--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াত বহিব নেকি কৃতি ছানন আৰু প্ৰভাস? বলিউডত এতিয়া বিয়াৰ বতৰ। কিয়াৰা আৰু সিদ্ধাৰ্থৰ বিবাহৰ পাছত এইবাৰ গুজৱ উলাইছে যে দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাস আৰু বলিউডৰ অভিনেত্ৰী কৃতি ছাননৰ মাজত বিবাহপাশত আৱদ্ধ হ’ব। দুয়োৰে মাজত আঙঠি পিন্ধোৱা পৰ্বও শেষ হৈছে। অতি সোনকালে দুই তাৰকাই এংগেজমেণ্ট কৰিবলৈ ওলাইছে। 

কিন্তু এই গুজৱ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে ‘বাহুবলী’ৰ তাৰকা প্ৰভাসৰ টিমে।  কৃতিয়েও নিজেই মুখ নেমেলিলেও ছ’চিয়েল মিডিয়াত এটা ইংগিতপূৰ্ণ পোষ্ট দিলে।

কৃতিয়ে ইনষ্টাগ্ৰামত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় টেলিভিছন প্ৰেজেণ্টাৰ অপ্ৰা উইনফ্ৰেৰ এটা ৰিল শ্বেয়াৰ কৰে। সেই ৰিলটোত অপ্ৰাই কয়, "যদি আপুনি আশা কৰে যে আপুনি কোনো এটা পৰিস্থিতিত কৰিব পৰা কামটো আনেও কৰিব পাৰে, তেন্তে আপুনি  নিজেই হতাশ হ’ব। প্ৰত্যেকৰে নিজৰ নিজৰ ধৰণ আছে, তাক তেনেকৈয়ে গ্ৰহণ কৰিব লাগিব।’’



ছ’চিয়েল মিডিয়াত অপ্ৰাৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি কৃতিয়ে বুজাই দিয়ে যে  অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বক্তব্যৰ সৈতে সম্পূৰ্ণ একমত। অনুৰাগীসকলে ধাৰণা কৰিছে তেওঁৰ প্ৰেম-বিবাহৰ জল্পনা-কল্পনাৰ উত্তৰ দিবলৈকে এই পদক্ষেপ লোৱা হৈছে।

'আদিপুৰুষ' ছৱিখনত কৃতি আৰু প্ৰভাসে একেলগে কাম কৰিছিল। তাৰ পৰাই আৰম্ভ হৈছিল প্ৰেমৰ গুজৱ। অৱশ্যে  দুয়োৱে  কেতিয়াও ৰাজহুৱাভাৱে সম্পৰ্কত থকাৰ কথা স্বীকাৰ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement