--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শেহতীয়া প্রযুক্তিসম্বলিত এটা ভৱিষ্যতৰ বাবে ছাত্র-ছাত্রীক প্ৰস্তুত কৰি তোলাৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্র্যালয়ে ঘোষণা কৰিছে যে কৃত্রিম বুদ্ধিমত্তা (এআই) আৰু কম্পিউটেশ্যনেল থিংকিং (চি টি)ৰ বিষয়ত সমগ্র দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব।

ডিজিটেল ডেস্ক : সমগ্ৰ ভাৰতৰ সকলো বিদ্যালয়তে কৃত্রিম বুদ্ধিমত্তাৰ (এআই) পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব চৰকাৰে।


শেহতীয়া প্রযুক্তিসম্বলিত এটা ভৱিষ্যতৰ বাবে ছাত্র-ছাত্রীক প্ৰস্তুত কৰি তোলাৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্র্যালয়ে ঘোষণা কৰিছে যে কৃত্রিম বুদ্ধিমত্তা (এআই) আৰু কম্পিউটেশ্যনেল থিংকিং (চি টি)ৰ বিষয়ত সমগ্র দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব। 


বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে 'ৰাজহুৱা সামগ্ৰীৰ বাবে এ আই' প্ৰস্তুত কৰাৰ দিশত ইয়াৰ প্রতিশ্রুতি সুদৃঢ় কৰি কয় যে এ আই হৈছে বর্তমান শিক্ষা ব্যৱস্থাৰ এটা প্রধান স্তম্ভ। এ আইৰ বিষয়ত পাঠ্যক্রমে গুৰুত্বপূৰ্ণ শিক্ষা সৃজনীশীলতা আৰু এ আইৰ নীতিগত শিক্ষা প্ৰাৰম্ভিক বয়সৰ পৰাই ছাত্র-ছাত্রীসকলক প্রদান কৰিব। যোৱা ২৯ অক্টোবৰত শিক্ষা মন্ত্রালয়ে চি বি এছ ই, এন চি ই আৰ টি, কে ভি এছ, এন ভি এছ আৰু বিশেষজ্ঞসকলৰ সৈতে এই বিষয়ত আলোচনা কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চি বি এছ ই) আই আই টি মাদ্রাজৰ অধ্যাপক কার্তিক ৰমনৰ নেতৃত্বত এখন বিশেষজ্ঞ সমিতি গঠন কৰি দি নতুন এ আই, চি টি পাঠ্যক্ৰমৰ ডিজাইন প্ৰস্তুত কৰাৰ দায়িত্ব দিয়ে। 


বিদ্যালয় শিক্ষা আৰু সাক্ষৰতাৰ সচিব সঞ্জয় কুমাৰে কয়, 'আমাৰ চাৰিওফালৰ পৃথিৱীৰ সৈতে সংযোগ স্থাপনৰ বাবে বৰ্তমান এটা মৌলিক উমৈহতীয়া কৌশল হৈছে শিক্ষাত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰয়োগ'। তেওঁ কয় যে বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ফ্ৰেমৱৰ্কৰ সৈতে সংগতি ৰাখি এই পদক্ষেপ লোৱা হৈছে। ইয়াৰ বাবে শিক্ষক প্রশিক্ষণ আৰু শিক্ষণ সামগ্রী, যেনে-প্রশিক্ষণ মডিউল, ভিডিঅ' ভিত্তিক পাঠ আদি সমগ্র বিদ্যালয়সমূহত ৰূপায়ণ কৰা হ'ব। এই ক্ষেত্ৰত এন চি ই আৰ টি আৰু চি বি এছ ইয়ে নিৰৱচ্ছিন্নভাৱে সমন্বয় সাধন কৰিব আৰু এ আই পাঠ্যক্ৰমৰ গাঁথনি আৰু গুণগতমান সু-নিশ্চিত কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ