--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩ ফেব্ৰুৱাৰীত মুক্তি পাব বহু প্ৰত্যাশিত অসমীয়া ছবি 'ডক্তৰ বেজবৰুৱা ২'। এই ছবিখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে ছবিপ্ৰেমীসকল। ভাৰতৰ শ্ৰেষ্ঠ অভিনেতাসকলৰ মাজত নিজকে প্ৰতিষ্ঠিত কৰা অসম সন্তান আদিল হুছেইনক দৰ্শকে দেখা পাব ডক্তৰ বেজবৰুৱা ২ত। অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ ডক্তৰ বেজবৰুৱাৰ চিকুৱেল ডক্তৰ বেজবৰুৱা ২ত এজন চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে।

ব্ৰজেন বৰুৱা পৰিচালিত ডক্তৰ বেজবৰুৱা প্ৰায় ৫৪ বছৰৰ আগতে ১৯৬৯ চনত মুক্তি লাভ কৰিছিল। ডক্তৰ বেজবৰুৱা ২ পৰিচালনা অসমৰ জ্যেষ্ঠ অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ। চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামীয়ে। তেওঁৰ পুত্ৰ-বোৱাৰী সিদ্ধাৰ্থ গোস্বামী আৰু কিংকিনী ভট্টাচাৰ্যই ৰূপায়ন কৰিছে নায়ক-নায়িকাৰ চৰিত্ৰ। জুবিন গাৰ্গক দেখা যাব এটা অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰত। সংগীত পৰিচালনা জুবিন গাৰ্গৰ। 

অসমৰ চিত্ৰনাট্যকাৰ-নাট্যকাৰ-গীতিকাৰ ৰাজদ্বীপে ছবিখনৰ চিত্ৰনাট্য লিখিছে। ছবিখন নিৰ্মাণ কৰিছে বিখ্যাত এ এম টেলিভিছনে৷ ছবিখন প্ৰযোজনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰযোজক ড॰ সঞ্জীৱ নাৰায়ণে৷

আনহাতে সহযোগী প্ৰযোজক হ’ল ডাঃ অক্ষতা নাৰায়ণ৷ সম্প্ৰতি ৰাজ্যজুৰি ছবিখনৰ প্ৰচাৰ চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও ডক্তৰ বেজবৰুৱা-২ উপভোগ কৰিবৰ বাবে সকলোকে আহ্বান জনায়৷

উল্লেখ্য যে ডক্তৰ বেজবৰুৱাই অসমীয়া বাণিজ্যিক ধাৰাৰ ছবিৰ পাতনি মেলিছিল বুলি কোৱা হয়। ১৯৭০ চনত 'ডক্তৰ বেজবৰুৱা'ই শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। সেয়ে এতিয়া চিনেমাপ্ৰেমী ৰাইজে বহু আশাৰে বাট চাই আছে ডক্তৰ বেজবৰুৱা-২ লৈ। এতিয়া অপেক্ষা মাঁথো ৩ ফেব্ৰুৱাৰীলৈ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু