--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি দৈনিক খোৱা বস্তুবোৰে আমাৰ শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰাত বিভিন্ন প্ৰভাৱ পেলায়। কিছুমান বস্তুত দ্ৰৱণীয় আঁহ পোৱা যায়, যিয়ে ধমনীত কলেষ্টেৰল জমা হোৱাত বাধা দিয়ে, আনহাতে কিছুমান বস্তুত স্বাস্থ্যকৰ চৰ্বি থাকে, যিয়ে বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। একেদৰে কিছুমান শাক-পাচলি আছে যিয়ে কেতিয়াও কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিবলৈ নিদিয়ে। আঁহযুক্ত বিভিন্ন ধৰণৰ শাক-পাচলি সহজে পোৱা যায়, যিয়ে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। হৃদযন্ত্ৰও সুস্থ কৰি ৰাখে। এনে কিছুমান শাক-পাচলিৰ বিষয়ে জানো আহক।

১) বীটঃ নাইট্ৰেট, দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহ বীটত পোৱা যায়, যিয়ে শৰীৰৰ সিৰাবোৰ মুকলি কৰাৰ কাম কৰে। ইয়াৰ ফলত ৰক্ত সঞ্চালন ভাল হয়। বীট খালে বেয়া কলেষ্টেৰল কমি যায়। ইয়াৰ উপৰিও বীট নিয়মীয়াকৈ সেৱন কৰিলেও ৰক্তচাপৰ মাত্ৰা হ্ৰাস কৰিব পাৰি।

২) পালেংশাকঃ  আমি সকলোৱে জানো যে পালেং শাক এবিধ স্বাস্থ্যকৰ শাক। এই সেউজীয়া সতেজ পাতত ভিটামিন আৰু খনিজ পদাৰ্থকে ধৰি বহুতো পুষ্টিকৰ পদাৰ্থ পোৱা যায়, যিয়ে শৰীৰৰ পৰা বেয়া কলেষ্টেৰল আঁতৰোৱাত সহায় কৰে। বিশেষজ্ঞসকলৰ মতে খাদ্যত পালেং শাক অন্তৰ্ভুক্ত কৰিলে বেয়া কলেষ্টেৰলৰ মাত্ৰা সহজে নিয়ন্ত্ৰণ কৰিব পাৰি।

৩) ব্ৰকলিঃ ব্ৰকলিয়ে বেয়া কলেষ্টেৰলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ভিটামিন চি আৰু ডায়েটাৰী ফাইবাৰ ইয়াত অধিক পৰিমাণে পোৱা যায়, যাৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে। আঁহে শৰীৰত জমা হোৱা কলেষ্টেৰল শোষণ কৰাৰ কাম কৰে।

৪) গাজৰঃ প্ৰায়বোৰ মানুহৰ প্ৰিয় পাচলি গাজৰ। গাজৰৰ হালোৱা খাই মানুহে বৰ ভালপায়। বিটা-কেৰটিনৰ লগতে ডায়েটেৰী ফাইবাৰো গাজৰত পোৱা যায়, যাৰ ফলত শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা কমি যায়। গাজৰ খালে তেজ পৰিষ্কাৰ হয় আৰু লগতে বহু ৰোগৰ সম্ভাৱনাও কম হয়।

৫) নহৰুঃ  নহৰুক আয়ুৰ্বেদিক ঔষধ বুলিও গণ্য কৰা হয়, যিটো বহু স্বাস্থ্যজনিত সমস্যাত ব্যৱহাৰ কৰা হয়। নহৰুৰ এণ্টি-বেক্টেৰিয়েল, এণ্টি-ফেংগেল আৰু এণ্টি-মাইক্ৰ’বিয়াল গুণৰ বাবে জনাজাত আৰু কলেষ্টেৰল কমোৱাতো ইয়াৰ ফলপ্ৰসূতা পোৱা গৈছে। উচ্চ ৰক্তচাপ ৰোগীৰ বাবেও নহৰু উপকাৰী বুলি বিবেচিত হয় আৰু এইদৰে ই হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু