--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰায় ৪০ লাখ মূল্যৰ এখন বিলাসী গাড়ীত ফুলৰ টাব চুৰি কৰাৰ এটা ভিডিঅ' বৰ্তমান চৰ্চাৰ শিখৰত। ভিডিঅ'টিত দিল্লী-গুৰুগ্ৰাম সীমান্তৰ ওচৰত চালকৰ সৈতে এজন লোকক দেখা গৈছে।  ভিডিঅ’টো ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এজন লোকে নিজৰ গাড়ীত ৰাস্তাত ৰখা ফুলৰ টাব চুৰি কৰি আছে। জি-২০ৰ বৈঠকৰ বাবে ফুলৰ টাববোৰ ৰাস্তাত ৰখা হৈছিল। যাক এজন ব্যক্তিয়ে নিজৰ দামী গাড়ীত কঢ়িয়াই নিয়া দেখা গ’ল। এই গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গুৰুগ্ৰামৰ নিবাসী মনমোহন যাদৱক। ইয়াৰ লগতে চুৰি হোৱা টাব আৰু তেওঁলোকৰ গাড়ীও উদ্ধাৰ কৰা হৈছে।

গুৰুগ্ৰাম আৰক্ষীয়ে যোৱা ২৪ ঘন্টা ধৰি এই বিষয়টোৰ তদন্ত কৰি আছিল। আৰক্ষীয়ে ফুল চুৰি কৰা উক্ত ক’লা ৰঙৰ কিয়া কাৰ্নিভাল গাড়ীখন বিচাৰি আছিল। অৱশেষত আৰক্ষীয়ে অভিযুক্তৰ ওচৰ পালেগৈ। ইয়াৰ পূৰ্বেও আৰক্ষীয়ে জনাইছিল যে বিষয়টোৰ সন্দৰ্ভত সচেতনতা গ্ৰহণ কৰা হৈছে আৰু ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে তেতিয়া অভিযুক্ত কোন সেই কথা জানিব পৰা হোৱা নাছিল। জানিব পৰা মতে গাড়ীখনৰ পঞ্জীয়ন হাৰিয়ানাৰ হিছাৰত।

চাওক সামাজিক মাধ্যমত দ্ৰুত গতিত শ্বেয়াৰ হোৱা ভিডিঅ'টি-


পথৰ মাজৰ পৰা প্ৰায় ৪০ লাখ টকাৰ গাড়ীত ফুলৰ টাব চুৰি কৰা এই ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিল। এই ভিডিঅ’টো মানুহে ছ’চিয়েল মিডিয়াত তীব্ৰভাৱে শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিলে। বহুতেই গৰিহণা দিলে লগতে বহুতেই প্ৰশ্ন উত্থাপন কৰিলে যে ৰাস্তাত ৰখা ফুলৰ টাববোৰ দেখি লাখ লাখ টকাৰ গাড়ীত যাত্ৰা কৰা লোকে কেনেকৈ এনে কাম কৰিব পাৰে। পৰবৰ্তী সময়ত ভিডিঅ’টো প্ৰকাশ পোৱাৰ পাছতে আৰক্ষীয়ে তদন্ত কাৰ্যত লিপ্ত হয় আৰু ডিএলএফ ফেজ-৩ থানাত এজাহাৰ দাখিল কৰা হয়। ইয়াৰ পাছতে আৰক্ষীয়ে এটা দল গঠন কৰি অভিযুক্তৰ কাষ চাপিছিল আৰু এতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখযোগ্য যে জি-২০ সন্মিলনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক হাৰিয়ানাত অনুষ্ঠিত হ’বলৈ গৈ আছে। যাৰ বাবে যোৱা কেইবাদিনো ধৰি প্ৰস্তুতি চলি আছে। ইয়াৰ বাবে সমগ্ৰ ৰাজ্যখনক সজাই তোলা হৈছে। বিদেশী অতিথিক হাৰিয়ানৱী পাগুৰিৰে আদৰণি জনোৱা হ’ব। এই সভা ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ গুৰুগ্ৰামত অনুষ্ঠিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু