--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মন্ত্ৰমুগ্ধ কৰি যোৱা এখন স্থিৰচিত্ৰ৷গণতন্ত্ৰৰ মন্দিৰস্বৰূপ সংসদ ভৱনৰ এক দৃষ্টিনন্দন আলোকচিত্ৰই আকৰ্ষিত কৰিছে সকলোৰে দৃষ্টি৷সেই ছবিখন বহুতৰ বাবে হৈ পৰিছে আলোচনা আৰু কৌতূহলৰ কেন্দ্ৰবিন্দু৷মঙলবাৰে সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আগবাঢ়ি আহি আগশাৰীত বহি থকা কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীক সম্ভাষণ জনায়।তদুপৰি সিন্ধিয়াই কিছু সময় থিয় হৈ ছোনিয়া গান্ধী আৰু তেওঁৰ কাষত বহি থকা লোকসভাৰ কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ সৈতে বাৰ্তালাপ কৰে৷

লোকসভা আৰু ৰাজ্যসভাৰ অন্তিমখন অধিৱেশনৰ স্মৃতিত কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এই সভাহআয়োজন কৰাৰ লগতে পুৰণি সংসদ ভৱনৰ পৰা আনুষ্ঠানিকভাৱে ওলাই অহাৰ উপলক্ষেও এই আয়োজন কৰা হয়।ছোনিয়া গান্ধীক সাক্ষাতৰ অলপ পাছত সিন্ধিয়াই গৈ আন এটা শাৰীৰ সন্মুখৰ চিটত বহিল। অৱশ্যে কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতে অধীৰ ৰঞ্জন চৌধুৰী আৰু ছোনিয়া গান্ধীৰ সৈতে বহি থকা কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গে মঞ্চলৈ উঠি যায়।লগে লগে সিন্ধিয়াই নিজৰ আসনৰ পৰা উঠি আহি ছোনিয়া গান্ধীৰ আসনৰ কাষলৈ আহে৷ ইয়াৰ পাছত সমগ্ৰ কাৰ্যসূচীৰ সময়ত সিন্ধিয়াই ছোনিয়া গান্ধীৰ কাষতে সভা সমাপ্তিলৈকে বহি থাকে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক