--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ সোণ খটোৱা দুটা দাঁতেই বিপদ মাতিলে এজন লোকৰ৷দৰাচলতে লোক জন এজন অপৰাধী৷  অভিযুক্ত লোকজনে এক নতুন পৰিচয়ৰে এখন নতুন ঠাইত বাস কৰি আছিল। আৰক্ষীৰ হাতৰ পৰা সাৰি থাকিবলৈ  তেওঁ মুম্বাইৰ পৰা গুজৰাটৰ কচ্ছলৈ নিজৰ থকা ঠাই  স্থানান্তৰ কৰিছিল। প্ৰবীণ জাদেজা নামৰ লোক জনৰ  দুটা সোণ খটোৱা দাঁতৰ বাবেই পিছে ১৬ বছৰৰ পিছত তেওঁৰ বিপদ মাতিলে৷   চেৱৰীৰ আৰএকে মাৰ্গ আৰক্ষীয়ে সেই সোণ খটোৱা দাঁত দুটাৰ আঁত ধৰিয়েই ৩৮ বছৰীয়া যুৱকজনক এটা প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল৷  

উল্লেখ্য  ২০০৭ চনতে তেওঁৰ বিৰুদ্ধে গোচৰ  পঞ্জীয়ন কৰা হৈছিল৷ তাৰ পিছতে অভিযুক্তজনে এক নতুন পৰিচয়ৰে আন ঠাইত থাকিবলৈ লৈছিল৷  আৰক্ষীয়ে জনোৱা অনুসৰি জাদেজাই ২০০৭ চনত পেৰেলত কাপোৰৰ দোকানত কাম কৰিছিল৷   সেই বছৰৰে ২৮ জুলাইত  জাদেজাক মালিকে ৪০,০০০ টকা সংগ্ৰহ কৰিবলৈ পঠিয়াইছিল ৷  কিন্তু জাদেজাই ডকাইতিৰ নাটক ৰচনা কৰি সেই ধন আত্মসাতৰ চেষ্টা কৰিছিল৷ কাপোৰ ব্যৱসায়ীজনে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

 গোচৰটোত জাদেজাৰ ভূমিকা নিশ্চিত কৰাৰ পিছত তেওঁক একেদিনাই গ্ৰেপ্তাৰ কৰা হৈছিল৷ কিন্তু জাদেজাই তিনি দিনৰ পিছত জামিন লাভ কৰিবলৈ সক্ষম হয় আৰু তাৰ  পিছতে  তেওঁ কচ্ছলৈ পলাই যায় । শুনানিৰ সময়ত তেওঁ আদালতত হাজিৰ হ'বলৈ বিফল হোৱাৰ পিছত, জাদেজাক পলাতক  অপৰাধী হিচাপে ঘোষণা কৰা হয়। সহকাৰী আৰক্ষী পৰিদৰ্শক মহেশ লামখাদে কয় , "এক বিশেষ অভিযানৰ অংশ হিচাপে মুম্বাই আৰক্ষীয়ে লোকজনক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছিল... আমি এমাহ আগতে পুনৰ জাদেজাক বিচাৰিবলৈ আৰম্ভ কৰিছিলো।" আমি পেৰেল এলেকাত তেওঁৰ বিষয়ে সোধা-পোছা আৰম্ভ কৰিছিলো, যিহেতু তেওঁ তাত কাম কৰিছিল। কিন্তু আমি কোনো তথ্য পোৱা নাছিলো," এজন বিষয়াই কয়৷ তেওঁ লগতে কয়  "পিছত  আমি লক্ষ্য কৰিছিলো যে তেওঁৰ দুটা প্ৰস্থেটিক দাঁত সোণেৰে বন্ধোৱা  আছে।আৰু আমি সেই পৃথক বৈশিষ্ট্যৰ ওপৰত আধাৰ কৰি লোক জনক বিচাৰিবলৈ আৰম্ভ কৰিলোঁ।" অনুসন্ধানৰ সময়ত,  আৰক্ষীয়ে জানিব পাৰে যে লোকজন   কচ্ছৰ মাণ্ডৱী তালুকাৰ চাভাৰাই গাঁৱত আছে৷  সেই ঠাইত থকা প্ৰবীণ জাদেজা নামৰ সকলো লোকৰ ওপৰত চকু ৰখা হৈছিল৷

তাৰে এজনৰ  দুটা সোণ  খটোৱা ৰখা দাঁত থকাৰ কথা নিশ্চিত হোৱাৰ পিছতে লোক জনক গ্ৰেপ্তাৰ কৰা হয়৷  নতুন ঠাইত প্ৰবীণে তেওঁৰ নাম আছিল প্ৰদীপসিংহ জেডেগা বুলি ৰাখিছিল । আৰক্ষীয়ে তেওঁলোকৰ ইনফৰ্মাৰৰ জৰিয়তে তেওঁৰ ছবি খন লাভ  কৰিবলৈ সক্ষম হৈছিল আৰু এনেদৰে জেডেগাক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হয়৷   আৰক্ষীয়ে  লোকজনক ফোন কৰি কৈছিল যে  তেওঁৰ এলআইচি পলিচি মেছিউৰড হৈছে সেই ধন আনিবলৈ তেওঁ মুম্বাইলৈ আহিব লাগে৷  প্ৰবীণ আহিছিল আৰু আৰক্ষীৰ জালত ভৰি দিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement