--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ সোণ খটোৱা দুটা দাঁতেই বিপদ মাতিলে এজন লোকৰ৷দৰাচলতে লোক জন এজন অপৰাধী৷  অভিযুক্ত লোকজনে এক নতুন পৰিচয়ৰে এখন নতুন ঠাইত বাস কৰি আছিল। আৰক্ষীৰ হাতৰ পৰা সাৰি থাকিবলৈ  তেওঁ মুম্বাইৰ পৰা গুজৰাটৰ কচ্ছলৈ নিজৰ থকা ঠাই  স্থানান্তৰ কৰিছিল। প্ৰবীণ জাদেজা নামৰ লোক জনৰ  দুটা সোণ খটোৱা দাঁতৰ বাবেই পিছে ১৬ বছৰৰ পিছত তেওঁৰ বিপদ মাতিলে৷   চেৱৰীৰ আৰএকে মাৰ্গ আৰক্ষীয়ে সেই সোণ খটোৱা দাঁত দুটাৰ আঁত ধৰিয়েই ৩৮ বছৰীয়া যুৱকজনক এটা প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল৷  

উল্লেখ্য  ২০০৭ চনতে তেওঁৰ বিৰুদ্ধে গোচৰ  পঞ্জীয়ন কৰা হৈছিল৷ তাৰ পিছতে অভিযুক্তজনে এক নতুন পৰিচয়ৰে আন ঠাইত থাকিবলৈ লৈছিল৷  আৰক্ষীয়ে জনোৱা অনুসৰি জাদেজাই ২০০৭ চনত পেৰেলত কাপোৰৰ দোকানত কাম কৰিছিল৷   সেই বছৰৰে ২৮ জুলাইত  জাদেজাক মালিকে ৪০,০০০ টকা সংগ্ৰহ কৰিবলৈ পঠিয়াইছিল ৷  কিন্তু জাদেজাই ডকাইতিৰ নাটক ৰচনা কৰি সেই ধন আত্মসাতৰ চেষ্টা কৰিছিল৷ কাপোৰ ব্যৱসায়ীজনে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

 গোচৰটোত জাদেজাৰ ভূমিকা নিশ্চিত কৰাৰ পিছত তেওঁক একেদিনাই গ্ৰেপ্তাৰ কৰা হৈছিল৷ কিন্তু জাদেজাই তিনি দিনৰ পিছত জামিন লাভ কৰিবলৈ সক্ষম হয় আৰু তাৰ  পিছতে  তেওঁ কচ্ছলৈ পলাই যায় । শুনানিৰ সময়ত তেওঁ আদালতত হাজিৰ হ'বলৈ বিফল হোৱাৰ পিছত, জাদেজাক পলাতক  অপৰাধী হিচাপে ঘোষণা কৰা হয়। সহকাৰী আৰক্ষী পৰিদৰ্শক মহেশ লামখাদে কয় , "এক বিশেষ অভিযানৰ অংশ হিচাপে মুম্বাই আৰক্ষীয়ে লোকজনক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছিল... আমি এমাহ আগতে পুনৰ জাদেজাক বিচাৰিবলৈ আৰম্ভ কৰিছিলো।" আমি পেৰেল এলেকাত তেওঁৰ বিষয়ে সোধা-পোছা আৰম্ভ কৰিছিলো, যিহেতু তেওঁ তাত কাম কৰিছিল। কিন্তু আমি কোনো তথ্য পোৱা নাছিলো," এজন বিষয়াই কয়৷ তেওঁ লগতে কয়  "পিছত  আমি লক্ষ্য কৰিছিলো যে তেওঁৰ দুটা প্ৰস্থেটিক দাঁত সোণেৰে বন্ধোৱা  আছে।আৰু আমি সেই পৃথক বৈশিষ্ট্যৰ ওপৰত আধাৰ কৰি লোক জনক বিচাৰিবলৈ আৰম্ভ কৰিলোঁ।" অনুসন্ধানৰ সময়ত,  আৰক্ষীয়ে জানিব পাৰে যে লোকজন   কচ্ছৰ মাণ্ডৱী তালুকাৰ চাভাৰাই গাঁৱত আছে৷  সেই ঠাইত থকা প্ৰবীণ জাদেজা নামৰ সকলো লোকৰ ওপৰত চকু ৰখা হৈছিল৷

তাৰে এজনৰ  দুটা সোণ  খটোৱা ৰখা দাঁত থকাৰ কথা নিশ্চিত হোৱাৰ পিছতে লোক জনক গ্ৰেপ্তাৰ কৰা হয়৷  নতুন ঠাইত প্ৰবীণে তেওঁৰ নাম আছিল প্ৰদীপসিংহ জেডেগা বুলি ৰাখিছিল । আৰক্ষীয়ে তেওঁলোকৰ ইনফৰ্মাৰৰ জৰিয়তে তেওঁৰ ছবি খন লাভ  কৰিবলৈ সক্ষম হৈছিল আৰু এনেদৰে জেডেগাক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হয়৷   আৰক্ষীয়ে  লোকজনক ফোন কৰি কৈছিল যে  তেওঁৰ এলআইচি পলিচি মেছিউৰড হৈছে সেই ধন আনিবলৈ তেওঁ মুম্বাইলৈ আহিব লাগে৷  প্ৰবীণ আহিছিল আৰু আৰক্ষীৰ জালত ভৰি দিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু