--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দিনৰ ১১ বজাত সংসদত উত্থাপন কৰে মোদী চৰকাৰৰ অন্তিম খন পূৰ্ণাংগ বাজেট৷ অমৃতকালৰ অন্তিম বাজেট আখ্যা দিয়া বাজেট খনত সাত টা বিশেষ দিশৰ ওপৰত  গুৰুত্ব দিয়া হৈছে৷ সেই দিশ কেইটা হৈছে ক্ৰমে একত্ৰিত বিকাশ,  আন্তঃগাঁথনিত বিনিয়োগ ,দেশৰ প্ৰতিভা বা দক্ষতাৰ বিকাশ,সেউজকৰণ ,যুৱ উন্নয়ন ,বিত্ত বিভাগৰ দক্ষতা বৃদ্ধি,  লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে কাৰ্যসূচীৰ ৰূপায়ন৷বাজেটত কি সামগ্ৰীৰ দাম বাঢ়িল, কি সামগ্ৰীৰ দাম কমিল জানো আহক- 

সোণ, প্লেটিনাম, ৰূপৰ ওপৰত আমদানি শুল্ক বৃদ্ধি পাইছে। ফলত দাম বাঢ়িব৷  যৌগিক ৰবৰৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰা হৈছে। চিগাৰেটৰ ওপৰত কৰ বাঢ়িছে। ফলস্বৰূপে, মূল্য বৃদ্ধি হ'ব। হেডফোন আৰু ইয়াৰফোন ,ছাতি, এক্স-ৰে যন্ত্ৰ,ইমিটেচন জুৱেলাৰী ,ফ্ৰোজেন স্কুইড ,স্মাৰ্ট মিটাৰ ,এচাফোটিডা,সৌৰ কোষ আদিৰ দাম বৃদ্ধি পাব৷  

কৰ ৰেহাইৰ ফলত বৈদ্যুতিক গাড়ীৰ মূল্য হ্ৰাস পাব। জৈৱ গেছৰ মূল্য হ্ৰাস হ'ব । ম'বাইল পাৰ্টচ, টেলিভিছন পাৰ্টচ, কাৰ পাৰ্টচ, কেমেৰা লেন্স, বেটাৰি, পুতলাৰ ওপৰত কৰ ৰেহাই দিয়া হৈছে।সেয়ে এনেবোৰ  দেশত নিৰ্মিত মোবাইল ফোনৰ মূল্য হ্ৰাস পাব। পাকঘৰৰ চিমনিৰ ওপৰত কৰ ৰেহাই। উদ্যোগটোত ব্যৱহৃত সুৰাৰ ওপৰত কৰ ৰেহাই। মোবাইল ফোন চাৰ্জাৰ, কোকো বীন সৌৰ মডিউল,  মিথাইল এলকহলৰ দাম কমিব৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক