--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াত থকা একাংশ ভাৰতীয়ৰ জীৱনৰ প্ৰতি আহিছে ভাবুকি৷ বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে ৰাছিয়াত এতিয়াও ২০ জন ভাৰতীয় আবদ্ধ হৈ আছে আৰু তেওঁলোকক যুদ্ধক্ষেত্ৰৰ পৰা ঘূৰাই অনাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে চৰকাৰে ভাৰত আৰু ৰাছিয়া উভয় পক্ষৰ বিষয়াৰ সৈতে যোগাযোগত আছে। তথ্য অনুসৰি বহু ভাৰতীয়ই ভাল চাকৰি পোৱাৰ আশাত ৰাছিয়ালৈ গৈছিল যদিও উচিত কৰ্ম সংস্থাপন নাপাই ইউক্ৰেইনৰ সৈতে যুদ্ধ কৰিবলৈ বাধ্য হৈছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সংবাদ মাধ্যমৰ আগত কয় যে ৰাছিয়াৰ সেনাবাহিনীত সহায়ক কৰ্মচাৰী বা সহায়ক হিচাপে কাম কৰা প্ৰায় ২০ জন ভাৰতীয় নাগৰিকে ভাৰতীয় দূতাবাসৰ সৈতে সাহায্যৰ বাবে যোগাযোগ কৰিছে। অৱশ্যে ৰাছিয়াৰ সেনাবাহিনীৰ সৈতে কাম কৰা ভাৰতীয়ৰ মুঠ সংখ্যা কিমান সেই কথা এতিয়াও উল্লেখ কৰা হোৱা নাই।

উল্লেখ্য যে ইয়াৰ পূৰ্বে সোমবাৰেও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাছিয়াত আবদ্ধ এই ভাৰতীয়সকলৰ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছিল, য’ত কোৱা হৈছিল যে ভাৰতৰ দাবীত ৰাছিয়াই বহু ভাৰতীয়ক ৰাছিয়াৰ সেনাৰ পৰা মুকলি কৰি দিছে। সোমবাৰে জাৰি কৰা এক বিবৃতিত মন্ত্ৰালয়ে কয় যে ভাৰতে ৰাছিয়াৰ সেনাৰ পৰা ভাৰতীয় নাগৰিকক শীঘ্ৰে মুকলি কৰি দিয়াৰ বাবে ৰাছিয়াৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছে আৰু এইটো ভাৰতৰ শীৰ্ষ অগ্ৰাধিকাৰ সমূহৰ ভিতৰত অন্যতম।

ইপিনে ভাৰতত ব্ৰিটেইনৰ অধ্যাপিকা নিতাশা কৌলক প্ৰৱেশ নিদিয়াৰ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এয়া আমাৰ সাৰ্বভৌ সিদ্ধান্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ