--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটল ডেল্কঃ চিবিএছই বৰ্ডে ২০২৪ চনৰ পৰীক্ষাৰ বাবে মূল্যায়ন আঁচনিৰ পৰিৱৰ্তন ঘোষণা কৰিছে। এই পৰিৱৰ্তনসমূহৰ ভিতৰত 'বহু পছন্দৰ প্ৰশ্ন’ (এমচিকিউ)ৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। আনহাতে চুটি আৰু দীঘলীয়া উত্তৰৰ প্ৰশ্নসমূহ কমোৱা হৈছে।

এই পৰিৱৰ্তনসমূহ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ পৰামৰ্শৰ সৈতে মিল আছে- যিয়ে মুখস্থ শিক্ষণতকৈ সৃষ্টিশীল আৰু সমালোচনাত্মক চিন্তাধাৰাৰ ক্ষমতাক অগ্ৰাধিকাৰ দিয়ে।

কিন্তু এই পৰিৱৰ্তনসমূহ ২০২৩-২৪ চনৰ শৈক্ষিক বৰ্ষৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব পাৰে। নতুন ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো (এনচিএফ)ৰ সৈতে নতুন সংস্কাৰ প্ৰৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।

ব’ৰ্ডে দক্ষতাৰ ওপৰত ভিত্তি কৰা শিক্ষা ৰূপায়ণৰ লক্ষ্য ৰাখিছে। বাস্তৱ জীৱনৰ পৰিস্থিতিত শৈক্ষিক ধাৰণাসমূহৰ প্ৰয়োগৰ মূল্যায়ন কৰা হ’ব ইয়াৰ দ্বাৰা।

পিটিআইৰ মতে, চিবিএছই (একাডেমিকছ)ৰ সঞ্চালক জোচেফ ইমানুৱেলে কয় যে ব’ৰ্ডে ২০২৩-২৪ চনৰ শৈক্ষিক বৰ্ষৰ বাবে পৰীক্ষা আৰু মূল্যায়ন পদ্ধতিৰ পৰিৱৰ্তন আৰম্ভ কৰিছে যাতে মূল্যায়নক কম্পিটেন্সি ফ’কাচড এডুকেচনৰ সৈতে সংযুক্ত কৰিব পৰা যায়।

চিবিএছইৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত আধা প্ৰশ্ন (৫০%) দক্ষতাভিত্তিক হ’ব, য’ত বহু পছন্দৰ প্ৰশ্ন (এমচিকিউ), কেছ ভিত্তিক প্ৰশ্ন, উৎসভিত্তিক সংহত প্ৰশ্ন বা অন্যান্য ফৰ্মেট থাকিব। এই ধৰণৰ প্ৰশ্নবোৰৰ পৰিমাণ পূৰ্বৰ শৈক্ষিক বৰ্ষত ৪০% আছিল।

দশম শ্ৰেণী পৰ্যায়ৰ বাবে বস্তুনিষ্ঠ প্ৰশ্নসমূহ বিশেষভাৱে এমচিকিউ হ’ব, যি মুঠ ২০% থাকিব। আনহাতে চুটি উত্তৰ আৰু দীঘলীয়া উত্তৰৰ প্ৰশ্নৰ পৰিমাণ ৪০%ৰ পৰা ৩০%লৈ হ্ৰাস কৰা হৈছে।

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাতো ৪০% প্ৰশ্ন দক্ষতাকেন্দ্ৰিক হ’ব আৰু ইয়াত এমচিকিউ, কেছ ভিত্তিক প্ৰশ্ন, উৎসভিত্তিক সংহত প্ৰশ্ন, বা অন্যান্য ফৰ্মেট অন্তৰ্ভুক্ত হ’ব পাৰে। এই প্ৰশ্নসমূহৰ পৰিমাণ যোৱা শৈক্ষিক বৰ্ষত আছিল ৩০%।

দ্বাদশ শ্ৰেণী পৰ্যায়ৰ বাবে বস্তুনিষ্ঠ প্ৰশ্নসমূহো হ’ব এমচিকিউ আৰু ইয়াৰ পৰিমাণ ২০% হ’ব। চুটি উত্তৰ আৰু দীঘলীয়া উত্তৰৰ ধৰণৰ প্ৰশ্নৰ পৰিমাণ ৫০%ৰ পৰা ৪০%লৈ হ্ৰাস কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰথম ইনিংছত ভাৰতৰ ৩৫৮ ৰান
চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
মেঘালয়ত অসমৰ উচ্ছেদিতৰ প্ৰৱেশ নিষিদ্ধ
স্মার্ট জলসিঞ্চন পদ্ধতিৰ উদ্ভাৱন আই আই টি, বম্বেৰ
ৰাছিয়াত বিমান দুর্ঘটনাত ৪৮জনৰ মৃত্যু
শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবতৰ বিপণীত গ্ৰাহকৰ ভিৰ
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট