--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেখাত এনে লাগে যেন তেওঁলোকৰ বাবে কংগ্ৰছতকৈ অস্পৃশ্য আন একোৱেই নাই। কথাই প্ৰতি কংগ্ৰেছৰ প্ৰতি বিষোদগাৰ তেওঁলোকৰ সহজাত অভ্যাসত পৰিণত হৈছে। প্ৰতিটো কথাতে কংগ্ৰেছক দোষাৰোপ কৰা তথা কংগ্ৰেছৰ বাবেই দেশৰ সকলো দুৰৱস্থাৰ হোৱা বুলি দাবী কৰি অহা হৈছে। কিন্তু বাস্তৱিক ক্ষেত্ৰত কংগ্ৰেছক বাদ দি তেওঁলোকে যেন চলাৰ কথা ভাবিবই নোৱাৰে। ৰাজনৈতিক আকাংক্ষা পূৰণৰ যুঁজখনত কংগ্ৰেছীৰ সহায়-সাৰথি তেওঁলোকৰ বাবে হৈ পৰে দিশ নিৰ্ণায়ক। ক’ব বিচৰা হৈছে অসম বিজেপিৰ কথা। ৰাষ্ট্ৰীয় ক্ষেত্ৰখনতো বিজেপিৰ ভিতৰচ’ৰাত কংগ্ৰেছীৰ সংখ্যা কম নহয় যদিও কংগ্ৰেছৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল অৱস্থা এটা হোৱা নাই। কিন্তু জ্যোতিৰাদিত্য সিন্ধিয়াৰ পৰা জিতিন প্ৰসাদলৈ বিজেপিলৈ ইজনৰ পাছত সিজন নেতাৰ সোঁত বৈয়েই আছে। কিন্তু অসমত সকলো চেৰাই গৈ বিজেপিয়ে নিজৰ ভেটি ধৰি ৰাখিবলৈ একপ্ৰকাৰ কংগ্ৰেছীৰে কান্ধ বিচাৰিবলগীয়া হৈ থকাৰ উদাহৰণ দেখা যায়। কিদৰে বিজেপিয়ে অস্পৃশ্য গণ্য কৰা বিজেপিক কংগ্ৰেছীয়েহে নেতৃত্ব দি আছে সেই কথাৰ প্ৰমাণ বিচাৰি বেছি দূৰলৈ ডিঙি মেলিবলগীয়া নহয়। অসমত বিজেপিৰ ক্ষমতা দখলৰ যুঁজখনত নেতৃত্ব দিয়াসকলৰ ভিতৰত আছিল এতিয়াৰ মুখ্যমন্ত্ৰী তথা এসময়ৰ কংগ্ৰেছৰ অন্যতম চালিকা শক্তি হিমন্ত বিশ্ব শৰ্মা আছিল অন্যতম। হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহাটো অসমৰ ৰাজনীতিৰ বাবে আছিল এটা চমৎকাৰ পৰিঘটনা সদৃশ। এই কথাৰ পূৰ্বানুমান কৰাটোও আছিল বহুতৰে বাবে এটা অসম্ভৱ। হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও প্ৰভাৱশালী কংগ্ৰেছ নেতাই সেই সময়তে যোগদান কৰিছিল বিজেপিত। সেই ধাৰাবাহিকতা অব্যাহত আছে আজিলৈতে। অৰ্থাৎ সুশান্ত, ৰূপজ্যোতি, শশীকান্তলৈকে। এই কথাই বাৰু কিহৰ ইংগিত দিছে? বিজেপিয়ে নীতি-আদৰ্শৰ দোহাই দি, লক্ষ্য-উদ্দেশ্যৰ দোহাই দি অস্পৃশ্য বুলি গন্য কৰি অহা কংগ্ৰেছৰ নেতা-কৰ্মী নহ’লে অসম বিজেপি অচল নেকি? শেহতীয়াকৈ ৰাজ্যসভা নিৰ্বাচনক লৈ শাসকীয় দলৰ যি তৎপৰতা দেখিবলৈ পোৱা গৈছে সেই তৎপৰতাৰ কেন্দ্ৰতো পিছে আছে কংগ্ৰেছৰ কেইগৰাকীমান নেতাই। কংগ্ৰেছৰ বিসম্বাদী বা কংগ্ৰেছত নিৰাপত্তা বিচাৰি নোপোৱা কেইগৰাকীমান নেতাক লক্ষ্য কৰি লৈয়েই বিজেপিয়ে ৰাজ্যসভাৰ দুয়োখন আসন দখল কৰাৰ দাবী কৰি আহিছে। দুয়োখন আসন দখল কৰিবলৈ জনবল যে বিজেপিৰ নাই সেইকথা এতিয়া স্পষ্ট হৈ পৰিছে। যাৰ ফলত নীতি-আদৰ্শৰ ফালৰ পৰা অস্পৃশ্য গন্য কৰা কংগ্ৰেছৰ বিধায়কক টানি-আঁজুৰি হ’লেও নিজৰ লক্ষ্য পূৰণৰ চেষ্টা কৰিছে শাসকীয় দলে। তাৎপৰ্যপূৰ্ণভাৱে এই প্ৰক্ৰিয়াত অৰিহনা যোগাইছে এসময়ৰ কংগ্ৰেছৰ চালিকা শক্তি আৰু এতিয়া অসম বিজেপিৰো মূল গুৰি ধৰোঁতা হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছ অস্পৃশ্য কিন্তু ক্ষমতা দখলৰ যুঁজত কংগ্ৰেছীসকল অপৰিহাৰ্য, এই নীতিকে লৈ এতিয়া যেন পৰিচালিত হৈছে অসম প্ৰদেশ বিজেপি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ