--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্মুখত লোকসভা নিৰ্বাচন নিৰ্বাচনৰ কথা মনত ৰাখিয়েই হয়তো এইবাৰৰ বাজেটত নিৰ্মলা সীতাৰমণে চৰকাৰী কৰ্মচাৰীক বিশেষ ৰেহাই দিছে৷  বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দেশৰ আয়কৰ দাতাসকললৈ বিশেষ সকাহ ঘোষণা কৰিছে৷ সেইমৰ্মে  ৭ লাখ টকালৈকে উপাৰ্জন সকলৰ  বাবে আয়কৰ ৰেহাই ঘোষণা কৰিছে। 

তেওঁ আশা কৰিছে  যে দেশৰ কোটি কোটি কৰ্মচাৰীয়ে কৰ ৰেহাইৰ ঘোষণাৰ বাবে সকাহ পাব।এক কথাত ক’বলৈ গ’লে ৫০ হাজাৰ টকালৈ মাহিলী দৰমহা পোৱা কৰ্মচাৰীসকলে এতিয়া আৰু আয়কৰ দিব নালাগিব৷ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বেতনভোগী লোকসকলৰ বাবে আয়কৰ ৰেহাই দি কৰ্মচাৰীসকলক সন্তু্ষ্ট কৰিবলৈ সক্ষম হৈছে৷ 

বিগত বৰ্৷ত আয়কৰ ৰেহাইৰ সীমা ৫ লাখ টকা আছিস৷ এইবেলি সেই সীমা  ৭ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।  যিসকলৰ বাৰ্ষিক উপাৰ্জন ১৫ লাখ টকা তেওঁলোকে ১.৫ লাখ টকা কৰ পৰিশোধ কৰিব লাগিব। আগতে ১  লাখ ৮৭ হাজাৰ টকা পৰিশোধ কৰিব লাগিছিল৷  যদি বাৰ্ষিক উপাৰ্জন ৯ লাখৰ পৰা ১২ লাখ টকাৰ ভিতৰত হয়, তেন্তে কৰ ১৫ শতাংশ হাৰত পৰিশোধ কৰিব লাগিব
১২ লাখ টকাৰ পৰা ১৫ লাখ টকালৈ কৰ ২০ শতাংশ হ'ব।যদি বাৰ্ষিক উপাৰ্জন ১৫  লাখ টকাতকৈ অধিক হয়, তেন্তে কৰ ৩০  শতাংশ হাৰত পৰিশোধ কৰিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক