--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনি দেৱে কৰ্ম অনুসৰি ফল দিয়ে। শনিবাৰৰ দিনটো শনি দেৱৰ নামত উৎসৰ্গিত। আজিৰ দিনটোত বিধান অনুসৰি শনি দেৱক পূজা কৰিলে শনিদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰা যায়। শনি দেৱৰ অশুভ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে জীৱনত বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, আনফালে শনিৰ শুভ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে জীৱনত সকলো ধৰণৰ সুখ লাভ কৰে। শনিয়ে ভিক্ষাৰীকো ৰজা বনাব পাৰে বুলি বিশ্বাস কৰা হয়। শনি দেৱৰ পূজাত কি কি বিশেষ কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে জানো আহক।

কেতিয়াও নকৰিব এই ৭টা ভুল

১) শনি দেৱৰ চকুলৈ নাচাবঃ ধৰ্মীয় বিশ্বাস অনুসৰি শনিদেৱৰ চকুলৈ চোৱা উচিত নহয়। শনি দেৱক পূজা কৰাৰ সময়ত সদায় চকু নমাই ৰাখক। শনি দেৱৰ লগত আপোনাৰ চকু মিলালে শনি দেৱে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।

২) সন্মুখত থিয় হৈ নাথাকিবঃ শনি দেৱক তেওঁৰ মূৰ্তিৰ সন্মুখত থিয় হৈ পূজা কৰা উচিত নহয়। শনিদেৱৰ সন্মুখত থিয় হৈ পূজা কৰিলে অশুভ ফল পোৱা যায়।

৩) তেলৰ প্ৰতি ধ্যান ৰাখকঃ শনি মন্দিৰত চাকি দিওতে এটা কথা মনত ৰাখক যাতে চাকিৰ তেল ইফালে সিফালে বাগৰি নাযায়। 

৪) দান কৰকঃ শনি মন্দিৰৰ বাহিৰত যদি কোনো ভিক্ষাৰী দেখা পায় তেন্তে তেওঁলোকক কিবা দান কৰক। দান নকৰিলেও কেতিয়াও তেওঁলোকক তিৰস্কাৰ নকৰিব। এনে কৰিলে শনি দেৱ ৰুষ্ট হয়। তাত আপুনি সকলোকে ভাল ব্যৱহাৰ কৰিব।

৫) পশ্চিম দিশত পূজাঃ শনি দেৱক পশ্চিম দিশৰ স্বামী মনা হয়। শনি দেৱক পূজা কৰোতে এটা কথা ধ্যান ৰাখিব যাতে আপোনাৰ মুখখন পশ্চিম দিশৰ ফালে থাকে।

৬) বাৰ্তালাপ নকৰিবঃ শনি মন্দিৰত কেতিয়াও কাৰোৰে লগত কোনো ধৰণৰ সাংসাৰিক বাৰ্তালাপ নকৰিব। চুপ চাপকৈ পূজা কৰাৰ পাছত অলপ সময় মন্দিৰৰ চিৰিত বহক বা তাত অলপ সময় কটাই গুচি আহক। 

৭) ৰঙা ৰং ব্যৱহাৰ নকৰিবঃ শনি দেৱতাই ৰঙা ৰং একেবাৰে ভাল নাপায়। সেয়েহে তেওঁৰ পূজা কৰোতে ৰঙা ৰঙৰ কাপোৰ নিপিন্ধিব, ৰঙা ৰঙৰ ফুল ব্যৱহাৰ নকৰিব আৰু যিকোনো ৰঙা ৰঙৰ সামগ্ৰী ব্যৱহাৰ নকৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু