--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে গৃহ নিৰ্মাণৰ আঁচনি ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বৃহস্পতিবাৰে বাজেট ভাষণৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ লোকে নিজৰ বাবে ঘৰ নিৰ্মাণ বা কিনিব পৰাকৈ এক আঁচনি উলিয়াই আনিব। নিৰ্বাচনৰ পূৰ্বৰ এই অন্তৱৰ্তীকালীন বাজেটত বিত্তমন্ত্ৰীয়ে মধ্যবিত্ত শ্ৰেণীক আকৰ্ষণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। এই প্ৰগতিৰ যাত্ৰাত সকলোকে অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ৭০ শতাংশ ঘৰ মহিলাক দিয়া হৈছে। ৩৮ লাখ কৃষকে লাভৱান হৈছে পি এম সম্পদ আঁচনিৰ জৰিয়তে। ৯ বছৰৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালীৰ বাবে ছাৰ্ভাইকেল কেন্সাৰ ভেকচিন আৰু লাখপতি দিদি আঁচনিৰ কথাও উল্লেখ কৰে। আয়ুষ্মান ভাৰতৰ সুবিধাসমূহ সকলো আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মীক দিয়া হ'ব। মধ্যবিত্ত শ্ৰেণীৰ বাবে হাউছিং প্লেন আৰু ১ কোটি ঘৰত সৌৰ পেনেল প্ৰদানৰ চৰকাৰৰ আঁচনিক গেম চেঞ্জাৰ বুলি অভিহিত কৰে।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ৰাইজৰ প্ৰয়োজন পূৰণৰ বাবে অৰ্থনৈতিক নীতি ৰচনা কৰিব। ৰাজ্যসমূহৰ সৈতে মিলি অৰ্থনৈতিক নীতি ৰূপায়ণৰ কাম কৰিব। বিত্তমন্ত্ৰীয়ে কয় যে চৰকাৰে ৩ কোটি ঘৰ নিৰ্মাণৰ লক্ষ্যত উপনীত হৈছে। অহা ৫ বছৰত আৰু ২ কোটি ঘৰ নিৰ্মাণ হ’ব।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ছাদৰ ওপৰৰ সৌৰ ব্যৱস্থাৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণী উপকৃত হ’ব। এই আঁচনিৰ অধীনত এক কোটি ঘৰৰ ছাদত ছ’লাৰ পেনেল স্থাপন কৰা হ’ব। ইয়াৰ দ্বাৰা প্ৰতিমাহে প্ৰায় ৩০০ ইউনিট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব। এই আঁচনিৰ জৰিয়তে মানুহে বছৰি প্ৰায় ১৫ৰ পৰা ১৮ হাজাৰ টকা ৰাহি কৰিব। ইয়াৰ উপৰিও বিত্তমন্ত্ৰীয়ে অতিৰিক্ত চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয়ৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰাৰ লগতে উত্তৰ-পূব ভাৰতৰ উন্নয়নৰ প্ৰতি সৰ্বাধিক গুৰুত্ব দিয়াৰ কথা ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু