--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াত থকা একাংশ ভাৰতীয়ৰ জীৱনৰ প্ৰতি আহিছে ভাবুকি৷ বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে ৰাছিয়াত এতিয়াও ২০ জন ভাৰতীয় আবদ্ধ হৈ আছে আৰু তেওঁলোকক যুদ্ধক্ষেত্ৰৰ পৰা ঘূৰাই অনাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে চৰকাৰে ভাৰত আৰু ৰাছিয়া উভয় পক্ষৰ বিষয়াৰ সৈতে যোগাযোগত আছে। তথ্য অনুসৰি বহু ভাৰতীয়ই ভাল চাকৰি পোৱাৰ আশাত ৰাছিয়ালৈ গৈছিল যদিও উচিত কৰ্ম সংস্থাপন নাপাই ইউক্ৰেইনৰ সৈতে যুদ্ধ কৰিবলৈ বাধ্য হৈছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সংবাদ মাধ্যমৰ আগত কয় যে ৰাছিয়াৰ সেনাবাহিনীত সহায়ক কৰ্মচাৰী বা সহায়ক হিচাপে কাম কৰা প্ৰায় ২০ জন ভাৰতীয় নাগৰিকে ভাৰতীয় দূতাবাসৰ সৈতে সাহায্যৰ বাবে যোগাযোগ কৰিছে। অৱশ্যে ৰাছিয়াৰ সেনাবাহিনীৰ সৈতে কাম কৰা ভাৰতীয়ৰ মুঠ সংখ্যা কিমান সেই কথা এতিয়াও উল্লেখ কৰা হোৱা নাই।

উল্লেখ্য যে ইয়াৰ পূৰ্বে সোমবাৰেও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাছিয়াত আবদ্ধ এই ভাৰতীয়সকলৰ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছিল, য’ত কোৱা হৈছিল যে ভাৰতৰ দাবীত ৰাছিয়াই বহু ভাৰতীয়ক ৰাছিয়াৰ সেনাৰ পৰা মুকলি কৰি দিছে। সোমবাৰে জাৰি কৰা এক বিবৃতিত মন্ত্ৰালয়ে কয় যে ভাৰতে ৰাছিয়াৰ সেনাৰ পৰা ভাৰতীয় নাগৰিকক শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে ৰাছিয়াৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছে আৰু এইটো ভাৰতৰ শীৰ্ষ অগ্ৰাধিকাৰ সমূহৰ ভিতৰত অন্যতম।

ইপিনে ভাৰতত ব্ৰিটেইনৰ অধ্যাপিকা নিতাশা কৌলক প্ৰৱেশ নিদিয়াৰ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এয়া আমাৰ সাৰ্বভৌ সিদ্ধান্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী