--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় জনতা পাৰ্টীয়ে বৃহস্পতিবাৰে দলটোৰ সমূহ লোকসভা সাংসদক সংসদৰ বিশেষ অধিৱেশনৰ বাবে ১৮ৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত সদনত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে৷ বিজেপিয়ে সদৰী কৰা তথ্য অনুসৰি, দলটোৱে সাংসদসকলক আলোচিতব্য গুৰুত্বপূৰ্ণ আইনী বিষয় সম্পৰ্কে আলোচনা কৰিবলৈ আৰু চৰকাৰৰ স্থিতিক সমৰ্থন কৰিবলৈ উপস্থিত থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে৷

বুধবাৰে চৰকাৰে ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ পাঁচদিনীয়া অধিৱেশনৰ প্ৰথম দিনা সংবিধান সভাৰ পৰা আৰম্ভ কৰি সংসদৰ ৭৫ বছৰীয়া যাত্ৰা সন্দৰ্ভত এক বিশেষ আলোচনা তালিকাভুক্ত কৰে। অধিৱেশনৰ সময়ত চৰকাৰে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ বাবে বিধেয়কখন বিবেচনা আৰু গৃহীত কৰাৰ বাবেও তালিকাভুক্ত কৰে।

বিগত বৰ্ষাকালীন অধিৱেশনৰ সময়ত বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰা হৈছিল৷ অধিৱেশনখনত সংসদৰ কাৰ্যক্ৰম পুৰণি ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ যোৱাৰ সম্ভাৱনা আছে।

লোকসভাৰ বাবে তালিকাভুক্ত আন বিষযসমূহৰ ভিতৰত আছে ‘অধিবক্তা (সংশোধনী) বিধেয়ক, ২০২৩’ আৰু ‘দ্য প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অব্ পিৰিয়ডিকেলচ বিধেয়ক, ২০২৩’ ইতিমধ্যে ৩ আগষ্টত ৰাজ্যসভাত গৃহীত হৈছে।
ইয়াৰ উপৰি ‘ডাকঘৰ বিধেয়ক, ২০২৩’ লোকসভাৰ কাৰ্যক্ৰমৰ বাবে তালিকাভুক্ত কৰা হৈছে৷ বিধেয়কখন পূৰ্বে ২০২৩ চনৰ ১০ আগষ্টত ৰাজ্যসভাত উত্থাপন কৰা হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement