ডিজিটেল ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে মানকাচৰ আৰক্ষীৰ অভিযান।
আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী।
ধৃত মানকাচৰ থানা এলেকাৰ ডাকেৰ গাঁৱৰ জিয়াদুল মিঞা।
আৰক্ষীৰ অভিযানত ধৃত সৰবৰাহকাৰীৰ পৰা ১০ টা বাণ্ডিলত ১৪৪০ টা কেপচুল জব্দ কৰে।
লগতে ML14-7617 নম্বৰৰ এটা আপাচী বাইক, এটা মবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।
সম্প্ৰতি,মানকাচৰ আৰক্ষীয়ে ধৃত ড্ৰাগছ ব্যৱসায়ীক সোধ পোচ অব্যাহত ৰাখিছে।