--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতৰ বতৰত ব্ৰ’কলি বজাৰত বেছিকৈ দেখিবলৈ পোৱা যায়। সোৱাদ আৰু গুণেৰে ভৰা ব্ৰ’কলি কেৱল আমাৰ ইমিউনিটী বৃদ্ধি কৰাই নহয়, ওজন হ্ৰাস কৰাতো সমানে সহায়ক। ভিটামিন-‘চি’ আৰু ‘কে’সমৃদ্ধ ব্ল’কলিত পৰ্যাপ্ত পৰিমাণে মেংগানিজ, পটাচিয়াম, মেগনেচিয়াম, অ’মেগা–৩, জিংক, কেলচিয়াম আৰু আয়ৰনৰ দৰে খনিজ দ্ৰব্য পোৱা যায়। সেয়েহে দৈনিক খাদ্য তালিকাত ব্ৰ’কলি অন্তৰ্ভুক্ত কৰক।


১. ব্ৰ’কলিৰ উপকাৰিতাঃ-ব্ৰ’কলীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে বীজাণু, ভাইৰাছৰ পৰা শৰীৰক ৰক্ষা কৰে। কাৰণ ব্ৰ’কলিত আছে প্ৰচূৰ পৰিমাণে ভিটামিন-চি।

২. কলেষ্টেৰল হ্ৰাস কৰে : ব্ৰ’কলিত থকা ফাইবাৰে শৰীৰৰ পৰা কলেষ্টেৰল বাহিৰ কৰি দিয়াত সহায় কৰে। আনকি পাচনতন্ত্ৰত উৎপন্ন হোৱা পিত্ত এচিডৰ ক্ষেত্ৰতো সহায় কৰে।

৩. হাড় মজবুত কৰে : ব্ৰ’কলিত আছে প্ৰচূৰ পৰিমাণৰ ভিটামিন-কে আৰু কেলচিয়াম, যিয়ে অষ্টিঅ’পৰোছিছ প্ৰতিৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তদুপৰি জিংক, ফছফৰাছ আৰু মেগনেচিয়ামৰ দৰে আন খনিজ ব্ৰ’কলিক পুষ্টিগুণেৰে ভৰপূৰ কৰি তোলে। প্ৰতিটো বয়সৰ লোকৰ বাবে ই এক চমৎকাৰৰ দৰে কাম কৰে।

৪. ওজন হ্ৰাস কৰে : ব্ৰ’কলিত প্ৰচূৰ পৰিমাণে ফাইবাৰ থকাৰ বাবে বহু সময়ত আমাৰ পেট ভৰ্তি ৰাখে যাৰ ফলত আমাৰ প্ৰয়োজনতকৈ অধিক খাদ্য খাব নোৱাৰে। ইয়াৰ ফলত কেলৰি কম থকাৰ বাবে আমাৰ ওজন হ্ৰাস কৰাত সহায়ক হয়। ইয়াৰ উপৰি হজম শক্তি বৃদ্ধি আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু