--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী চিনেমাৰ জগতত সঞ্জয় দত্ত ইতিমধ্যেই কিংম্বদন্তিৰ শাৰীত উপনীত হৈছে। চিনেমাৰ পৰ্দাৰ উপৰিও ব্যক্তিগত জীৱনো ৰোমাঞ্চকৰ সঞ্জু বাবাৰ। কোটি কোটি অনুৰাগী আছে অভিনেতাজনৰ। এনেধৰণৰ এগৰাকী অনুৰাগীৰ কথাই ইয়াত ক’বলৈ লোৱা হৈছে।

এদিন আৰক্ষীয়ে সঞ্জয় দত্তক ফোন কৰে। আৰক্ষীয়ে জনালে যে এগৰাকী মহিলাই তেওঁ মৃত্যুৰ পূৰ্বে ইচ্ছাপত্ৰত সঞ্জয়ৰ নাম লিখিছে। মহিলাগৰাকীৰ নাম নিশা পাটিল। হতবাক হৈ পৰিল সঞ্জুবাবা। নিশা পাটিল নামৰ কোনো মহিলাক তেওঁ চিনি নাপায়, অথচ কি বুলি ইচ্ছাপত্ৰত তেওঁৰ নাম সাঙোৰ খাইছে!

আৰক্ষীয়ে জনায় যে মহিলাগৰাকীয়ে তেওঁৰ জীৱনৰ সমস্ত সঞ্চয় অভিনেতাজনৰ নামত উইল কৰি থৈ গৈছে। এই সঞ্চয়ৰ পৰিমাণো কম নহয়। মুঠ ৭২ কোটি টকাৰ সম্পত্তিৰ উল্লেখ ইচ্ছাপত্ৰখনত আছে।

নিশা পাটিল সঞ্জয়ৰ অনুৰাগী। তেওঁ ৬২ বছৰ বয়সত এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। মৃত্যুৰ আগতে  তেওঁ এটা ইচ্ছাপত্ৰ প্ৰস্তুত কৰিছিল আৰু প্ৰিয় তাৰকাজনকে সকলো সম্পত্তি দিছিল। তেওঁ আনকি বেংকৰ লকাৰত ৰখা গহনাবোৰো সঞ্জয়ক হস্তান্তৰ কৰি দিবলৈ কৈ গৈছিল।

সঞ্জয়ে জানিব পাৰিছিল যে নিশাৰ পৰিয়ালৰ কোনেও এই ইচ্ছাৰ বিষয়ে নাজানে। পাছত তেওঁ সকলো সম্পত্তি পৰিয়ালৰ সদস্যসকলক হস্তান্তৰ কৰিছিল।

সঁচাকৈয়ে, সঞ্জু বাবাৰ জীৱন অনন্য। মানুহৰ পৰা এনেকুৱা ভালপোৱা লাভ কৰাৰ বাবেই হয়তো সঞ্জু বাবা এগৰাকী কিংম্বদন্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক