--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীঘ্ৰে সৰু পৰ্দাত উপলব্ধ হ’ব ৰামানন্দ সাগৰৰ জনপ্ৰিয় হিন্দী টিভি শ্ব’ ৰামায়ণ। শ্বেমাৰু টিভিয়ে ঘোষণা কৰিছে যে  ৩ জুলাইৰ পৰা চেনেলত সম্প্ৰচাৰ আৰম্ভ হ’ব।

উল্লেখ্য যে দৰ্শকৰ মাজত আজিও জনপ্ৰিয় ৮০ দশকৰ এই টিভি চিৰিয়েলখনত অৰুণ গোভিল আৰু দিপিকা চিখলিয়াই ক্ৰমে ৰাম আৰু সীতাৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে সুনীল লাহিৰীয়ে লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰিছিল।

ৰমানন্দ সাগৰৰ ৰামায়ণক নতুন ছবি 'আদিপুৰুষ’ৰ সৈতে তুলনা কৰাৰ সময়তে এই পুনৰ প্ৰদৰ্শনৰ ঘোষণা কৰা হৈছে। হিন্দু মহাকাব্য ৰামায়ণৰ আধাৰত নিৰ্মিত বুলি প্ৰচাৰিত আদিপুৰুষে মুখ্য চৰিত্ৰ ৰাম, সীতা, হনুমান আৰু ৰাৱনক ভুলকৈ অভিনয় কৰাৰ বাবে ব্যাপক সমালোচনা লাভ কৰিছে। চলিত মাহৰ আৰম্ভণিতে মুক্তি পোৱা ছবিখনত প্ৰভাস, কৃতি ছানন, দেৱদত্ত নাগে, আৰু ছৈফ আলী খানে নিজ নিজ চৰিত্ৰত অভিনয় কৰিছে।

টিভি শ্ব'টোৰ এটা চুটি ক্লিপ শ্বেয়াৰ কৰি চেনেলটোৱে নিজৰ ছ'চিয়েল মিডিয়া পেজত পোষ্ট কৰে- "বিশ্ববিখ্যাত পৌৰাণিক ধাৰাবাহিক ৰামায়ণ সকলো অনুৰাগী আৰু আমাৰ দৰ্শকৰ বাবে পুনৰ আহিছে। ৩ জুলাই, সন্ধিয়া ৭.৩০ বজাৰ পৰা চাওক, আপোনাৰ প্ৰিয় চেনেল শ্বেমাৰু টিভিত।" পোষ্টটোত বিভিন্ন ডিজিটেল টিভি সেৱা প্ৰদানকাৰীৰ চেনেল নম্বৰটোও শ্বেয়াৰ কৰা হৈছে।


সেই অনুসৰি চেনেল নম্বৰসমূহ এনেধৰণৰ-
DD Free Dish: 28
Tataplay : 181
Airtel: 132
D2H : 149
Dish TV : 139
GTPL : 17
DEN : 116
Hathway : 16
NXT Digital : 178
IN DIGITAL : 178
SITI CABLE : 128
FASTWAY : 26
SCOD 18 : 118
UCN : 13
Digiana : 122
Rajasthan Infotech : 312
Radiant Digitek : 143







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক