--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক 

শনি দেৱক  ন্যায়ৰ দেৱতা বুলি এনেই কোৱা নহয়। এজন মানুহৰ ভাল আৰু বেয়া কাৰ্য অনুসৰি  শনি দেৱতাই তেওঁক আশীষ প্ৰদান কৰে। যদি এজন ব্যক্তিয়ে বেয়া কাম কৰে, তেন্তে শনি দেৱতা তেওঁৰ ওপৰত বিতুষ্ট হয়। শনিৰ কোপ দৃষ্টিৰ ফলত তেওঁৰ জীৱন দুখেৰে ভৰি আহে। একে সময়তে, শনি দেৱে  ভাল কাম কৰা সকলক কেতিয়াও নিৰাশ নকৰে। এবাৰ তেওঁ কাৰোবাৰ প্ৰতি সদয় হ'লে, মানুহৰ জীৱনত কোনো অভাৱ নহয়। মানুহে কিছু বিশেষ  কাম কৰিলে সহজেই  শনি দেৱৰ কৃপা লাভ কৰিব পাৰে। 

১/পূৰ্বপুৰুষৰ শ্ৰাদ্ধ

যিসকলে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰে তেওঁলোকে  শনি দেৱৰ কৃপা আৰু আশীষ লাভ কৰে। শনি দেৱ পূৰ্বপুৰুষৰ শ্ৰদ্ধাত সন্তুষ্ট  হয় আৰু এই কাৰ্য কৰাসকলৰ  সকলো দুখ দূৰ কৰে। শনিবাৰে শনি আৰু পিতৃপক্ষত অমাৱস্যা দিৱসৰ পূজা অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়।

২/পৰিষ্কাৰ পৰিচ্ছন্নতা

শনি দেৱে পৰিষ্কাৰ পৰিচ্ছন্নতা বহুত ভাল পায়।সেয়ে , শনি দেৱতাৰ সুদৃষ্টি লাভ কৰিবলৈ সদায় ঘৰটো পৰিষ্কাৰ ৰাখিব। শাৰীৰিকভাৱেও স্বাস্থ্যৱান হৈ থাকিবলৈ যত্ন কৰিব। নখবোৰো সমানেই পৰিষ্কাৰ কৰি ৰাখিব আৰু সেইবোৰ বাঢ়িবলৈ নিদিব। যিসকল লোক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষভাৱে  সচেতন,  তেওঁলোকৰ ওপৰত কেতিয়াবা শনিৰ  কোপদৃষ্টি  নপৰে৷

৩/আহঁত গছৰ উপাসনা

 আপুনি নিশ্চয় শুনিছে যে শনিবাৰে সন্ধিয়া আঁহত  গছৰ তলত চাকি জ্বলালে ভাল৷ ইয়াৰ প্ৰকৃত কাৰণ হ’ল ,  আহঁত গছৰ উপাসনা কৰিও শনি দেৱতাক  সন্তুষ্ট কৰিব পাৰি। ইয়াৰ লগতে, আপুনি তেওঁৰ অনুগ্ৰহ লাভ কৰিবলৈ  আহঁত গছৰ পুলি এটিও ৰোপণ কৰিব পাৰে৷ 
 
৪/শনিবাৰে উপবাস 

শনিবাৰে উপবাস কৰিলে শনি দেৱতা সহজেই  সন্তুষ্ট হয় ৷ আৰু উপবাস ৰখা সকলৰ ওপৰত শনি দেৱতাৰ  সুদৃষ্টি পৰে৷এই দিনটোত উপবাস ৰখাৰ লগতে দান কৰিও সিদ্ধি লাভ কৰিব পাৰি। দৰিদ্ৰ লোক সকলক   আহাৰ প্ৰদান কৰিলে শনি দেৱ অতি সন্তুষ্ট হয়  ।আৰু এনেদৰে দান কৰা জনে শনি দেৱতাৰ অপৰিসীম অনুগ্ৰহ লাভ কৰে। তেওঁৰ  ঘৰত একোৰে অভাৱ নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু