--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত অনধিকাৰ প্ৰৱেশত গ্ৰেপ্তাৰ হোৱা ৬ অভিযুক্তক বুধবাৰে দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টত ন্যায়াধীশ হৰদীপ কৌৰৰ সন্মুখত হাজিৰ কৰে। শুনানিৰ সময়ত ৫জন অভিযুক্তই দিল্লী আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

অভিযুক্তসকলে কয় যে দিল্লী আৰক্ষীয়ে আমাক বিৰোধী দলৰ সৈতে সম্পৰ্ক থকাৰ কথা মানি ল’বলৈ হেঁচা প্ৰয়োগ কৰিছে। আমাক হাৰাশাস্তি কৰা হৈছে। আমাক বলপূৰ্বকভাৱে ৭০খন সাধাৰণ কাগজত চহী কৰাই দিয়া হৈছিল আৰু ইলেকট্ৰিক শ্ব’কো দিয়া হৈছিল।

ন্যায়াধীশ হৰদীপ কৌৰে আটাইকেইজন অভিযুক্ত মনোৰঞ্জন ডি, সাগৰ শৰ্মা, ললিত ঝা, আমোল সিন্দে, মহেশ কুমাৱত আৰু নীলম আজাদৰ ন্যায়িক জিম্মা ১ মাৰ্চলৈ বৃদ্ধি কৰি দিল্লী আৰক্ষীৰ পৰা অভিযোগৰ উত্তৰ বিচাৰিছে। ১৭ ফেব্ৰুৱাৰীত এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব।

সংসদৰ নিৰাপত্তা বেহু ভংগ কৰা ঘটনা পোহৰলৈ অহাৰ পাছত সংসদ ভৱন কমপ্লেক্সত দৰ্শনাৰ্থীৰ প্ৰৱেশৰ বাবে এক নতুন ব্যৱস্থা গঢ়ি তোলা হৈছে। এই পৰিৱৰ্তনসমূহ ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিবেশনৰ পৰা কাৰ্যকৰী হ’ব। এই প্ৰক্ৰিয়া তিনিটা পৰ্যায়ত হ’ব। ইয়াৰ অধীনত সংসদৰ কাম-কাজ চাবলৈ অতিথিয়ে এটা QR ক’ড ল’ব লাগিব।

সংসদলৈ অহাৰ সময়ত দৰ্শকে QR ক’ড আৰু আধাৰ কাৰ্ডৰ প্ৰিন্ট আউট আনিব লাগিব। ইয়াৰ পাছত তেওঁক স্মাৰ্ট কাৰ্ড দিয়া হ’ব। টেপ আৰু বায়’মেট্ৰিক চেক কৰিহে তেওঁ সংসদত প্ৰৱেশ কৰিব পাৰিব।

সংসদলৈ যোৱাৰ সময়ত তেওঁ নিজৰ স্মাৰ্ট কাৰ্ড জমা দিব লাগিব, যদি তেওঁ তেনে নকৰে তেন্তে তেওঁক স্বয়ংক্ৰিয়ভাৱে ব্লক কৰি ব্লেকলিষ্ট কৰা হ’ব। তেতিয়া তেওঁ আৰু কেতিয়াও সংসদ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব।সংসদৰ নিৰাপত্তাৰ বাবে চি আই এছ এফ মোতায়েন কৰাৰ বিপৰীতে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীক সংসদ ভৱনৰ নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে। এতিয়া সংসদৰ কাৰ্যসূচী চাবলৈ অহা দৰ্শকক ১৪০ জন চিআইএছএফৰ এটা দলে তালাচী চলাব। ২২ জানুৱাৰীৰ পৰা সংসদ কমপ্লেক্সত মুঠ ১৪০ জন চিআইএছএফ জোৱানে স্থান দখল কৰিছে। সংসদ ভৱনৰ অগ্নিকাণ্ডৰ সুৰক্ষাও চোৱাচিতা কৰিব চিআইএছএফে।

সংসদ ভৱনলৈ অহা দৰ্শনাৰ্থী আৰু তেওঁলোকৰ লাগেজ এক্স-ৰে মেচিন আৰু হেণ্ডহেল্ড ডিটেক্টৰৰ জৰিয়তে চিআইএছএফে পৰীক্ষা কৰিব। আনকি জোতাবোৰো স্কেন কৰা হ’ব। গধুৰ জেকেট আৰু বেল্টটো ট্ৰে এখনত ৰাখি এক্স-ৰে স্ক্যানাৰৰ মাজেৰে পাৰ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক