--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি দৈনিক খোৱা বস্তুবোৰে আমাৰ শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰাত বিভিন্ন প্ৰভাৱ পেলায়। কিছুমান বস্তুত দ্ৰৱণীয় আঁহ পোৱা যায়, যিয়ে ধমনীত কলেষ্টেৰল জমা হোৱাত বাধা দিয়ে, আনহাতে কিছুমান বস্তুত স্বাস্থ্যকৰ চৰ্বি থাকে, যিয়ে বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। একেদৰে কিছুমান শাক-পাচলি আছে যিয়ে কেতিয়াও কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিবলৈ নিদিয়ে। আঁহযুক্ত বিভিন্ন ধৰণৰ শাক-পাচলি সহজে পোৱা যায়, যিয়ে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। হৃদযন্ত্ৰও সুস্থ কৰি ৰাখে। এনে কিছুমান শাক-পাচলিৰ বিষয়ে জানো আহক।

১) বীটঃ নাইট্ৰেট, দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহ বীটত পোৱা যায়, যিয়ে শৰীৰৰ সিৰাবোৰ মুকলি কৰাৰ কাম কৰে। ইয়াৰ ফলত ৰক্ত সঞ্চালন ভাল হয়। বীট খালে বেয়া কলেষ্টেৰল কমি যায়। ইয়াৰ উপৰিও বীট নিয়মীয়াকৈ সেৱন কৰিলেও ৰক্তচাপৰ মাত্ৰা হ্ৰাস কৰিব পাৰি।

২) পালেংশাকঃ  আমি সকলোৱে জানো যে পালেং শাক এবিধ স্বাস্থ্যকৰ শাক। এই সেউজীয়া সতেজ পাতত ভিটামিন আৰু খনিজ পদাৰ্থকে ধৰি বহুতো পুষ্টিকৰ পদাৰ্থ পোৱা যায়, যিয়ে শৰীৰৰ পৰা বেয়া কলেষ্টেৰল আঁতৰোৱাত সহায় কৰে। বিশেষজ্ঞসকলৰ মতে খাদ্যত পালেং শাক অন্তৰ্ভুক্ত কৰিলে বেয়া কলেষ্টেৰলৰ মাত্ৰা সহজে নিয়ন্ত্ৰণ কৰিব পাৰি।

৩) ব্ৰকলিঃ ব্ৰকলিয়ে বেয়া কলেষ্টেৰলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ভিটামিন চি আৰু ডায়েটাৰী ফাইবাৰ ইয়াত অধিক পৰিমাণে পোৱা যায়, যাৰ ফলত হৃদযন্ত্ৰ সুস্থ হৈ থাকে। আঁহে শৰীৰত জমা হোৱা কলেষ্টেৰল শোষণ কৰাৰ কাম কৰে।

৪) গাজৰঃ প্ৰায়বোৰ মানুহৰ প্ৰিয় পাচলি গাজৰ। গাজৰৰ হালোৱা খাই মানুহে বৰ ভালপায়। বিটা-কেৰটিনৰ লগতে ডায়েটেৰী ফাইবাৰো গাজৰত পোৱা যায়, যাৰ ফলত শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা কমি যায়। গাজৰ খালে তেজ পৰিষ্কাৰ হয় আৰু লগতে বহু ৰোগৰ সম্ভাৱনাও কম হয়।

৫) নহৰুঃ  নহৰুক আয়ুৰ্বেদিক ঔষধ বুলিও গণ্য কৰা হয়, যিটো বহু স্বাস্থ্যজনিত সমস্যাত ব্যৱহাৰ কৰা হয়। নহৰুৰ এণ্টি-বেক্টেৰিয়েল, এণ্টি-ফেংগেল আৰু এণ্টি-মাইক্ৰ’বিয়াল গুণৰ বাবে জনাজাত আৰু কলেষ্টেৰল কমোৱাতো ইয়াৰ ফলপ্ৰসূতা পোৱা গৈছে। উচ্চ ৰক্তচাপ ৰোগীৰ বাবেও নহৰু উপকাৰী বুলি বিবেচিত হয় আৰু এইদৰে ই হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক