--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনি দেৱে কৰ্ম অনুসৰি ফল দিয়ে। শনিবাৰৰ দিনটো শনি দেৱৰ নামত উৎসৰ্গিত। আজিৰ দিনটোত বিধান অনুসৰি শনি দেৱক পূজা কৰিলে শনিদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰা যায়। শনি দেৱৰ অশুভ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, আনফালে শনিৰ শুভ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে জীৱনত সকলো ধৰণৰ সুখ লাভ কৰে। শনিয়ে ভিক্ষাৰীকো ৰজা বনাব পাৰে বুলি বিশ্বাস কৰা হয়। শনি দেৱৰ পূজাত কি কি বিশেষ কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে জানো আহক।

কেতিয়াও নকৰিব এই ৭টা ভুল

১) শনি দেৱৰ চকুলৈ নাচাবঃ ধৰ্মীয় বিশ্বাস অনুসৰি শনিদেৱৰ চকুলৈ চোৱা উচিত নহয়। শনি দেৱক পূজা কৰাৰ সময়ত সদায় চকু নমাই ৰাখক। শনি দেৱৰ লগত আপোনাৰ চকু মিলালে শনি দেৱে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

২) সন্মুখত থিয় হৈ নাথাকিবঃ শনি দেৱক তেওঁৰ মূৰ্তিৰ সন্মুখত থিয় হৈ পূজা কৰা উচিত নহয়। শনিদেৱৰ সন্মুখত থিয় হৈ পূজা কৰিলে অশুভ ফল পোৱা যায়।

৩) তেলৰ প্ৰতি ধ্যান ৰাখকঃ শনি মন্দিৰত চাকি দিওতে এটা কথা মনত ৰাখক যাতে চাকিৰ তেল ইফালে সিফালে বাগৰি নাযায়। 

৪) দান কৰকঃ শনি মন্দিৰৰ বাহিৰত যদি কোনো ভিক্ষাৰী দেখা পায় তেন্তে তেওঁলোকক কিবা দান কৰক। দান নকৰিলেও কেতিয়াও তেওঁলোকক তিৰস্কাৰ নকৰিব। এনে কৰিলে শনি দেৱ ৰুষ্ট হয়। তাত আপুনি সকলোকে ভাল ব্যৱহাৰ কৰিব।

৫) পশ্চিম দিশত পূজাঃ শনি দেৱক পশ্চিম দিশৰ স্বামী মনা হয়। শনি দেৱক পূজা কৰোতে এটা কথা ধ্যান ৰাখিব যাতে আপোনাৰ মুখখন পশ্চিম দিশৰ ফালে থাকে।

৬) বাৰ্তালাপ নকৰিবঃ শনি মন্দিৰত কেতিয়াও কাৰোৰে লগত কোনো ধৰণৰ সাংসাৰিক বাৰ্তালাপ নকৰিব। চুপ চাপকৈ পূজা কৰাৰ পাছত অলপ সময় মন্দিৰৰ চিৰিত বহক বা তাত অলপ সময় কটাই গুচি আহক। 

৭) ৰঙা ৰং ব্যৱহাৰ নকৰিবঃ শনি দেৱতাই ৰঙা ৰং একেবাৰে ভাল নাপায়। সেয়েহে তেওঁৰ পূজা কৰোতে ৰঙা ৰঙৰ কাপোৰ নিপিন্ধিব, ৰঙা ৰঙৰ ফুল ব্যৱহাৰ নকৰিব আৰু যিকোনো ৰঙা ৰঙৰ সামগ্ৰী ব্যৱহাৰ নকৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক