--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাবহ ঘটনা ঘটিছে পাটিয়ালাত। জন্মদিনৰ কেক খাই ৰহস্যজনকভাৱে এগৰাকী ১০ বছৰীয়া কন্যা শিশুৰ  মৃত্যু ঘটিছে।  পঞ্জাৱৰ পাটিয়ালাত ঘটা এই ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে। ধাৰণা কৰা অনুসৰি  খাদ্যৰ বিষক্ৰিয়াৰ ফলতে শিশুটিৰ মৃত্যু ঘটিছে। ছোৱালীজনীৰ ভনীয়েকেও কেকটো খাইছিল। তেঁৱো বৰ্তমান  অসুস্থ হৈ পৰিছে বুলিও জনা গৈছে।


পাটিয়ালাৰ বাসিন্দা মানবীয়ে নিজৰ  জন্মদিন উদযাপন কৰিছিল। জন্মদিনৰ কেকটো অনলাইনত অৰ্ডাৰ কৰা হৈছিল। মানবী  আৰু তেওঁৰ ভনীয়েকে কেকটো খাইছিল। এটা ভিডিঅ'ত দেখা গৈছে যে পৰিয়ালৰ আন সদস্যসকলে মানবীক কেক খুৱাই আছে। কেকটো খোৱাৰ পিছতে শিশুটি অসুস্থ হৈ পৰ। মানবীৰ ভনীয়েকেও বমি কৰিবলৈ আৰম্ভ কৰে। 

তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা  হয় যদিও চিকিৎসকে মানবীক মৃত ঘোষণা কৰে। অৱশ্যে, তেওঁৰ ভনীয়েক কোনোমতে বাচি  যাবলৈ সক্ষম হয়। ধাৰণা কৰা হৈছে যে ভনীয়েকে তেওঁ বমি কৰাৰ বাবেই শৰীৰৰ পৰা বিহ ওলাই আহিছিল। ঘটনা সন্দৰ্ভত মানবীৰ পৰিয়ালে এখন এজাহাৰ দাখিল কৰিছে। ন্যায় বিচাৰি ৰাজ্যৰ স্বাস্থ্য বিভাগলৈও অনুৰোধ জনোৱা  হৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ