--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে গৃহ নিৰ্মাণৰ আঁচনি ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বৃহস্পতিবাৰে বাজেট ভাষণৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ লোকে নিজৰ বাবে ঘৰ নিৰ্মাণ বা কিনিব পৰাকৈ এক আঁচনি উলিয়াই আনিব। নিৰ্বাচনৰ পূৰ্বৰ এই অন্তৱৰ্তীকালীন বাজেটত বিত্তমন্ত্ৰীয়ে মধ্যবিত্ত শ্ৰেণীক আকৰ্ষণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। এই প্ৰগতিৰ যাত্ৰাত সকলোকে অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ৭০ শতাংশ ঘৰ মহিলাক দিয়া হৈছে। ৩৮ লাখ কৃষকে লাভৱান হৈছে পি এম সম্পদ আঁচনিৰ জৰিয়তে। ৯ বছৰৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালীৰ বাবে ছাৰ্ভাইকেল কেন্সাৰ ভেকচিন আৰু লাখপতি দিদি আঁচনিৰ কথাও উল্লেখ কৰে। আয়ুষ্মান ভাৰতৰ সুবিধাসমূহ সকলো আশাকৰ্মী আৰু অংগনবাড়ী কৰ্মীক দিয়া হ'ব। মধ্যবিত্ত শ্ৰেণীৰ বাবে হাউছিং প্লেন আৰু ১ কোটি ঘৰত সৌৰ পেনেল প্ৰদানৰ চৰকাৰৰ আঁচনিক গেম চেঞ্জাৰ বুলি অভিহিত কৰে।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ৰাইজৰ প্ৰয়োজন পূৰণৰ বাবে অৰ্থনৈতিক নীতি ৰচনা কৰিব। ৰাজ্যসমূহৰ সৈতে মিলি অৰ্থনৈতিক নীতি ৰূপায়ণৰ কাম কৰিব। বিত্তমন্ত্ৰীয়ে কয় যে চৰকাৰে ৩ কোটি ঘৰ নিৰ্মাণৰ লক্ষ্যত উপনীত হৈছে। অহা ৫ বছৰত আৰু ২ কোটি ঘৰ নিৰ্মাণ হ’ব।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ছাদৰ ওপৰৰ সৌৰ ব্যৱস্থাৰ জৰিয়তে মধ্যবিত্ত শ্ৰেণী উপকৃত হ’ব। এই আঁচনিৰ অধীনত এক কোটি ঘৰৰ ছাদত ছ’লাৰ পেনেল স্থাপন কৰা হ’ব। ইয়াৰ দ্বাৰা প্ৰতিমাহে প্ৰায় ৩০০ ইউনিট বিদ্যুৎ উৎপাদন কৰিব পৰা যাব। এই আঁচনিৰ জৰিয়তে মানুহে বছৰি প্ৰায় ১৫ৰ পৰা ১৮ হাজাৰ টকা ৰাহি কৰিব। ইয়াৰ উপৰিও বিত্তমন্ত্ৰীয়ে অতিৰিক্ত চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয়ৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰাৰ লগতে উত্তৰ-পূব ভাৰতৰ উন্নয়নৰ প্ৰতি সৰ্বাধিক গুৰুত্ব দিয়াৰ কথা ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক