--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০০০ মেগাৱাটৰ এই বৃহৎ জলবিদ্যুৎ প্রকল্পটোৱে নামনিত প্ৰলয়ৰ সূচনা কৰিব বুলি সকলোৱে আশংকা প্রকাশ কৰি নামনিৰ সুৰক্ষাৰ বাবে এন এইচ পি চি কর্তৃপক্ষক দাবী জনাই আহিছিল।

ডিজিটেল ডেস্ক : অসম-অৰুণাচল জলবিদ্যুৎ প্রকল্পই নামনিত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সীমান্তৱৰ্তী গেৰুকামুখত নির্মীয়মাণ অৱস্থাত থকা নামনি সোৱণশিৰি আশংকাত বিভিন্ন দল-সংগঠন আৰু ৰাইজে সোৱণশিৰিৰ নামনিত জীৱন আৰু সা-সম্পত্তি সুৰক্ষাৰ দাবী জনাই আহিছিল।


২০০০ মেগাৱাটৰ এই বৃহৎ জলবিদ্যুৎ প্রকল্পটোৱে নামনিত প্ৰলয়ৰ সূচনা কৰিব বুলি সকলোৱে আশংকা প্রকাশ কৰি নামনিৰ সুৰক্ষাৰ বাবে এন এইচ পি চি কর্তৃপক্ষক দাবী জনাই আহিছিল। সেইমর্মে এন এইচ পি চিয়ে সোৱণশিৰিৰ নামনিত তথা নামনিৰ সুৰক্ষাৰ বাবে শেহতীয়াকৈ শ শ কোটি টকা আৱণ্টন দিছে যদিও এন এইচ পি চিৰ এই ধনৰ ব্যাপক অপচয় ঘটিছে।


বিশেষকৈ মাজুলী, লখিমপুৰ, ধেমাজিবাসীৰ সুৰক্ষাৰ বাবে এন এইচ পি চিয়ে আৱণ্টন দিয়া ধনৰ ব্যাপক অপচয় হোৱাৰ অভিযোগ উঠিছে। উল্লেখযোগ্য যে এন এইচ পি চিয়ে বিভিন্ন ঠিকাদাৰক নিবিদাৰ জৰিয়তে সোৱণশিৰি খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগ আৰু জালি স্থাপনৰ লগতে গাইড বান্ধ নিৰ্মাণৰ ঠিকা আৱণ্টন দি আহিছে যদিও এতিয়া ঘুণাসুঁতিৰ কলিয়নি, বামুণিজানত জিঅ' বেগ স্থাপনৰ নামত চূড়ান্ত অনিয়ম তথা প্রহসনৰ সৃষ্টি হৈছে। সংশ্লিষ্ট ঠিকাদাৰে নিম্ন মানৰ কামেৰে জিঅ' বেগ স্থাপন কৰাৰ বাবেই এতিয়া সোৱণশিৰিৰ খহনীয়াত জাহ গৈছে এই কোটিটকীয়া জিঅ' বেগসমূহ। যাৰ বাবে স্থানীয় ৰাইজে এতিয়া সেই স্থানত উপস্থিত হৈ এন এইচ পি চি তথা ঠিকাদাৰৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰিছে। আমাৰ হাতত পৰা তথ্য অনুসৰি হাইদৰ আলী নামৰ ঠিকাদাৰজনে বামুণিজানত প্রায় ৯০০ মিটাৰ দৈৰ্ঘ্যত সোৱণশিৰিৰ খহনীয়া ৰোধৰ বাবে ঠিকা আৱণ্টন লাভ কৰিছিল।


প্ৰায় ১২ কোটি টকীয়া এই আঁচনিখন এতিয়া আধৰুৱা হৈ থকাৰ লগতে নিম্ন মানেৰে কাম কৰাৰ বাবেই অঞ্চলটো সোৱণশিৰিৰ খহনীয়াৰ কবলত পৰাই নহয়, জিঅ'বেগসমূহ নদীৰ বুকুত জাহ গৈছে। ঠিকাদাৰে আঁচনি অনুসৰি এই জিঅ' বেগসমূহ নদীৰ পাৰৰ পৰা উপযুক্ত ক্ৰেনেৰে ১৪ মিটাৰ দূৰত্বত পেলাব লাগে যদিও ঠিকাদাৰজনে এই বেগসমূহ কম ক্ষমতাসম্পন্ন ক্ৰেনেৰে নদীৰ গৰাৰ কাষতে তথা নদীৰ পৰা প্ৰায় ৭/৮ মিটাৰ দূৰত্বত পেলাই অনিয়ম সংঘটিত কৰি অহাৰ বাবেই অঞ্চলটো খহনীয়াৰ কবলত পৰিছে। উল্লেখনীয় কথা যে এন এইচ পি চিৰ দায়িত্ববাহী বিষয়াই এই কামৰ সঠিক পর্যবেক্ষণ নকৰাৰ বাবেই ঠিকাদাৰে অনিয়মৰ সুবিধা পাবলৈ সক্ষম হয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ডিচেম্বৰ-জানুৱাৰীত এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ সম্ভাৱনা , কাজিৰঙাত মুখ্যমন্ত্ৰীৰ ঘোষণা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়