--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিম বংগ চৰকাৰৰ প্ৰবল বিৰোধিতাৰ বাবে ৰাজ্যখনত নাগৰিকত্ব সংশোধনী আইন বলবৎকৰণত বিলম্বিত হৈছে৷ এই মন্তব্য পশ্চিম বংগ ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰৰ৷ ভাৰতীয় জনতা পাৰ্টিৰ পশ্চিম বংগৰ সভাপতিগৰাকীয়ে দাবী কৰে যে ৰাজ্যখনত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰা হোৱা নাই৷ কাৰণ, মমতায়ে বেনাৰ্জী চৰকাৰে আইনখনৰ বিৰোধিতা কৰি আছে৷ উত্তৰ ২৪ পৰগণাৰ বনগাঁৱত পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থাকোতে ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে কয় যে বিজেপিয়ে সোনকালে বা পিছত হ’লেও আইনখন কাৰ্যকৰী কৰিবই৷ তেওঁ লগতে কয়, পশ্চিম বংগত আইনখন বলবৎকৰণত বিলম্ব হৈছে কাৰণ ৰাজ্য চৰকাৰে আইনখনৰ বিৰোধিতা কৰিছে। যদি ৰাজ্য চৰকাৰে বিচাৰে, আমি কাইলৈয়ে আইনখন বলবৎ কৰিব পাৰো৷ বনগাঁৱত মাটুৱাসকলৰ আধিপত্য আছে, দলিতসকলক লৈ গঠিত এই সম্প্ৰদায়টোৰ বেছিভাগ লোক বাংলাদেশৰ পৰা প্ৰব্ৰজিত আৰু বিজেপিক সমৰ্থন কৰিছিল। যদিও পশ্চিম বংগত মুঠ শৰণাৰ্থীৰ সংখ্যাৰ কেৱল এটা সৰু অংশ, মাটুৱাসকলক প্ৰায়ে তেওঁলোকৰ অত্যন্ত সংগঠিত শৰণাৰ্থী অধিকাৰৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ অংশীদাৰ হিচাপে গণ্য কৰা হয়। এখন ৰাষ্ট্ৰীয় সংবাদপত্ৰৰ মতে, চলিত বৰ্ষৰ জানুৱাৰী মাহত পশ্চিম বংগৰ মাটুৱা সম্প্ৰদায়ৰ কেইবাজনো বিজেপি বিধায়কে নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণৰ বাবে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ ওপৰত চাপ পুনৰ নবীকৰণ কৰাৰ সিদ্ধান্ত লৈছিল। ডিচেম্বৰত পশ্চিম বংগৰ বিজেপি নেতাসকলৰ এটা প্ৰতিনিধি দলে, ৰাজ্যখনৰ ১৭জন সাংসদকে ধৰি, আইনখন ৰূপায়ণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল৷ ২০২১ৰ ফেব্ৰুৱাৰীত পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৈছিল যে ক’ভিড-১৯ৰ টিকাকৰণ অভিযান সমাপ্ত হোৱাৰ পিছত আইনখন কাৰ্যকৰী কৰা হ’ব৷ ১১ ডিচেম্বৰ, ২০১৯ত সংসদৰ দ্বাৰা অনুমোদিত নাগৰিকত্ব সংশোধনী আইনে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ ছয়টা সংখ্যালঘু ধৰ্মীয় সম্প্ৰদায়ৰ শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰা হৈছে, এই চৰ্তত যে তেওঁলোকে ছয় বছৰ ভাৰতত বাস কৰিছে আৰু ৩১ ডিচেম্বৰ, ২০১৪ৰ ভিতৰত দেশখনত প্ৰৱেশ কৰিছে। অৱশ্যে, নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নিয়মসমূহ এতিয়াও প্ৰস্তুত হোৱা নাই বাবে আইনখন এতিয়াও কাৰ্যকৰী হোৱা নাই। চৰকাৰে কৈছিল যে ক’ভিড মহামাৰীৰ বাবে বিধিপ্ৰস্তুতত পলম হৈছিল আৰু একাধিক সম্প্ৰসাৰণ বিচাৰিছিল। নাগৰিকত্ব আইনক বৈষম্যমূলক বুলি ব্যাপকভাৱে সমালোচনা কৰা হৈছে আৰু ভাৰতীয় মুছলমানসকলে আশংকা কৰিছে যে ইয়াক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সৈতে তেওঁলোকক হাৰাশাস্তি আৰু বঞ্চিত কৰিবলৈ ব্যৱহাৰ কৰা হ’ব পাৰে৷ এইটোৱে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সৃষ্টি কৰিছিল। ইতিমধ্যে, তামিলনাডু, পশ্চিম বংগ, কেৰালা, পঞ্জাব, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ দৰে কেইবাখনো ৰাজ্যই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক প্ৰস্তাৱ আৱেদন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ