--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় জনতা পাৰ্টীয়ে বৃহস্পতিবাৰে দলটোৰ সমূহ লোকসভা সাংসদক সংসদৰ বিশেষ অধিৱেশনৰ বাবে ১৮ৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত সদনত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে৷ বিজেপিয়ে সদৰী কৰা তথ্য অনুসৰি, দলটোৱে সাংসদসকলক আলোচিতব্য গুৰুত্বপূৰ্ণ আইনী বিষয় সম্পৰ্কে আলোচনা কৰিবলৈ আৰু চৰকাৰৰ স্থিতিক সমৰ্থন কৰিবলৈ উপস্থিত থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে৷

বুধবাৰে চৰকাৰে ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ পাঁচদিনীয়া অধিৱেশনৰ প্ৰথম দিনা সংবিধান সভাৰ পৰা আৰম্ভ কৰি সংসদৰ ৭৫ বছৰীয়া যাত্ৰা সন্দৰ্ভত এক বিশেষ আলোচনা তালিকাভুক্ত কৰে। অধিৱেশনৰ সময়ত চৰকাৰে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ বাবে বিধেয়কখন বিবেচনা আৰু গৃহীত কৰাৰ বাবেও তালিকাভুক্ত কৰে।

বিগত বৰ্ষাকালীন অধিৱেশনৰ সময়ত বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰা হৈছিল৷ অধিৱেশনখনত সংসদৰ কাৰ্যক্ৰম পুৰণি ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ যোৱাৰ সম্ভাৱনা আছে।

লোকসভাৰ বাবে তালিকাভুক্ত আন বিষযসমূহৰ ভিতৰত আছে ‘অধিবক্তা (সংশোধনী) বিধেয়ক, ২০২৩’ আৰু ‘দ্য প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অব্ পিৰিয়ডিকেলচ বিধেয়ক, ২০২৩’ ইতিমধ্যে ৩ আগষ্টত ৰাজ্যসভাত গৃহীত হৈছে।
ইয়াৰ উপৰি ‘ডাকঘৰ বিধেয়ক, ২০২৩’ লোকসভাৰ কাৰ্যক্ৰমৰ বাবে তালিকাভুক্ত কৰা হৈছে৷ বিধেয়কখন পূৰ্বে ২০২৩ চনৰ ১০ আগষ্টত ৰাজ্যসভাত উত্থাপন কৰা হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত