--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাশ্মীৰত শেহতীয়াকৈ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ এক ঘটনা৷ জম্মু আৰু কাশ্মীৰ আদালতে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা৷ কাশ্মীৰৰ এখন আদালতে জ্যেষ্ঠ সাংবাদিক গৌহাৰ গিলানিৰ বাবে গ্ৰেপ্তাৰৰ নিৰ্দেশ জাৰি কৰিছিল আৰু আৰক্ষীক তেওঁক আদালতত হাজিৰ কৰোৱাবলৈ নিৰ্দেশ দিছিল৷ সাংবাদিকজনে এই মাহৰ আৰম্ভণিতে চমন লাভ কৰাৰ পাছতো আদালতত হাজিৰ হ’বলৈ নোহোৱাত কাৰ্যবাহী দণ্ডাধীশৰ দ্বাৰা শেহতীয়াকৈ আদেশসমূহ প্ৰদান কৰা হৈছে৷ উল্লেখযোগ্য যে, দক্ষিণ কাশ্মীৰৰ আম্শিপোৰা শ্বপিয়ানত সংঘটিত উগ্ৰপন্থী আক্ৰমণত আহত এজন আৰক্ষীৰ জীৱন বিপদাপন্ন হ’ব পৰা তথ্য ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ বাবে আদালতে আৰক্ষীৰ অভিযোগ পোৱাৰ পাছত ৩ ফেব্ৰুৱাৰীত গিলানীক তলব কৰিছিল। যোৱা দুমাহত কাশ্মীৰত আৰক্ষীয়ে দুজন সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। ৪ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল ফাহাদ শ্বাহক, আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে পুলৱামা আৰক্ষী থানাত ৰুজু কৰিছিল। শ্বাহে ‘কাশ্মীৰীৱালা’ নামেৰে এটা নিউজ প’ৰ্টেল চলায়৷ গ্ৰেপ্তাৰ হোৱাৰ পিছতে, আৰক্ষীয়ে কৈছিল যে যোৱা চাৰি বছৰত তেওঁৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু কৰা হৈছিল। আন এগৰাকী সাংবাদিক ছাজ্জাদ গুলক জানুৱাৰী মাহত আৰক্ষীয়ে হাজিনৰ পৰা গ্ৰেপ্তাৰ কৰে, যেতিয়া তেওঁ নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হোৱা লস্কৰ-ই-তৈবা উগ্ৰপন্থীৰ পৰিয়ালৰ এটা প্ৰতিবাদী ভিডিঅ’ প্ৰচাৰ কৰিছিল। পৰৱৰ্তী সময়ত গুলৰ বিৰুদ্ধে পিএছএৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। কেইবাটাও সাংবাদিক সংস্থা আৰু মূলসুঁতিৰ ৰাজনৈতিক দলৰ নেতাসকলে কাশ্মীৰত সাংবাদিক গ্ৰেপ্তাৰ কৰাৰ ঘটনাত নিন্দা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু