--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শেহতীয়া প্রযুক্তিসম্বলিত এটা ভৱিষ্যতৰ বাবে ছাত্র-ছাত্রীক প্ৰস্তুত কৰি তোলাৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্র্যালয়ে ঘোষণা কৰিছে যে কৃত্রিম বুদ্ধিমত্তা (এআই) আৰু কম্পিউটেশ্যনেল থিংকিং (চি টি)ৰ বিষয়ত সমগ্র দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব।

ডিজিটেল ডেস্ক : সমগ্ৰ ভাৰতৰ সকলো বিদ্যালয়তে কৃত্রিম বুদ্ধিমত্তাৰ (এআই) পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব চৰকাৰে।


শেহতীয়া প্রযুক্তিসম্বলিত এটা ভৱিষ্যতৰ বাবে ছাত্র-ছাত্রীক প্ৰস্তুত কৰি তোলাৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্র্যালয়ে ঘোষণা কৰিছে যে কৃত্রিম বুদ্ধিমত্তা (এআই) আৰু কম্পিউটেশ্যনেল থিংকিং (চি টি)ৰ বিষয়ত সমগ্র দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব। 


বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে 'ৰাজহুৱা সামগ্ৰীৰ বাবে এ আই' প্ৰস্তুত কৰাৰ দিশত ইয়াৰ প্রতিশ্রুতি সুদৃঢ় কৰি কয় যে এ আই হৈছে বর্তমান শিক্ষা ব্যৱস্থাৰ এটা প্রধান স্তম্ভ। এ আইৰ বিষয়ত পাঠ্যক্রমে গুৰুত্বপূৰ্ণ শিক্ষা সৃজনীশীলতা আৰু এ আইৰ নীতিগত শিক্ষা প্ৰাৰম্ভিক বয়সৰ পৰাই ছাত্র-ছাত্রীসকলক প্রদান কৰিব। যোৱা ২৯ অক্টোবৰত শিক্ষা মন্ত্রালয়ে চি বি এছ ই, এন চি ই আৰ টি, কে ভি এছ, এন ভি এছ আৰু বিশেষজ্ঞসকলৰ সৈতে এই বিষয়ত আলোচনা কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চি বি এছ ই) আই আই টি মাদ্রাজৰ অধ্যাপক কার্তিক ৰমনৰ নেতৃত্বত এখন বিশেষজ্ঞ সমিতি গঠন কৰি দি নতুন এ আই, চি টি পাঠ্যক্ৰমৰ ডিজাইন প্ৰস্তুত কৰাৰ দায়িত্ব দিয়ে। 


বিদ্যালয় শিক্ষা আৰু সাক্ষৰতাৰ সচিব সঞ্জয় কুমাৰে কয়, 'আমাৰ চাৰিওফালৰ পৃথিৱীৰ সৈতে সংযোগ স্থাপনৰ বাবে বৰ্তমান এটা মৌলিক উমৈহতীয়া কৌশল হৈছে শিক্ষাত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰয়োগ'। তেওঁ কয় যে বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ফ্ৰেমৱৰ্কৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ বাবে শিক্ষক প্রশিক্ষণ আৰু শিক্ষণ সামগ্রী, যেনে-প্রশিক্ষণ মডিউল, ভিডিঅ' ভিত্তিক পাঠ আদি সমগ্র বিদ্যালয়সমূহত ৰূপায়ণ কৰা হ'ব। এই ক্ষেত্ৰত এন চি ই আৰ টি আৰু চি বি এছ ইয়ে নিৰৱচ্ছিন্নভাৱে সমন্বয় সাধন কৰিব আৰু এ আই পাঠ্যক্ৰমৰ গাঁথনি আৰু গুণগতমান সু-নিশ্চিত কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু