--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আনে ‘সন্ত্ৰাসবাদী’ সজোৱা এজন ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে ভাৰতৰ সংবিধান প্ৰণেতা বাবাচাহেব ড০ ভীমৰাও ৰামজী আম্বেদকাৰ, ভগত সিঙৰ মনৰ সমাজখন। তেওঁ পূৰণ কৰিব বিচাৰিছে তেওঁলোকৰ সপোন। দেশৰ ধনী-দুখীয়া সকলো শ্ৰেণীৰ শিক্ষাৰ্থীৰ মনৰ পৰা প্ৰভেদ আঁতৰাই গঢ়িব বিচাৰিছে এখন সুষম সমাজ। কিন্তু কোন এই সন্ত্ৰাসবাদীজন? সমাগত পঞ্জাব নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত সকলোৰে যেন উমৈহতীয়া ৰাজনৈতিক প্ৰতিদ্বণ্ডী হৈ পৰিছিল আম আদমী পাৰ্টী। দিল্লীত কেজৰিৱালৰ ৰণনীতি আৰু উন্নয়নমূলক কামৰ যোগেদি ৰাইজৰ মাজত জনপ্ৰিয়তা হৈ পৰা কৌশল যেন কোনো ৰাজনৈতিক দলৰে সহ্য হোৱা নাই। সেয়ে সকলোৱে উঠি পৰি পঞ্জাবৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা আম আদমী পাৰ্টীৰ প্ৰধান তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিচ্ছিন্নতাবাদী ভাৱধাৰাৰ ব্যক্তি বুলি অভিহিত কৰিছিল। তেওঁক ‘সন্ত্ৰাসবাদী’ আখ্যা দিছিল সকলো বিৰোধী দলে। এই বিৰোধী দলবোৰৰ ভিতৰত আছিল বিজেপি, কংগ্ৰেছ, আকালি দল আদি। পঞ্জাৱত ‘আপ’ৰ ৰাজনৈতিক বিৰোধীসকলৰ দ্বাৰা বিচ্ছিন্নতাবাদী ধাৰণাক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ কেইদিনমানৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰত্যুত্তৰ দি কয় যে তেওঁলোকে ‘সন্ত্ৰাসবাদী’ বুলি কোৱা ব্যক্তিজনে দেশৰ কল্যাণৰ বাবে সম্পদ উৎসৰ্গা কৰি আছে। কিয়নো তেওঁৰ চৰকাৰে ১২,৪৩০ টা স্মাৰ্ট শ্ৰেণীকোঠা নিৰ্মাণ কৰিছে। ‘আপোনালোকে সন্ত্ৰাসবাদী বুলি কোৱা ব্যক্তিজনে আজি এই ১২,৪৩০ টা শ্ৰেণীকোঠা দেশলৈ উৎসৰ্গা কৰিছে। সেই সন্ত্ৰাসবাদীয়ে এনে বিদ্যালয় নিৰ্মাণ কৰি আছে য’ত দৰিদ্ৰ আৰু ধনীসকলে একেলগে পঢ়িব পাৰে। সেই সন্ত্ৰাসবাদীয়ে বাবাচাহেব আম্বেদকাৰ আৰু ভগত সিঙৰ সপোন পূৰণ কৰি আছে’। এনেদৰেই কেজৰিৱালে তেওঁক সন্ত্ৰাসবাদী সজোৱা অভিযোগৰ বিৰুদ্ধে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। তেওঁ লগতে কৈছিল, ‘প্ৰায় তিনি বছৰ আগতে আমি ১১,০০০ শ্ৰেণীকোঠা তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছিলোঁ। আজি মাত্ৰ তিনি বছৰৰ পিছত আমি ইয়াৰে ১২,৪৩০টা বনাবলৈ সক্ষম হৈছো। দেশৰ সামগ্ৰিক ব্যৱস্থাৰ কথা বিবেচনা কৰি এইটো এটা অলৌকিক ঘটনা। সাধাৰণতে, বিদ্যালয় আৰু চিকিৎসালয়ৰ আধাৰশিলা কেৱল নিৰ্বাচনৰ আগতে স্থাপন কৰা হয়, আৰু সেইবোৰ কেতিয়াও সম্পূৰ্ণ নহয়। ‘কিন্তু লক্ষ্যণীয়ভাৱে কেজৰিৱালে নিৰ্ধাৰিত লক্ষ্যত অতিক্ৰম কৰা দেখা গৈছিল। কেজৰিৱালে এই সাফল্যৰ বাবে সকলো দিল্লীবাসী আৰু বিদ্যালয়লৈ যোৱা শিশুসকলক অভিনন্দন জনাইছে। কেজৰিৱালে লগতে কয় যে যোৱা সাত বছৰত ২০,০০০ শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছে। আম্বেদকাৰৰ আদৰ্শৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়: ‘এয়া দুৰ্ভাগ্যজনক যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো দেশৰ আন প্ৰান্তৰ চৰকাৰী বিদ্যালয়সমূহত নিম্ন মানৰ শিক্ষাৰ বাবে দৰিদ্ৰ লোকসকল ক্ষতিগ্ৰস্ত হৈছে। মই সুখী যে আমি দিল্লীত অন্ততঃ বাবাচাহেবৰ সপোন পূৰণ কৰা আৰম্ভ কৰিছো।’ কেজৰিৱালে লগতে আন ৰাজ্য চৰকাৰৰ বাবেও এটা ঘোষণা কৰা দেখা গৈছিল। বিজেপি কংগ্ৰেছ বা যি দলৰেই চৰকাৰ হওক, তেওঁলোকে যদি তেওঁলোকৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত কৰিব বিচাৰে, তেন্তে তেওঁলোকে কেইদিনমানৰ বাবে মনীষ চিছোদিয়াৰ সহায় ল'ব পাৰে। তেওঁ লগতে কয় যে চিকিৎসালয় আৰু মহল্লা ক্লিনিকৰ বাবে তেওঁ স্বাস্থ্যমন্ত্ৰী সাতয়েন্দ্ৰ জৈনক আনন্দেৰে ঋণ দিব। ‘আমাৰ লক্ষ্য নিৰ্বাচনত যুঁজ দিয়া আৰু সকলো ঠাইতে জয়লাভ কৰা নহয়। আমি নেপোলিয়ন নহয়... আমাৰ প্ৰাথমিকতা হৈছে দেশ। যদি ভাল কাম কৰি, তেওঁলোকে ভোট লাভ কৰে, তেনে হ’বলৈ দিয়ক। মাত্ৰ দেশখন আগবাঢ়ি যোৱা উচিত।’ কেজৰিৱালৰ এই আহ্বান এই সময়ৰ তুলনাত এক ব্যতিক্ৰম আহ্বান যি মূল্যবোধৰ ৰাজনীতিৰ এক আদৰ্শ বুলি বহুতে ক’ব খুজিছে। তেওঁৰ মতে যদি ভাল বিদ্যালয় নিৰ্মাণ হয়, তেন্তে ৰাজনীতিকে জাতি আৰু ধৰ্মৰ নামত ভোট নাপাব। সেয়ে তেওঁলোকে বিদ্যালয় নিবিচাৰে, তেওঁলোকে দেশভক্ত(দেশপ্ৰেমী) উৎপাদনৰ বাবে কাৰখানা বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু