--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ‘কা’ বিৰোধী প্ৰতিবাদকাৰীসকললৈ প্ৰেৰণ কৰা জাননী প্ৰত্যাহাৰ কৰিছে৷ উত্তৰ প্ৰদেশ চৰকাৰে ‘কা’ আন্দোলনৰ সময়ত হোৱা ক্ষতিপূৰণ হিচাপে প্ৰতিবাদকাৰীসকলৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল৷ কিন্তু, উচ্চতম ন্যায়ালয়ৰ এক শেহতীয়া নিৰ্দেশনাৰ পাছত ৰাজ্য চৰকাৰখনে তেওঁলোকৰ পৰিকল্পনা বাতিল কৰিছে৷ বিগত ১১ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰখনৰ আদেশক সমালোচনা কৰাৰ কেইদিনমান পাছতে সেই আদেশ বাতিল কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰ তৎপৰ হৈ পৰিছে৷ উত্তৰ প্ৰদেশ চৰকাৰে ‘কা’ বিৰুদ্ধে ২০১৯ৰ ডিচেম্বৰত হোৱা প্ৰতিবাদত জড়িত লোকসকলৰ সম্পত্তি জব্দ কৰিবলৈ এক নিৰ্দেশ জাৰি কৰিছিল। অতিৰিক্ত জিলা দণ্ডাধীশে (এডিএম) ক্ষতিপূৰণ উদ্ধাৰৰ বাবে ২৭৪খন জাননী জাৰি কৰিছিল। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু সূৰ্য কান্তৰ বিচাৰপীঠে উত্তৰ প্ৰদেশ চৰকাৰক টানি আনি কয় যে, প্ৰশাসনে অভিযোগকাৰী, ন্যায়াধীশ আৰু অভিযোজকৰ দৰে কাম কৰিছে৷ আৰু লগতে কয় যে, প্ৰক্ৰিয়াবোৰ প্ৰত্যাহাৰ কৰক নতুবা এই আদালতে নিৰ্ধাৰণ কৰা আইন উলংঘা কৰাৰ বাবে আমি ইয়াক বাতিল কৰিম। উচ্চতম ন্যায়ালয়ে কয় যে, ২০১৯ৰ ডিচেম্বৰত ‘কা’ বিৰোধী প্ৰতিবাদৰ সময়ত ৰাজহুৱা সম্পত্তিৰ ক্ষতিপূৰণ পৰিশোধ কৰাৰ বাবে পুনৰুদ্ধাৰ জাননীৰ সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰৰ কাৰ্যক্ৰম উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা আইনৰ বিপৰীত৷   উত্তৰ প্ৰদেশত ‘কা’ বিৰোধী প্ৰতিবাদৰ সময়ত ৰাজহুৱা সম্পত্তিৰ ক্ষতিৰ ফলত হোৱা লোকচান পুনৰুদ্ধাৰৰ বাবে অভিযুক্ত প্ৰতিবাদকাৰীসকললৈ প্ৰেৰণ কৰা জাননী বাতিল কৰিবলৈ জনৈক পাৰৱাইজ আৰিফ টিটুৱে দাখিল কৰা আৱেদনৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই পৰ্যবেক্ষণ কৰিছিল। ১১ ফেব্ৰুৱাৰীত বিষয়টোৰ শুনানিৰ সময়ত ন্যায়াধীশ চন্দ্ৰচূড়ে কয়, আমি আন কাৰ্যক্ৰমৰ সৈতে সম্পৰ্কিত নহয়। আমি কেৱল ২০১৯ৰ ডিচেম্বৰৰ ‘কা’ বিৰোধী প্ৰতিবাদৰ সময়ত প্ৰেৰণ কৰা জাননীবোৰৰ সৈতেহে চিন্তিত৷ আৱেদনকাৰীয়ে দাবী কৰিছিল যে, জাননীসমূহ স্বেচ্ছাচাৰীভাৱে প্ৰেৰণ কৰা হৈছিল। আৱেদনখনত কোৱা হৈছিল যে, এজন ৯৪ বছৰীয়া ব্যক্তিলৈ জাননী প্ৰেৰণ কৰা হৈছিল, যি ছয় বছৰ আগতে মৃত্যুবৰণ কৰিছিল আৰু আন কেইবাজনো লোকলৈ প্ৰেৰণ কৰা হৈছিল, যাৰ ভিতৰত আছে ৯০ বছৰৰ অধিক বয়সৰ দুজন লোক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু