--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ পত্নী অনিতা সিং আক্ৰমণাত্মক হৈ উঠিছে বিজেপিৰ বিৰুদ্ধে৷ দেওবাৰে বিৰোধী মিত্ৰজোঁটৰ ৰেলীত অংশ লৈ তেওঁ কয়, আমি ইয়াত সকলোৰে সমৰ্থন পাইছোঁ আৰু আমি একেলগে আগবাঢ়িম।

ৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘পিটিআই’ৰে হোৱা বাৰ্তালাপত অনিতাই কয়, আমি আগতে কান্ধত কান্ধ মিলাকৈ খোজ কাঢ়ি যোৱাৰ ধৰণে ইণ্ডিয়া মিত্ৰজোঁটৰ মঞ্চত সকলোৰে সহযোগিতা আছে৷ আজিও আমি মোৰ স্বামীৰ সৈতে একে সাহসেৰে কান্ধত কান্ধ মিলাকৈ খোজ কাঢ়ি আছোঁ। তেওঁ কাৰাগাৰত থকাৰ অৰ্থ এইটো নহয় যে তেওঁ দুৰ্বল।

সিঙৰ পত্নী অনিতাই লগতে কয় যে তেওঁৰ স্বামীক কাৰাগাৰলৈ নিয়াৰ পাছত তেওঁ নিজৰ দায়িত্ব পালন কৰি আছে। তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব আমাক আৰু আমাৰ লোকসকলক দিয়া হৈছে। আমি ইয়াৰ ভালদৰে যত্ন লৈ আছোঁ৷

সঞ্জয় সিঙক বিগত বৰ্ষৰ অক্টোবৰত ১০ ঘণ্টাৰ সোধা-পোছাৰ পাছত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ জামিনৰ আবেদনো উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল। সঞ্জয় সিঙৰ পূৰ্বে মনীষ ছিচোদিয়াক এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পাছত মুখ্যমন্ত্ৰী কেজৰিৱালক এই বছৰৰ মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ