--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাশ্মীৰত শেহতীয়াকৈ সংঘটিত হৈছে সাংবাদিক নিগ্ৰহৰ এক ঘটনা৷ জম্মু আৰু কাশ্মীৰ আদালতে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা৷ কাশ্মীৰৰ এখন আদালতে জ্যেষ্ঠ সাংবাদিক গৌহাৰ গিলানিৰ বাবে গ্ৰেপ্তাৰৰ নিৰ্দেশ জাৰি কৰিছিল আৰু আৰক্ষীক তেওঁক আদালতত হাজিৰ কৰোৱাবলৈ নিৰ্দেশ দিছিল৷ সাংবাদিকজনে এই মাহৰ আৰম্ভণিতে চমন লাভ কৰাৰ পাছতো আদালতত হাজিৰ হ’বলৈ নোহোৱাত কাৰ্যবাহী দণ্ডাধীশৰ দ্বাৰা শেহতীয়াকৈ আদেশসমূহ প্ৰদান কৰা হৈছে৷ উল্লেখযোগ্য যে, দক্ষিণ কাশ্মীৰৰ আম্শিপোৰা শ্বপিয়ানত সংঘটিত উগ্ৰপন্থী আক্ৰমণত আহত এজন আৰক্ষীৰ জীৱন বিপদাপন্ন হ’ব পৰা তথ্য ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ বাবে আদালতে আৰক্ষীৰ অভিযোগ পোৱাৰ পাছত ৩ ফেব্ৰুৱাৰীত গিলানীক তলব কৰিছিল। যোৱা দুমাহত কাশ্মীৰত আৰক্ষীয়ে দুজন সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। ৪ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল ফাহাদ শ্বাহক, আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে পুলৱামা আৰক্ষী থানাত ৰুজু কৰিছিল। শ্বাহে ‘কাশ্মীৰীৱালা’ নামেৰে এটা নিউজ প’ৰ্টেল চলায়৷ গ্ৰেপ্তাৰ হোৱাৰ পিছতে, আৰক্ষীয়ে কৈছিল যে যোৱা চাৰি বছৰত তেওঁৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু কৰা হৈছিল। আন এগৰাকী সাংবাদিক ছাজ্জাদ গুলক জানুৱাৰী মাহত আৰক্ষীয়ে হাজিনৰ পৰা গ্ৰেপ্তাৰ কৰে, যেতিয়া তেওঁ নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হোৱা লস্কৰ-ই-তৈবা উগ্ৰপন্থীৰ পৰিয়ালৰ এটা প্ৰতিবাদী ভিডিঅ’ প্ৰচাৰ কৰিছিল। পৰৱৰ্তী সময়ত গুলৰ বিৰুদ্ধে পিএছএৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। কেইবাটাও সাংবাদিক সংস্থা আৰু মূলসুঁতিৰ ৰাজনৈতিক দলৰ নেতাসকলে কাশ্মীৰত সাংবাদিক গ্ৰেপ্তাৰ কৰাৰ ঘটনাত নিন্দা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু