ সহযোগীলৈ ভাবুকিপূৰ্ণ মেইল ​​প্ৰেৰণ কৰাৰ অভিযোগত লৰেন্স বিষ্ণোই আৰু গোল্ডীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। লৰেন্স জেলত আছে যদিও গোল্ডি পলায়ন কৰিছে। সিদ্ধু মুছেৱালাক হত্যা কৰাৰ অভিযোগত তেওঁক বিচাৰি আছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু