--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰায় ৪০ লাখ মূল্যৰ এখন বিলাসী গাড়ীত ফুলৰ টাব চুৰি কৰাৰ এটা ভিডিঅ' বৰ্তমান চৰ্চাৰ শিখৰত। ভিডিঅ'টিত দিল্লী-গুৰুগ্ৰাম সীমান্তৰ ওচৰত চালকৰ সৈতে এজন লোকক দেখা গৈছে।  ভিডিঅ’টো ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এজন লোকে নিজৰ গাড়ীত ৰাস্তাত ৰখা ফুলৰ টাব চুৰি কৰি আছে। জি-২০ৰ বৈঠকৰ বাবে ফুলৰ টাববোৰ ৰাস্তাত ৰখা হৈছিল। যাক এজন ব্যক্তিয়ে নিজৰ দামী গাড়ীত কঢ়িয়াই নিয়া দেখা গ’ল। এই গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গুৰুগ্ৰামৰ নিবাসী মনমোহন যাদৱক। ইয়াৰ লগতে চুৰি হোৱা টাব আৰু তেওঁলোকৰ গাড়ীও উদ্ধাৰ কৰা হৈছে।

গুৰুগ্ৰাম আৰক্ষীয়ে যোৱা ২৪ ঘন্টা ধৰি এই বিষয়টোৰ তদন্ত কৰি আছিল। আৰক্ষীয়ে ফুল চুৰি কৰা উক্ত ক’লা ৰঙৰ কিয়া কাৰ্নিভাল গাড়ীখন বিচাৰি আছিল। অৱশেষত আৰক্ষীয়ে অভিযুক্তৰ ওচৰ পালেগৈ। ইয়াৰ পূৰ্বেও আৰক্ষীয়ে জনাইছিল যে বিষয়টোৰ সন্দৰ্ভত সচেতনতা গ্ৰহণ কৰা হৈছে আৰু ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে তেতিয়া অভিযুক্ত কোন সেই কথা জানিব পৰা হোৱা নাছিল। জানিব পৰা মতে গাড়ীখনৰ পঞ্জীয়ন হাৰিয়ানাৰ হিছাৰত।

চাওক সামাজিক মাধ্যমত দ্ৰুত গতিত শ্বেয়াৰ হোৱা ভিডিঅ'টি-


পথৰ মাজৰ পৰা প্ৰায় ৪০ লাখ টকাৰ গাড়ীত ফুলৰ টাব চুৰি কৰা এই ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিল। এই ভিডিঅ’টো মানুহে ছ’চিয়েল মিডিয়াত তীব্ৰভাৱে শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিলে। বহুতেই গৰিহণা দিলে লগতে বহুতেই প্ৰশ্ন উত্থাপন কৰিলে যে ৰাস্তাত ৰখা ফুলৰ টাববোৰ দেখি লাখ লাখ টকাৰ গাড়ীত যাত্ৰা কৰা লোকে কেনেকৈ এনে কাম কৰিব পাৰে। পৰবৰ্তী সময়ত ভিডিঅ’টো প্ৰকাশ পোৱাৰ পাছতে আৰক্ষীয়ে তদন্ত কাৰ্যত লিপ্ত হয় আৰু ডিএলএফ ফেজ-৩ থানাত এজাহাৰ দাখিল কৰা হয়। ইয়াৰ পাছতে আৰক্ষীয়ে এটা দল গঠন কৰি অভিযুক্তৰ কাষ চাপিছিল আৰু এতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখযোগ্য যে জি-২০ সন্মিলনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক হাৰিয়ানাত অনুষ্ঠিত হ’বলৈ গৈ আছে। যাৰ বাবে যোৱা কেইবাদিনো ধৰি প্ৰস্তুতি চলি আছে। ইয়াৰ বাবে সমগ্ৰ ৰাজ্যখনক সজাই তোলা হৈছে। বিদেশী অতিথিক হাৰিয়ানৱী পাগুৰিৰে আদৰণি জনোৱা হ’ব। এই সভা ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ গুৰুগ্ৰামত অনুষ্ঠিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে