--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীঘ্ৰে সৰু পৰ্দাত উপলব্ধ হ’ব ৰামানন্দ সাগৰৰ জনপ্ৰিয় হিন্দী টিভি শ্ব’ ৰামায়ণ। শ্বেমাৰু টিভিয়ে ঘোষণা কৰিছে যে  ৩ জুলাইৰ পৰা চেনেলত সম্প্ৰচাৰ আৰম্ভ হ’ব।

উল্লেখ্য যে দৰ্শকৰ মাজত আজিও জনপ্ৰিয় ৮০ দশকৰ এই টিভি চিৰিয়েলখনত অৰুণ গোভিল আৰু দিপিকা চিখলিয়াই ক্ৰমে ৰাম আৰু সীতাৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে সুনীল লাহিৰীয়ে লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছিল।

ৰমানন্দ সাগৰৰ ৰামায়ণক নতুন ছবি 'আদিপুৰুষ’ৰ সৈতে তুলনা কৰাৰ সময়তে এই পুনৰ প্ৰদৰ্শনৰ ঘোষণা কৰা হৈছে। হিন্দু মহাকাব্য ৰামায়ণৰ আধাৰত নিৰ্মিত বুলি প্ৰচাৰিত আদিপুৰুষে মুখ্য চৰিত্ৰ ৰাম, সীতা, হনুমান আৰু ৰাৱনক ভুলকৈ অভিনয় কৰাৰ বাবে ব্যাপক সমালোচনা লাভ কৰিছে। চলিত মাহৰ আৰম্ভণিতে মুক্তি পোৱা ছবিখনত প্ৰভাস, কৃতি ছানন, দেৱদত্ত নাগে, আৰু ছৈফ আলী খানে নিজ নিজ চৰিত্ৰত অভিনয় কৰিছে।

টিভি শ্ব'টোৰ এটা চুটি ক্লিপ শ্বেয়াৰ কৰি চেনেলটোৱে নিজৰ ছ'চিয়েল মিডিয়া পেজত পোষ্ট কৰে- "বিশ্ববিখ্যাত পৌৰাণিক ধাৰাবাহিক ৰামায়ণ সকলো অনুৰাগী আৰু আমাৰ দৰ্শকৰ বাবে পুনৰ আহিছে। ৩ জুলাই, সন্ধিয়া ৭.৩০ বজাৰ পৰা চাওক, আপোনাৰ প্ৰিয় চেনেল শ্বেমাৰু টিভিত।" পোষ্টটোত বিভিন্ন ডিজিটেল টিভি সেৱা প্ৰদানকাৰীৰ চেনেল নম্বৰটোও শ্বেয়াৰ কৰা হৈছে।


সেই অনুসৰি চেনেল নম্বৰসমূহ এনেধৰণৰ-
DD Free Dish: 28
Tataplay : 181
Airtel: 132
D2H : 149
Dish TV : 139
GTPL : 17
DEN : 116
Hathway : 16
NXT Digital : 178
IN DIGITAL : 178
SITI CABLE : 128
FASTWAY : 26
SCOD 18 : 118
UCN : 13
Digiana : 122
Rajasthan Infotech : 312
Radiant Digitek : 143







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু