--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ মনত আছিল পৰীক্ষাৰ উত্তেজনা। আনহাতে প্ৰথমবাৰৰ বাবে মাতৃ হোৱাৰো আনন্দ। এগৰাকী বিবাহিতা ছাত্ৰীয়ে এটি কন্যা সন্তান  জন্ম দিয়াৰ ৩৫ মিনিটৰ পিছতে মাধ্যমিকৰ পৰীক্ষাত বহি সকলোকে আচৰিত কৰি দিছে। পৰাক্ষা আছিল দিনৰ ১২ বজাৰ পৰা। ইয়াৰ ৩৫ মিনিট আগতেই ছাত্ৰীগৰাকীয়ে সন্তান প্ৰসৱ কৰে। 

নাৰ্গিছ পাৰবীন নামৰ  বিবাহিতা ছাত্ৰীগৰাকীৰ ঘৰ পশ্চিমবংগৰ মালদাৰ গজোলৰ কয়লাবাদৰ কুতুবপুৰ গাঁৱত ।  তেওঁ এই বছৰৰ মাধ্যমিকৰ  পৰীক্ষাত বহিছে। আনকি সন্তান প্ৰসৱৰ পাছতো তেওঁ পৰীক্ষা দিয়াৰ পৰা বিৰত নহ’ল। তেওঁ এইবুলি খুটিপুতি বহে  যে তেওঁ পৰীক্ষা দিবই। তাৰ পিছত আৰু  চিকিৎসালয় কৰ্তৃপক্ষই পলম কৰা নাছিল। তেওঁৰ পৰীক্ষা হাতীমাৰী গ্ৰাম্য চিকিৎসালয়তে আয়োজন কৰা হৈছিল।

 ঘটনাৰ খবৰ পোৱাৰ পিছত, স্থানীয় আৰক্ষী থানাৰ বিষয়াসকল ততাতৈয়াকৈ চিকিৎসালয়লৈ গৈছিল। মাতৃ ছাত্ৰীগৰাকীৰ সকলো যত্নৰ ব্যৱস্থা কৰা হয়। চিকিৎসালয়ৰ চিকিৎসক আৰু নাৰ্গিছৰ শিক্ষকসকলেও ছাত্ৰীগৰাকীৰ  পৰীক্ষা দিয়াৰ আগ্ৰহ দেখি  হতবাক হৈ পৰিছে। জানিব পৰা মতে  ছাত্ৰীগৰাকীক কম বয়সতে বিয়া হৈছিল। তেওঁৰ মাধ্যমিক পৰীক্ষাত বহিছিল চুলতানগঞ্জ উচ্চ বিদ্যালয়ৰ পৰা। পুৱা প্ৰায় ৬ তেওঁৰ প্ৰৱ বেদনা আৰম্ভ হৈছিল। পৰিয়ালৰ লোকে  লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে। তেওঁক হাতীমাৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু যিদিনা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, সেইদিনাই তেওঁৰ মাধ্যমিক পৰীক্ষা আছিল।  তেওঁ সন্তান জন্মৰ পিছতো পৰীক্ষা দিহে এৰিলে। বহুতে কৈছে  এয়াই মনৰ শক্তি। তেওঁ পৰীক্ষাৰ বাবে গোটেই বছৰটো পঢ়িছিল। সেইকাৰণে তেওঁ এটা বছৰ  হেৰুৱাব বিচৰা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে