--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেলেণ্টাইন ডে' আহি আছে। প্ৰেমৰ গোন্ধ এতিয়া বতাহত। বলীউডতো সেয়ে প্ৰেমক লৈ উথপথপ পৰিৱেশ। শেহতীয়াকৈ জয়ছলমেৰত সিদ্ধাৰ্থ আৰু কিয়াৰাই বিবাহপাশত আৱদ্ধ হ’ল। এইবাৰ একেলগে দেখা পোৱা গৈছে ছাৰা আলী খান আৰু কাৰ্তিক আৰিয়ান।

ইয়াৰ পূৰ্বেও দুয়োকে একলেগে দেখা পোৱা গৈছিল। কিন্তু দুয়োৰে প্ৰেমৰ সম্পৰ্কত ভাঙোন ধৰা বুলি গুজৱ উলাইছিল। কিন্তু পুনৰ একলেগে দেখা পোৱা গ’ল দুয়োকে। সেয়ে অনুৰাগীসকলৰ মাজত প্ৰশ্ন উঠিছে যে দুয়ো পুনৰ প্ৰেমত বান্ধোন খাইছে নেকি?

তেওঁলোকে লগ হোৱাৰ  ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছবিখনত চাৰা আৰু কাৰ্তিকক ইজনে সিজনৰ লগত কথা পাতি থকা দেখা গৈছে। দুয়োৰে মুখত বহল হাঁহি। ছবিখনৰ পৰা স্পষ্ট হৈ পৰিছে যে দুয়োজন তাৰকাই ইজনে সিজনৰ সংগ উপভোগ কৰি আছে।

এতিয়া দুয়োজন তাৰকাই কোনো ছৱিতে একেলগে কাম কৰি থকা নাই। তেন্তে কিয় দুয়ো একলগ হৈছে। প্ৰেম নেকি? তাক লৈ অত্যুৎসাহী হৈ পৰিছে অনুৰাগীসকল। ইতিমধ্যে ছ’চিয়েল মিডিয়াত দুয়োগৰাকী তাৰকাৰ পুনৰ সম্পৰ্কৰ নতুন গুজৱ আৰম্ভ হৈছে।

ইমতিয়াজ আলীৰ ছবি ‘লাভ আজ কাল ২’ ২০২০ চনত মুক্তি লাভ কৰিছিল। সেই ছবিখনত একেলগে কাম কৰি থাকোঁতে ছাৰা আৰু কাৰ্তিকৰ ৰোমাঞ্চৰ গুজৱ পোহৰলৈ আহিছিল। অভিনেতা দুগৰাকীৰ কেমিষ্ট্ৰী যথেষ্ট জনপ্ৰিয় আছিল যদিও ছবিখনে দৰ্শকৰ মনত স্থান দখল কৰিব পৰা নাছিল।

পিছত কৰ্ণ জোহৰৰ ‘কফী উইথ কৰ্ণ’ শ্ব’ত ছাৰাই কাৰ্তিকৰ সৈতে থকা সম্পৰ্ক স্বীকাৰ কৰে। কিন্তু সেই সম্পৰ্ক বেছি দিন নাথাকিল। এতিয়া পুনৰ একলগ হৈছে নেকি তেওঁলোক?

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু