--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ পত্নী অনিতা সিং আক্ৰমণাত্মক হৈ উঠিছে বিজেপিৰ বিৰুদ্ধে৷ দেওবাৰে বিৰোধী মিত্ৰজোঁটৰ ৰেলীত অংশ লৈ তেওঁ কয়, আমি ইয়াত সকলোৰে সমৰ্থন পাইছোঁ আৰু আমি একেলগে আগবাঢ়িম।

ৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘পিটিআই’ৰে হোৱা বাৰ্তালাপত অনিতাই কয়, আমি আগতে কান্ধত কান্ধ মিলাকৈ খোজ কাঢ়ি যোৱাৰ ধৰণে ইণ্ডিয়া মিত্ৰজোঁটৰ মঞ্চত সকলোৰে সহযোগিতা আছে৷ আজিও আমি মোৰ স্বামীৰ সৈতে একে সাহসেৰে কান্ধত কান্ধ মিলাকৈ খোজ কাঢ়ি আছোঁ। তেওঁ কাৰাগাৰত থকাৰ অৰ্থ এইটো নহয় যে তেওঁ দুৰ্বল।

সিঙৰ পত্নী অনিতাই লগতে কয় যে তেওঁৰ স্বামীক কাৰাগাৰলৈ নিয়াৰ পাছত তেওঁ নিজৰ দায়িত্ব পালন কৰি আছে। তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব আমাক আৰু আমাৰ লোকসকলক দিয়া হৈছে। আমি ইয়াৰ ভালদৰে যত্ন লৈ আছোঁ৷

সঞ্জয় সিঙক বিগত বৰ্ষৰ অক্টোবৰত ১০ ঘণ্টাৰ সোধা-পোছাৰ পাছত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ জামিনৰ আবেদনো উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল। সঞ্জয় সিঙৰ পূৰ্বে মনীষ ছিচোদিয়াক এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পাছত মুখ্যমন্ত্ৰী কেজৰিৱালক এই বছৰৰ মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু