--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হাইড্ৰজেনচালিত এখন বাহন৷ বাহনখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে৷ পিছে এই বাহনখনৰ গৰাকী হৈছে কেন্দ্ৰীয় পৰিবহণমন্ত্ৰী নীতিন গাডকাৰী ৷ বুধবাৰে বিকল্প ইন্ধনৰ এগৰাকী উৎসাহী প্ৰশংসক হিচাপে চিহ্নিত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে তেওঁ শেহতীয়াকৈ ক্ৰয় কৰা হাইড্ৰ’জেনচালিত গাড়ীখনত সংসদত উপস্থিত হয়। যাৰফলত সংসদত উপস্থিত থকা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় মন্ত্ৰীগৰাকী৷ উল্লেখ্য যে, জানুৱাৰীত মন্ত্ৰীগৰাকীয়ে কৈছিল যে তেওঁক দিল্লীৰ ৰাস্তাত এখন বিশেষ গাড়ীৰ দেখা যাব৷ যিখন দেখি মানুহে হাইড্ৰজেন ইন্ধন ব্যৱহাৰ কৰিবলৈ উৎসাহিত হ'ব আৰু যি ভৱিষ্যতৰ মুখ্য ইন্ধন হিচাপে ইয়াকেই নিৰ্বাচন কৰাৰ বাবে উৎসাহিত হ’ব। জানিব পৰা মতে, গাড়ীখন জাপানৰ টয়োটা কোম্পানীৰ আৰু ইয়াত হাইড্ৰ’জেন ইন্ধন ভৰোঁৱা হৈছিল ফৰিদাবাদত তথা ইণ্ডিয়ান অইল পাম্পৰ পৰা। https://twitter.com/i/status/1504045296661065734 নীতিন গাডকাৰী য়ে পূৰ্বে তেওঁৰ সহযোগী সাংসদসকলক বৈদ্যুতিক বাহন ব্যৱহাৰৰ আহ্বান জনাইছিল আৰু কৈছিল যে, যদি আপুনি এতিয়া ইন্ধনৰ বাবে ১০০ টকা খৰচ কৰি আছে, আপুনি বৈদ্যুতিক বাহন ব্যৱহাৰ কৰিলে ১০টকাহে খৰচ কৰিব লাগিব। সংসদৰ ভিতৰতো মন্ত্ৰীগৰাকীয়ে বিকল্প ইন্ধনৰ প্ৰসংগ উল্লেখ কৰি কয় যে, সেউজীয়া ইন্ধনেহে পৃথিৱীখন প্ৰদুষণমুক্ত কৰি ৰাখিব৷ লগতে তেওঁ কয় যে, অহা দুবছৰত বৈদ্যুতিক বাহনৰ মূল্য হ্ৰাস কৰিব সেউজীয়া ইন্ধনে৷ যাৰ ফলত ইয়াৰ মূল্য পেট্ৰ'ল চালিত বাহনৰ সমান হ'ব। বিকল্প ইন্ধনে ৰাজধানী দিল্লীৰ প্ৰদূষণৰ মাত্ৰাও হ্ৰাস কৰিব বুলি মন্ত্ৰীজনে উল্লেখ কৰে৷ গাডকাৰীয়ে লগতে কয় যে, 'মই ক'ব পাৰোঁ যে সৰ্বাধিক দুবছৰৰ ভিতৰত, বৈদ্যুতিক স্কুটাৰ, গাড়ী, অটোৰিক্সাৰ দাম পেট্ৰ'লচালিত স্কুটাৰ, গাড়ী, অটোৰিক্সাৰ দৰে একে হ'ব। লিথিয়াম-আয়ন বেটাৰীৰ মূল্য হ্ৰাস পাইছে। আমি জিংক-আয়ন, এলুমিনিয়াম-আয়ন, ছ’ডিয়াম-আয়ন বেটাৰিৰ এই ৰসায়ন বিকাশ কৰি আছোঁ। যদি পেট্ৰ'ল, আপুনি টকা খৰচ কৰে, তেন্তে বৈদ্যুতিক বাহনত আপুনি মাত্ৰ ১০টকা হে ব্যয়তে ব্যৱহাৰ কৰিব পাৰিব৷'

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ