--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু শিশুৱে  শুই থাকোঁতে জোৰেৰে নাক বজায়।নাকৰ পৰা ওলোৱা শব্দ আনকি বহু দূৰলৈও শুনা যায়৷  শোৱাৰ সময়ত নাক বজোৱা শিশুৰ  মাক দেউতাকে বিষয়টোক বিশেষ গুৰুত্ব দিয়া দৰকাৰ বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে ৷ বহু শিশুৰ বয়স বাঢ়ি যোৱাৰ লগে লগে  শোৱাৰ সময়ত নাকেৰে শব্দ কৰাৰ  সমস্যাটোও বাঢ়িবলৈ ধৰে৷

টোপনিৰ সময়ত নাকেৰে শব্দ কৰিলে  উশাহ-নিশাহত অসুবিধা হয়, কাহ উঠিব পাৰে,ডিঙি শুকাই যাব পাৰে,  । বহু  চিকিৎসকৰ মতে শিশুৱে শোৱাৰ সময়ত নাকেৰে শব্দ কৰা  সমস্যাটোৰ বাবে দায়ী এক বিশেষ গ্ৰন্থি, যাৰ নাম এডেনইড। বহু শিশুৱে এই গ্ৰন্থিৰ বিভিন্ন সমস্যাত ভুগি থাকে।

এডেনইড গ্ৰন্থিটো শিশুৰ নাকৰ পিছফালৰ পৰা অলপ ওপৰলৈ আছে। পাঁচ বছৰ বয়সৰ পৰা ই অলপ সৰু হ'বলৈ আৰম্ভ কৰে আৰু যৌৱন লাভ কৰৰ সময়ত  প্ৰায় নাইকিয়া হৈ পৰে। এই গ্ৰন্থিয়ে  শিশুসকলক উশাহ লোৱা বা খোৱাৰ সময়ত বিভিন্ন প্ৰকাৰৰ ভাইৰাছ বা বেক্টেৰিয়াৰ পৰা সুৰক্ষিত ৰাখে। এডেনইড গ্ৰন্থি ফুলি যোৱাৰ ফলত শিশুসকল বিভিন্ন ধৰণে অসুস্থ হৈ পৰিব পাৰে।

গতিকে যদি তেনে শিশুৰ  সঠিক সময়ত চিকিৎসা কৰা নহয় তেন্তে কথা কোৱাত সমস্যা হ’ব পাৰে, কাণেৰে  কম শুনা হ’ব পাৰে , উশাহ লোৱাত অসুবিধা হ’ব পাৰে। আনকি  মুখেৰে   উশাহ লোৱাৰ  বাবে দাঁতৰ গাঁথনিৰ অৱনতি হ'ব পাৰে আৰু মুখমণ্ডলৰ বিকৃতিও হ'ব পাৰে। ব্ৰংকাইটিছ বা নিউমোনিয়াৰ দৰে ৰোগৰো আশংকা বৃদ্ধি পায়৷  এডেনইড সমস্যাৰ মুখ্য লক্ষণ হৈছে নাকৰ পৰা শব্দ ওলোৱা! এই ৰোগ কোৱাগুলেচন থেৰাপীৰে চিকিৎসা কৰা হয়। অৱশ্যে, যদি সময়মতে চিকিৎসা আৰম্ভ কৰা নহয়, সমস্যাটো বৃদ্ধি হ'ব পাৰে।


শিশুৰ নাকৰ পৰা শোৱাৰ সময়ত আন কেতবোৰ কাৰণতো শব্দ ওলাব পাৰে- 

১) বহুসময়ত এলাৰ্জিৰ সমস্যাৰ ফলত নাকত চৰ্দি জমা হয় আৰু নাক বন্ধ হৈ যায়। ল'ৰা ছোৱালীবোৰে তেতিয়াও  নাকেৰে শব্দ কৰে৷

২) যেতিয়া শিশুৰ হাপানীৰ সমস্যা  হয়, নাকৰ পৰা শোৱাৰ সময়ত  শব্দ ওলাব পাৰে৷ 

৩) অতিৰিক্ত ওজনৰ ফলত শিশুৰ শৰীৰত বহু ৰোগ হয়। যদিও ডিঙি আৰু ডিঙিৰ ওচৰত চৰ্বি জমা হ'বলৈ আৰম্ভ কৰে৷ ফলত শোৱাৰ সময়ত নাকৰ পৰা শব্দ ওলাব পাৰে৷ 

৪) স্লিপ এপনিয়াৰ সমস্যাৰ বাবেও  শিশুৰ নাকৰ পৰা শোৱাৰ সময়ত  শব্দ ওলাব পাৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু