--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ মনত আছিল পৰীক্ষাৰ উত্তেজনা। আনহাতে প্ৰথমবাৰৰ বাবে মাতৃ হোৱাৰো আনন্দ। এগৰাকী বিবাহিতা ছাত্ৰীয়ে এটি কন্যা সন্তান  জন্ম দিয়াৰ ৩৫ মিনিটৰ পিছতে মাধ্যমিকৰ পৰীক্ষাত বহি সকলোকে আচৰিত কৰি দিছে। পৰাক্ষা আছিল দিনৰ ১২ বজাৰ পৰা। ইয়াৰ ৩৫ মিনিট আগতেই ছাত্ৰীগৰাকীয়ে সন্তান প্ৰসৱ কৰে। 

নাৰ্গিছ পাৰবীন নামৰ  বিবাহিতা ছাত্ৰীগৰাকীৰ ঘৰ পশ্চিমবংগৰ মালদাৰ গজোলৰ কয়লাবাদৰ কুতুবপুৰ গাঁৱত ।  তেওঁ এই বছৰৰ মাধ্যমিকৰ  পৰীক্ষাত বহিছে। আনকি সন্তান প্ৰসৱৰ পাছতো তেওঁ পৰীক্ষা দিয়াৰ পৰা বিৰত নহ’ল। তেওঁ এইবুলি খুটিপুতি বহে  যে তেওঁ পৰীক্ষা দিবই। তাৰ পিছত আৰু  চিকিৎসালয় কৰ্তৃপক্ষই পলম কৰা নাছিল। তেওঁৰ পৰীক্ষা হাতীমাৰী গ্ৰাম্য চিকিৎসালয়তে আয়োজন কৰা হৈছিল।

 ঘটনাৰ খবৰ পোৱাৰ পিছত, স্থানীয় আৰক্ষী থানাৰ বিষয়াসকল ততাতৈয়াকৈ চিকিৎসালয়লৈ গৈছিল। মাতৃ ছাত্ৰীগৰাকীৰ সকলো যত্নৰ ব্যৱস্থা কৰা হয়। চিকিৎসালয়ৰ চিকিৎসক আৰু নাৰ্গিছৰ শিক্ষকসকলেও ছাত্ৰীগৰাকীৰ  পৰীক্ষা দিয়াৰ আগ্ৰহ দেখি  হতবাক হৈ পৰিছে। জানিব পৰা মতে  ছাত্ৰীগৰাকীক কম বয়সতে বিয়া হৈছিল। তেওঁৰ মাধ্যমিক পৰীক্ষাত বহিছিল চুলতানগঞ্জ উচ্চ বিদ্যালয়ৰ পৰা। পুৱা প্ৰায় ৬ তেওঁৰ প্ৰৱ বেদনা আৰম্ভ হৈছিল। পৰিয়ালৰ লোকে  লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে। তেওঁক হাতীমাৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু যিদিনা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, সেইদিনাই তেওঁৰ মাধ্যমিক পৰীক্ষা আছিল।  তেওঁ সন্তান জন্মৰ পিছতো পৰীক্ষা দিহে এৰিলে। বহুতে কৈছে  এয়াই মনৰ শক্তি। তেওঁ পৰীক্ষাৰ বাবে গোটেই বছৰটো পঢ়িছিল। সেইকাৰণে তেওঁ এটা বছৰ  হেৰুৱাব বিচৰা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু