--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মন্ত্ৰমুগ্ধ কৰি যোৱা এখন স্থিৰচিত্ৰ৷গণতন্ত্ৰৰ মন্দিৰস্বৰূপ সংসদ ভৱনৰ এক দৃষ্টিনন্দন আলোকচিত্ৰই আকৰ্ষিত কৰিছে সকলোৰে দৃষ্টি৷সেই ছবিখন বহুতৰ বাবে হৈ পৰিছে আলোচনা আৰু কৌতূহলৰ কেন্দ্ৰবিন্দু৷মঙলবাৰে সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আগবাঢ়ি আহি আগশাৰীত বহি থকা কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীক সম্ভাষণ জনায়।তদুপৰি সিন্ধিয়াই কিছু সময় থিয় হৈ ছোনিয়া গান্ধী আৰু তেওঁৰ কাষত বহি থকা লোকসভাৰ কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ সৈতে বাৰ্তালাপ কৰে৷

লোকসভা আৰু ৰাজ্যসভাৰ অন্তিমখন অধিৱেশনৰ স্মৃতিত কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এই সভাহআয়োজন কৰাৰ লগতে পুৰণি সংসদ ভৱনৰ পৰা আনুষ্ঠানিকভাৱে ওলাই অহাৰ উপলক্ষেও এই আয়োজন কৰা হয়।ছোনিয়া গান্ধীক সাক্ষাতৰ অলপ পাছত সিন্ধিয়াই গৈ আন এটা শাৰীৰ সন্মুখৰ চিটত বহিল। অৱশ্যে কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতে অধীৰ ৰঞ্জন চৌধুৰী আৰু ছোনিয়া গান্ধীৰ সৈতে বহি থকা কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গে মঞ্চলৈ উঠি যায়।লগে লগে সিন্ধিয়াই নিজৰ আসনৰ পৰা উঠি আহি ছোনিয়া গান্ধীৰ আসনৰ কাষলৈ আহে৷ ইয়াৰ পাছত সমগ্ৰ কাৰ্যসূচীৰ সময়ত সিন্ধিয়াই ছোনিয়া গান্ধীৰ কাষতে সভা সমাপ্তিলৈকে বহি থাকে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু