--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০০০ মেগাৱাটৰ এই বৃহৎ জলবিদ্যুৎ প্রকল্পটোৱে নামনিত প্ৰলয়ৰ সূচনা কৰিব বুলি সকলোৱে আশংকা প্রকাশ কৰি নামনিৰ সুৰক্ষাৰ বাবে এন এইচ পি চি কর্তৃপক্ষক দাবী জনাই আহিছিল।

ডিজিটেল ডেস্ক : অসম-অৰুণাচল জলবিদ্যুৎ প্রকল্পই নামনিত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সীমান্তৱৰ্তী গেৰুকামুখত নির্মীয়মাণ অৱস্থাত থকা নামনি সোৱণশিৰি আশংকাত বিভিন্ন দল-সংগঠন আৰু ৰাইজে সোৱণশিৰিৰ নামনিত জীৱন আৰু সা-সম্পত্তি সুৰক্ষাৰ দাবী জনাই আহিছিল।


২০০০ মেগাৱাটৰ এই বৃহৎ জলবিদ্যুৎ প্রকল্পটোৱে নামনিত প্ৰলয়ৰ সূচনা কৰিব বুলি সকলোৱে আশংকা প্রকাশ কৰি নামনিৰ সুৰক্ষাৰ বাবে এন এইচ পি চি কর্তৃপক্ষক দাবী জনাই আহিছিল। সেইমর্মে এন এইচ পি চিয়ে সোৱণশিৰিৰ নামনিত তথা নামনিৰ সুৰক্ষাৰ বাবে শেহতীয়াকৈ শ শ কোটি টকা আৱণ্টন দিছে যদিও এন এইচ পি চিৰ এই ধনৰ ব্যাপক অপচয় ঘটিছে।


বিশেষকৈ মাজুলী, লখিমপুৰ, ধেমাজিবাসীৰ সুৰক্ষাৰ বাবে এন এইচ পি চিয়ে আৱণ্টন দিয়া ধনৰ ব্যাপক অপচয় হোৱাৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে এন এইচ পি চিয়ে বিভিন্ন ঠিকাদাৰক নিবিদাৰ জৰিয়তে সোৱণশিৰি খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগ আৰু জালি স্থাপনৰ লগতে গাইড বান্ধ নিৰ্মাণৰ ঠিকা আৱণ্টন দি আহিছে যদিও এতিয়া ঘুণাসুঁতিৰ কলিয়নি, বামুণিজানত জিঅ' বেগ স্থাপনৰ নামত চূড়ান্ত অনিয়ম তথা প্রহসনৰ সৃষ্টি হৈছে। সংশ্লিষ্ট ঠিকাদাৰে নিম্ন মানৰ কামেৰে জিঅ' বেগ স্থাপন কৰাৰ বাবেই এতিয়া সোৱণশিৰিৰ খহনীয়াত জাহ গৈছে এই কোটিটকীয়া জিঅ' বেগসমূহ। যাৰ বাবে স্থানীয় ৰাইজে এতিয়া সেই স্থানত উপস্থিত হৈ এন এইচ পি চি তথা ঠিকাদাৰৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰিছে। আমাৰ হাতত পৰা তথ্য অনুসৰি হাইদৰ আলী নামৰ ঠিকাদাৰজনে বামুণিজানত প্রায় ৯০০ মিটাৰ দৈৰ্ঘ্যত সোৱণশিৰিৰ খহনীয়া ৰোধৰ বাবে ঠিকা আৱণ্টন লাভ কৰিছিল।


প্ৰায় ১২ কোটি টকীয়া এই আঁচনিখন এতিয়া আধৰুৱা হৈ থকাৰ লগতে নিম্ন মানেৰে কাম কৰাৰ বাবেই অঞ্চলটো সোৱণশিৰিৰ খহনীয়াৰ কবলত পৰাই নহয়, জিঅ'বেগসমূহ নদীৰ বুকুত জাহ গৈছে। ঠিকাদাৰে আঁচনি অনুসৰি এই জিঅ' বেগসমূহ নদীৰ পাৰৰ পৰা উপযুক্ত ক্ৰেনেৰে ১৪ মিটাৰ দূৰত্বত পেলাব লাগে যদিও ঠিকাদাৰজনে এই বেগসমূহ কম ক্ষমতাসম্পন্ন ক্ৰেনেৰে নদীৰ গৰাৰ কাষতে তথা নদীৰ পৰা প্ৰায় ৭/৮ মিটাৰ দূৰত্বত পেলাই অনিয়ম সংঘটিত কৰি অহাৰ বাবেই অঞ্চলটো খহনীয়াৰ কবলত পৰিছে। উল্লেখনীয় কথা যে এন এইচ পি চিৰ দায়িত্ববাহী বিষয়াই এই কামৰ সঠিক পর্যবেক্ষণ নকৰাৰ বাবেই ঠিকাদাৰে অনিয়মৰ সুবিধা পাবলৈ সক্ষম হয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ