--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক 

শনি দেৱক  ন্যায়ৰ দেৱতা বুলি এনেই কোৱা নহয়। এজন মানুহৰ ভাল আৰু বেয়া কাৰ্য অনুসৰি  শনি দেৱতাই তেওঁক আশীষ প্ৰদান কৰে। যদি এজন ব্যক্তিয়ে বেয়া কাম কৰে, তেন্তে শনি দেৱতা তেওঁৰ ওপৰত বিতুষ্ট হয়। শনিৰ কোপ দৃষ্টিৰ ফলত তেওঁৰ জীৱন দুখেৰে ভৰি আহে। একে সময়তে, শনি দেৱে  ভাল কাম কৰা সকলক কেতিয়াও নিৰাশ নকৰে। এবাৰ তেওঁ কাৰোবাৰ প্ৰতি সদয় হ'লে, মানুহৰ জীৱনত কোনো অভাৱ নহয়। মানুহে কিছু বিশেষ  কাম কৰিলে সহজেই  শনি দেৱৰ কৃপা লাভ কৰিব পাৰে। 

১/পূৰ্বপুৰুষৰ শ্ৰাদ্ধ

যিসকলে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰে তেওঁলোকে  শনি দেৱৰ কৃপা আৰু আশীষ লাভ কৰে। শনি দেৱ পূৰ্বপুৰুষৰ শ্ৰদ্ধাত সন্তুষ্ট  হয় আৰু এই কাৰ্য কৰাসকলৰ  সকলো দুখ দূৰ কৰে। শনিবাৰে শনি আৰু পিতৃপক্ষত অমাৱস্যা দিৱসৰ পূজা অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়।

২/পৰিষ্কাৰ পৰিচ্ছন্নতা

শনি দেৱে পৰিষ্কাৰ পৰিচ্ছন্নতা বহুত ভাল পায়।সেয়ে , শনি দেৱতাৰ সুদৃষ্টি লাভ কৰিবলৈ সদায় ঘৰটো পৰিষ্কাৰ ৰাখিব। শাৰীৰিকভাৱেও স্বাস্থ্যৱান হৈ থাকিবলৈ যত্ন কৰিব। নখবোৰো সমানেই পৰিষ্কাৰ কৰি ৰাখিব আৰু সেইবোৰ বাঢ়িবলৈ নিদিব। যিসকল লোক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষভাৱে  সচেতন,  তেওঁলোকৰ ওপৰত কেতিয়াবা শনিৰ  কোপদৃষ্টি  নপৰে৷

৩/আহঁত গছৰ উপাসনা

 আপুনি নিশ্চয় শুনিছে যে শনিবাৰে সন্ধিয়া আঁহত  গছৰ তলত চাকি জ্বলালে ভাল৷ ইয়াৰ প্ৰকৃত কাৰণ হ’ল ,  আহঁত গছৰ উপাসনা কৰিও শনি দেৱতাক  সন্তুষ্ট কৰিব পাৰি। ইয়াৰ লগতে, আপুনি তেওঁৰ অনুগ্ৰহ লাভ কৰিবলৈ  আহঁত গছৰ পুলি এটিও ৰোপণ কৰিব পাৰে৷ 
 
৪/শনিবাৰে উপবাস 

শনিবাৰে উপবাস কৰিলে শনি দেৱতা সহজেই  সন্তুষ্ট হয় ৷ আৰু উপবাস ৰখা সকলৰ ওপৰত শনি দেৱতাৰ  সুদৃষ্টি পৰে৷এই দিনটোত উপবাস ৰখাৰ লগতে দান কৰিও সিদ্ধি লাভ কৰিব পাৰি। দৰিদ্ৰ লোক সকলক   আহাৰ প্ৰদান কৰিলে শনি দেৱ অতি সন্তুষ্ট হয়  ।আৰু এনেদৰে দান কৰা জনে শনি দেৱতাৰ অপৰিসীম অনুগ্ৰহ লাভ কৰে। তেওঁৰ  ঘৰত একোৰে অভাৱ নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী