--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি এতিয়া আদানী বিতৰ্ক। আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে আদানী গোটৰ জালিয়াতিৰ অভিযোগ তোলাৰ পাছতে দেশৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ আছে। এইবাৰ আদানী বিতৰ্কই স্পৰ্শ কৰিছে সাহিত্য জগতকো। এক সাহিত্য অনুষ্ঠানত আদানী গোটৰ স্প’নচৰশ্বিপ থকাৰ বাবে বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে এগৰাকী দলিত কবিয়ে।

শেহতীয়াকৈ এখন ইংৰাজী কাকতে 'দেৱী বঁটা’ নামৰ এটা বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছিল। এই বঁটাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১২ গৰাকী মহিলাক মনোনীত কৰা হৈছিল। তাৰ ভিতৰত আছিল দলিত সাহিত্যৰ ওপৰত দীৰ্ঘদিন ধৰি কাম কৰা তামিল কবি সুকীৰ্থাৰণি। প্ৰথমে তেওঁ এই বঁটা গ্ৰহণ কৰিবলৈ আয়োজকসকলক সন্মতি প্ৰদান কৰিছিল।

কিন্তু পিছত তেখেতে জানিব পাৰে যে এই বঁটা প্ৰদান অনুষ্ঠান আদানী গোটে স্প’নচৰ কৰিছে। লগে লগে সুকীৰ্ত্তৰানীয়ে বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু আয়োজকসকলক জনাই দিয়ে যে তেওঁ আদানীৰ ধনেৰে কিনা পুৰস্কাৰ গ্ৰহণ নকৰে।

তামিলনাডুৰ ৰাজধানী চেন্নাইৰ এখন হোটেলত যোৱা ৮ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰা হয়। সুকীৰ্থাৰণীয়ে তেওঁক এই বঁটাৰ বাবে মনোনীত কৰাৰ বাবে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে। একে সময়তে তেওঁ এক সংবাদ সংস্থাক জনাইছিল যে বহু পিছত তেওঁ আদানীয়ে এই ‘দেৱী’ নামৰ বঁটাটিৰ স্প’নচৰ কৰা বুলি জানিব পাৰে।

এই কথা জানিব পাৰি তেওঁ লগে লগে বঁটা গ্ৰহণ কৰিব নোৱাৰাৰ বিষয়ে আয়োজকসকলক অৱগত কৰে। এই বিষয়ত নিজৰ স্থিতি উল্লেখ কৰি তেওঁ তামিল ভাষাত এক ফেচবুক পোষ্টো কৰে। ইংৰাজী দৈনিক এখনৰ সৈতে সাক্ষাৎকাৰত সুকীৰ্থাৰণীয়ে কয়, “বঁটা লাভ কৰাৰ এদিন পূৰ্বে মই খবৰ পাইছিলো যে অনুষ্ঠানটোক আদানী গ্ৰুপে স্প’নচৰ কৰিছে। আদানী গ্ৰুপৰ টকাৰে কিনা পুৰস্কাৰত মই সুখী হ’ব নোৱাৰোঁ৷ মই মোৰ লেখাত যি দৰ্শন, মতাদৰ্শ আৰু ৰাজনীতিৰ কথা কওঁ, তাৰ লগত ইয়াৰ কোনো মিল নাই।”– সুকীৰ্থাৰণীয়ে লগতে কয়। তেওঁ লগতে এই বিষয়তে দলিত সাহিত্য আৰু দলিত জীৱনৰ বিষয়েও আলোকপাত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন