--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আনে ‘সন্ত্ৰাসবাদী’ সজোৱা এজন ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে ভাৰতৰ সংবিধান প্ৰণেতা বাবাচাহেব ড০ ভীমৰাও ৰামজী আম্বেদকাৰ, ভগত সিঙৰ মনৰ সমাজখন। তেওঁ পূৰণ কৰিব বিচাৰিছে তেওঁলোকৰ সপোন। দেশৰ ধনী-দুখীয়া সকলো শ্ৰেণীৰ শিক্ষাৰ্থীৰ মনৰ পৰা প্ৰভেদ আঁতৰাই গঢ়িব বিচাৰিছে এখন সুষম সমাজ। কিন্তু কোন এই সন্ত্ৰাসবাদীজন? সমাগত পঞ্জাব নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত সকলোৰে যেন উমৈহতীয়া ৰাজনৈতিক প্ৰতিদ্বণ্ডী হৈ পৰিছিল আম আদমী পাৰ্টী। দিল্লীত কেজৰিৱালৰ ৰণনীতি আৰু উন্নয়নমূলক কামৰ যোগেদি ৰাইজৰ মাজত জনপ্ৰিয়তা হৈ পৰা কৌশল যেন কোনো ৰাজনৈতিক দলৰে সহ্য হোৱা নাই। সেয়ে সকলোৱে উঠি পৰি পঞ্জাবৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা আম আদমী পাৰ্টীৰ প্ৰধান তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিচ্ছিন্নতাবাদী ভাৱধাৰাৰ ব্যক্তি বুলি অভিহিত কৰিছিল। তেওঁক ‘সন্ত্ৰাসবাদী’ আখ্যা দিছিল সকলো বিৰোধী দলে। এই বিৰোধী দলবোৰৰ ভিতৰত আছিল বিজেপি, কংগ্ৰেছ, আকালি দল আদি। পঞ্জাৱত ‘আপ’ৰ ৰাজনৈতিক বিৰোধীসকলৰ দ্বাৰা বিচ্ছিন্নতাবাদী ধাৰণাক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ কেইদিনমানৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰত্যুত্তৰ দি কয় যে তেওঁলোকে ‘সন্ত্ৰাসবাদী’ বুলি কোৱা ব্যক্তিজনে দেশৰ কল্যাণৰ বাবে সম্পদ উৎসৰ্গা কৰি আছে। কিয়নো তেওঁৰ চৰকাৰে ১২,৪৩০ টা স্মাৰ্ট শ্ৰেণীকোঠা নিৰ্মাণ কৰিছে। ‘আপোনালোকে সন্ত্ৰাসবাদী বুলি কোৱা ব্যক্তিজনে আজি এই ১২,৪৩০ টা শ্ৰেণীকোঠা দেশলৈ উৎসৰ্গা কৰিছে। সেই সন্ত্ৰাসবাদীয়ে এনে বিদ্যালয় নিৰ্মাণ কৰি আছে য’ত দৰিদ্ৰ আৰু ধনীসকলে একেলগে পঢ়িব পাৰে। সেই সন্ত্ৰাসবাদীয়ে বাবাচাহেব আম্বেদকাৰ আৰু ভগত সিঙৰ সপোন পূৰণ কৰি আছে’। এনেদৰেই কেজৰিৱালে তেওঁক সন্ত্ৰাসবাদী সজোৱা অভিযোগৰ বিৰুদ্ধে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। তেওঁ লগতে কৈছিল, ‘প্ৰায় তিনি বছৰ আগতে আমি ১১,০০০ শ্ৰেণীকোঠা তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছিলোঁ। আজি মাত্ৰ তিনি বছৰৰ পিছত আমি ইয়াৰে ১২,৪৩০টা বনাবলৈ সক্ষম হৈছো। দেশৰ সামগ্ৰিক ব্যৱস্থাৰ কথা বিবেচনা কৰি এইটো এটা অলৌকিক ঘটনা। সাধাৰণতে, বিদ্যালয় আৰু চিকিৎসালয়ৰ আধাৰশিলা কেৱল নিৰ্বাচনৰ আগতে স্থাপন কৰা হয়, আৰু সেইবোৰ কেতিয়াও সম্পূৰ্ণ নহয়। ‘কিন্তু লক্ষ্যণীয়ভাৱে কেজৰিৱালে নিৰ্ধাৰিত লক্ষ্যত অতিক্ৰম কৰা দেখা গৈছিল। কেজৰিৱালে এই সাফল্যৰ বাবে সকলো দিল্লীবাসী আৰু বিদ্যালয়লৈ যোৱা শিশুসকলক অভিনন্দন জনাইছে। কেজৰিৱালে লগতে কয় যে যোৱা সাত বছৰত ২০,০০০ শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছে। আম্বেদকাৰৰ আদৰ্শৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়: ‘এয়া দুৰ্ভাগ্যজনক যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো দেশৰ আন প্ৰান্তৰ চৰকাৰী বিদ্যালয়সমূহত নিম্ন মানৰ শিক্ষাৰ বাবে দৰিদ্ৰ লোকসকল ক্ষতিগ্ৰস্ত হৈছে। মই সুখী যে আমি দিল্লীত অন্ততঃ বাবাচাহেবৰ সপোন পূৰণ কৰা আৰম্ভ কৰিছো।’ কেজৰিৱালে লগতে আন ৰাজ্য চৰকাৰৰ বাবেও এটা ঘোষণা কৰা দেখা গৈছিল। বিজেপি কংগ্ৰেছ বা যি দলৰেই চৰকাৰ হওক, তেওঁলোকে যদি তেওঁলোকৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থা উন্নত কৰিব বিচাৰে, তেন্তে তেওঁলোকে কেইদিনমানৰ বাবে মনীষ চিছোদিয়াৰ সহায় ল'ব পাৰে। তেওঁ লগতে কয় যে চিকিৎসালয় আৰু মহল্লা ক্লিনিকৰ বাবে তেওঁ স্বাস্থ্যমন্ত্ৰী সাতয়েন্দ্ৰ জৈনক আনন্দেৰে ঋণ দিব। ‘আমাৰ লক্ষ্য নিৰ্বাচনত যুঁজ দিয়া আৰু সকলো ঠাইতে জয়লাভ কৰা নহয়। আমি নেপোলিয়ন নহয়... আমাৰ প্ৰাথমিকতা হৈছে দেশ। যদি ভাল কাম কৰি, তেওঁলোকে ভোট লাভ কৰে, তেনে হ’বলৈ দিয়ক। মাত্ৰ দেশখন আগবাঢ়ি যোৱা উচিত।’ কেজৰিৱালৰ এই আহ্বান এই সময়ৰ তুলনাত এক ব্যতিক্ৰম আহ্বান যি মূল্যবোধৰ ৰাজনীতিৰ এক আদৰ্শ বুলি বহুতে ক’ব খুজিছে। তেওঁৰ মতে যদি ভাল বিদ্যালয় নিৰ্মাণ হয়, তেন্তে ৰাজনীতিকে জাতি আৰু ধৰ্মৰ নামত ভোট নাপাব। সেয়ে তেওঁলোকে বিদ্যালয় নিবিচাৰে, তেওঁলোকে দেশভক্ত(দেশপ্ৰেমী) উৎপাদনৰ বাবে কাৰখানা বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ