--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু শিশুৱে  শুই থাকোঁতে জোৰেৰে নাক বজায়।নাকৰ পৰা ওলোৱা শব্দ আনকি বহু দূৰলৈও শুনা যায়৷  শোৱাৰ সময়ত নাক বজোৱা শিশুৰ  মাক দেউতাকে বিষয়টোক বিশেষ গুৰুত্ব দিয়া দৰকাৰ বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে ৷ বহু শিশুৰ বয়স বাঢ়ি যোৱাৰ লগে লগে  শোৱাৰ সময়ত নাকেৰে শব্দ কৰাৰ  সমস্যাটোও বাঢ়িবলৈ ধৰে৷

টোপনিৰ সময়ত নাকেৰে শব্দ কৰিলে  উশাহ-নিশাহত অসুবিধা হয়, কাহ উঠিব পাৰে,ডিঙি শুকাই যাব পাৰে,  । বহু  চিকিৎসকৰ মতে শিশুৱে শোৱাৰ সময়ত নাকেৰে শব্দ কৰা  সমস্যাটোৰ বাবে দায়ী এক বিশেষ গ্ৰন্থি, যাৰ নাম এডেনইড। বহু শিশুৱে এই গ্ৰন্থিৰ বিভিন্ন সমস্যাত ভুগি থাকে।

এডেনইড গ্ৰন্থিটো শিশুৰ নাকৰ পিছফালৰ পৰা অলপ ওপৰলৈ আছে। পাঁচ বছৰ বয়সৰ পৰা ই অলপ সৰু হ'বলৈ আৰম্ভ কৰে আৰু যৌৱন লাভ কৰৰ সময়ত  প্ৰায় নাইকিয়া হৈ পৰে। এই গ্ৰন্থিয়ে  শিশুসকলক উশাহ লোৱা বা খোৱাৰ সময়ত বিভিন্ন প্ৰকাৰৰ ভাইৰাছ বা বেক্টেৰিয়াৰ পৰা সুৰক্ষিত ৰাখে। এডেনইড গ্ৰন্থি ফুলি যোৱাৰ ফলত শিশুসকল বিভিন্ন ধৰণে অসুস্থ হৈ পৰিব পাৰে।

গতিকে যদি তেনে শিশুৰ  সঠিক সময়ত চিকিৎসা কৰা নহয় তেন্তে কথা কোৱাত সমস্যা হ’ব পাৰে, কাণেৰে  কম শুনা হ’ব পাৰে , উশাহ লোৱাত অসুবিধা হ’ব পাৰে। আনকি  মুখেৰে   উশাহ লোৱাৰ  বাবে দাঁতৰ গাঁথনিৰ অৱনতি হ'ব পাৰে আৰু মুখমণ্ডলৰ বিকৃতিও হ'ব পাৰে। ব্ৰংকাইটিছ বা নিউমোনিয়াৰ দৰে ৰোগৰো আশংকা বৃদ্ধি পায়৷  এডেনইড সমস্যাৰ মুখ্য লক্ষণ হৈছে নাকৰ পৰা শব্দ ওলোৱা! এই ৰোগ কোৱাগুলেচন থেৰাপীৰে চিকিৎসা কৰা হয়। অৱশ্যে, যদি সময়মতে চিকিৎসা আৰম্ভ কৰা নহয়, সমস্যাটো বৃদ্ধি হ'ব পাৰে।


শিশুৰ নাকৰ পৰা শোৱাৰ সময়ত আন কেতবোৰ কাৰণতো শব্দ ওলাব পাৰে- 

১) বহুসময়ত এলাৰ্জিৰ সমস্যাৰ ফলত নাকত চৰ্দি জমা হয় আৰু নাক বন্ধ হৈ যায়। ল'ৰা ছোৱালীবোৰে তেতিয়াও  নাকেৰে শব্দ কৰে৷

২) যেতিয়া শিশুৰ হাপানীৰ সমস্যা  হয়, নাকৰ পৰা শোৱাৰ সময়ত  শব্দ ওলাব পাৰে৷ 

৩) অতিৰিক্ত ওজনৰ ফলত শিশুৰ শৰীৰত বহু ৰোগ হয়। যদিও ডিঙি আৰু ডিঙিৰ ওচৰত চৰ্বি জমা হ'বলৈ আৰম্ভ কৰে৷ ফলত শোৱাৰ সময়ত নাকৰ পৰা শব্দ ওলাব পাৰে৷ 

৪) স্লিপ এপনিয়াৰ সমস্যাৰ বাবেও  শিশুৰ নাকৰ পৰা শোৱাৰ সময়ত  শব্দ ওলাব পাৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক