--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩ ফেব্ৰুৱাৰীত মুক্তি পাব বহু প্ৰত্যাশিত অসমীয়া ছবি 'ডক্তৰ বেজবৰুৱা ২'। এই ছবিখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে ছবিপ্ৰেমীসকল। ভাৰতৰ শ্ৰেষ্ঠ অভিনেতাসকলৰ মাজত নিজকে প্ৰতিষ্ঠিত কৰা অসম সন্তান আদিল হুছেইনক দৰ্শকে দেখা পাব ডক্তৰ বেজবৰুৱা ২ত। অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ ডক্তৰ বেজবৰুৱাৰ চিকুৱেল ডক্তৰ বেজবৰুৱা ২ত এজন চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে।

ব্ৰজেন বৰুৱা পৰিচালিত ডক্তৰ বেজবৰুৱা প্ৰায় ৫৪ বছৰৰ আগতে ১৯৬৯ চনত মুক্তি লাভ কৰিছিল। ডক্তৰ বেজবৰুৱা ২ পৰিচালনা অসমৰ জ্যেষ্ঠ অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ। চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামীয়ে। তেওঁৰ পুত্ৰ-বোৱাৰী সিদ্ধাৰ্থ গোস্বামী আৰু কিংকিনী ভট্টাচাৰ্যই ৰূপায়ন কৰিছে নায়ক-নায়িকাৰ চৰিত্ৰ। জুবিন গাৰ্গক দেখা যাব এটা অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰত। সংগীত পৰিচালনা জুবিন গাৰ্গৰ। 

অসমৰ চিত্ৰনাট্যকাৰ-নাট্যকাৰ-গীতিকাৰ ৰাজদ্বীপে ছবিখনৰ চিত্ৰনাট্য লিখিছে। ছবিখন নিৰ্মাণ কৰিছে বিখ্যাত এ এম টেলিভিছনে৷ ছবিখন প্ৰযোজনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰযোজক ড॰ সঞ্জীৱ নাৰায়ণে৷

আনহাতে সহযোগী প্ৰযোজক হ’ল ডাঃ অক্ষতা নাৰায়ণ৷ সম্প্ৰতি ৰাজ্যজুৰি ছবিখনৰ প্ৰচাৰ চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও ডক্তৰ বেজবৰুৱা-২ উপভোগ কৰিবৰ বাবে সকলোকে আহ্বান জনায়৷

উল্লেখ্য যে ডক্তৰ বেজবৰুৱাই অসমীয়া বাণিজ্যিক ধাৰাৰ ছবিৰ পাতনি মেলিছিল বুলি কোৱা হয়। ১৯৭০ চনত 'ডক্তৰ বেজবৰুৱা'ই শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। সেয়ে এতিয়া চিনেমাপ্ৰেমী ৰাইজে বহু আশাৰে বাট চাই আছে ডক্তৰ বেজবৰুৱা-২ লৈ। এতিয়া অপেক্ষা মাঁথো ৩ ফেব্ৰুৱাৰীলৈ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক