--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী চিনেমাৰ জগতত সঞ্জয় দত্ত ইতিমধ্যেই কিংম্বদন্তিৰ শাৰীত উপনীত হৈছে। চিনেমাৰ পৰ্দাৰ উপৰিও ব্যক্তিগত জীৱনো ৰোমাঞ্চকৰ সঞ্জু বাবাৰ। কোটি কোটি অনুৰাগী আছে অভিনেতাজনৰ। এনেধৰণৰ এগৰাকী অনুৰাগীৰ কথাই ইয়াত ক’বলৈ লোৱা হৈছে।

এদিন আৰক্ষীয়ে সঞ্জয় দত্তক ফোন কৰে। আৰক্ষীয়ে জনালে যে এগৰাকী মহিলাই তেওঁ মৃত্যুৰ পূৰ্বে ইচ্ছাপত্ৰত সঞ্জয়ৰ নাম লিখিছে। মহিলাগৰাকীৰ নাম নিশা পাটিল। হতবাক হৈ পৰিল সঞ্জুবাবা। নিশা পাটিল নামৰ কোনো মহিলাক তেওঁ চিনি নাপায়, অথচ কি বুলি ইচ্ছাপত্ৰত তেওঁৰ নাম সাঙোৰ খাইছে!

আৰক্ষীয়ে জনায় যে মহিলাগৰাকীয়ে তেওঁৰ জীৱনৰ সমস্ত সঞ্চয় অভিনেতাজনৰ নামত উইল কৰি থৈ গৈছে। এই সঞ্চয়ৰ পৰিমাণো কম নহয়। মুঠ ৭২ কোটি টকাৰ সম্পত্তিৰ উল্লেখ ইচ্ছাপত্ৰখনত আছে।

নিশা পাটিল সঞ্জয়ৰ অনুৰাগী। তেওঁ ৬২ বছৰ বয়সত এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। মৃত্যুৰ আগতে  তেওঁ এটা ইচ্ছাপত্ৰ প্ৰস্তুত কৰিছিল আৰু প্ৰিয় তাৰকাজনকে সকলো সম্পত্তি দিছিল। তেওঁ আনকি বেংকৰ লকাৰত ৰখা গহনাবোৰো সঞ্জয়ক হস্তান্তৰ কৰি দিবলৈ কৈ গৈছিল।

সঞ্জয়ে জানিব পাৰিছিল যে নিশাৰ পৰিয়ালৰ কোনেও এই ইচ্ছাৰ বিষয়ে নাজানে। পাছত তেওঁ সকলো সম্পত্তি পৰিয়ালৰ সদস্যসকলক হস্তান্তৰ কৰিছিল।

সঁচাকৈয়ে, সঞ্জু বাবাৰ জীৱন অনন্য। মানুহৰ পৰা এনেকুৱা ভালপোৱা লাভ কৰাৰ বাবেই হয়তো সঞ্জু বাবা এগৰাকী কিংম্বদন্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু