--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হাইড্ৰজেনচালিত এখন বাহন৷ বাহনখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে৷ পিছে এই বাহনখনৰ গৰাকী হৈছে কেন্দ্ৰীয় পৰিবহণমন্ত্ৰী নীতিন গাডকাৰী ৷ বুধবাৰে বিকল্প ইন্ধনৰ এগৰাকী উৎসাহী প্ৰশংসক হিচাপে চিহ্নিত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে তেওঁ শেহতীয়াকৈ ক্ৰয় কৰা হাইড্ৰ’জেনচালিত গাড়ীখনত সংসদত উপস্থিত হয়। যাৰফলত সংসদত উপস্থিত থকা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় মন্ত্ৰীগৰাকী৷ উল্লেখ্য যে, জানুৱাৰীত মন্ত্ৰীগৰাকীয়ে কৈছিল যে তেওঁক দিল্লীৰ ৰাস্তাত এখন বিশেষ গাড়ীৰ দেখা যাব৷ যিখন দেখি মানুহে হাইড্ৰজেন ইন্ধন ব্যৱহাৰ কৰিবলৈ উৎসাহিত হ'ব আৰু যি ভৱিষ্যতৰ মুখ্য ইন্ধন হিচাপে ইয়াকেই নিৰ্বাচন কৰাৰ বাবে উৎসাহিত হ’ব। জানিব পৰা মতে, গাড়ীখন জাপানৰ টয়োটা কোম্পানীৰ আৰু ইয়াত হাইড্ৰ’জেন ইন্ধন ভৰোঁৱা হৈছিল ফৰিদাবাদত তথা ইণ্ডিয়ান অইল পাম্পৰ পৰা। https://twitter.com/i/status/1504045296661065734 নীতিন গাডকাৰী য়ে পূৰ্বে তেওঁৰ সহযোগী সাংসদসকলক বৈদ্যুতিক বাহন ব্যৱহাৰৰ আহ্বান জনাইছিল আৰু কৈছিল যে, যদি আপুনি এতিয়া ইন্ধনৰ বাবে ১০০ টকা খৰচ কৰি আছে, আপুনি বৈদ্যুতিক বাহন ব্যৱহাৰ কৰিলে ১০টকাহে খৰচ কৰিব লাগিব। সংসদৰ ভিতৰতো মন্ত্ৰীগৰাকীয়ে বিকল্প ইন্ধনৰ প্ৰসংগ উল্লেখ কৰি কয় যে, সেউজীয়া ইন্ধনেহে পৃথিৱীখন প্ৰদুষণমুক্ত কৰি ৰাখিব৷ লগতে তেওঁ কয় যে, অহা দুবছৰত বৈদ্যুতিক বাহনৰ মূল্য হ্ৰাস কৰিব সেউজীয়া ইন্ধনে৷ যাৰ ফলত ইয়াৰ মূল্য পেট্ৰ'ল চালিত বাহনৰ সমান হ'ব। বিকল্প ইন্ধনে ৰাজধানী দিল্লীৰ প্ৰদূষণৰ মাত্ৰাও হ্ৰাস কৰিব বুলি মন্ত্ৰীজনে উল্লেখ কৰে৷ গাডকাৰীয়ে লগতে কয় যে, 'মই ক'ব পাৰোঁ যে সৰ্বাধিক দুবছৰৰ ভিতৰত, বৈদ্যুতিক স্কুটাৰ, গাড়ী, অটোৰিক্সাৰ দাম পেট্ৰ'লচালিত স্কুটাৰ, গাড়ী, অটোৰিক্সাৰ দৰে একে হ'ব। লিথিয়াম-আয়ন বেটাৰীৰ মূল্য হ্ৰাস পাইছে। আমি জিংক-আয়ন, এলুমিনিয়াম-আয়ন, ছ’ডিয়াম-আয়ন বেটাৰিৰ এই ৰসায়ন বিকাশ কৰি আছোঁ। যদি পেট্ৰ'ল, আপুনি টকা খৰচ কৰে, তেন্তে বৈদ্যুতিক বাহনত আপুনি মাত্ৰ ১০টকা হে ব্যয়তে ব্যৱহাৰ কৰিব পাৰিব৷'

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু