--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেলেণ্টাইন ডে' আহি আছে। প্ৰেমৰ গোন্ধ এতিয়া বতাহত। বলীউডতো সেয়ে প্ৰেমক লৈ উথপথপ পৰিৱেশ। শেহতীয়াকৈ জয়ছলমেৰত সিদ্ধাৰ্থ আৰু কিয়াৰাই বিবাহপাশত আৱদ্ধ হ’ল। এইবাৰ একেলগে দেখা পোৱা গৈছে ছাৰা আলী খান আৰু কাৰ্তিক আৰিয়ান।

ইয়াৰ পূৰ্বেও দুয়োকে একলেগে দেখা পোৱা গৈছিল। কিন্তু দুয়োৰে প্ৰেমৰ সম্পৰ্কত ভাঙোন ধৰা বুলি গুজৱ উলাইছিল। কিন্তু পুনৰ একলেগে দেখা পোৱা গ’ল দুয়োকে। সেয়ে অনুৰাগীসকলৰ মাজত প্ৰশ্ন উঠিছে যে দুয়ো পুনৰ প্ৰেমত বান্ধোন খাইছে নেকি?

তেওঁলোকে লগ হোৱাৰ  ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছবিখনত চাৰা আৰু কাৰ্তিকক ইজনে সিজনৰ লগত কথা পাতি থকা দেখা গৈছে। দুয়োৰে মুখত বহল হাঁহি। ছবিখনৰ পৰা স্পষ্ট হৈ পৰিছে যে দুয়োজন তাৰকাই ইজনে সিজনৰ সংগ উপভোগ কৰি আছে।

এতিয়া দুয়োজন তাৰকাই কোনো ছৱিতে একেলগে কাম কৰি থকা নাই। তেন্তে কিয় দুয়ো একলগ হৈছে। প্ৰেম নেকি? তাক লৈ অত্যুৎসাহী হৈ পৰিছে অনুৰাগীসকল। ইতিমধ্যে ছ’চিয়েল মিডিয়াত দুয়োগৰাকী তাৰকাৰ পুনৰ সম্পৰ্কৰ নতুন গুজৱ আৰম্ভ হৈছে।

ইমতিয়াজ আলীৰ ছবি ‘লাভ আজ কাল ২’ ২০২০ চনত মুক্তি লাভ কৰিছিল। সেই ছবিখনত একেলগে কাম কৰি থাকোঁতে ছাৰা আৰু কাৰ্তিকৰ ৰোমাঞ্চৰ গুজৱ পোহৰলৈ আহিছিল। অভিনেতা দুগৰাকীৰ কেমিষ্ট্ৰী যথেষ্ট জনপ্ৰিয় আছিল যদিও ছবিখনে দৰ্শকৰ মনত স্থান দখল কৰিব পৰা নাছিল।

পিছত কৰ্ণ জোহৰৰ ‘কফী উইথ কৰ্ণ’ শ্ব’ত ছাৰাই কাৰ্তিকৰ সৈতে থকা সম্পৰ্ক স্বীকাৰ কৰে। কিন্তু সেই সম্পৰ্ক বেছি দিন নাথাকিল। এতিয়া পুনৰ একলগ হৈছে নেকি তেওঁলোক?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক