--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি এতিয়া আদানী বিতৰ্ক। আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে আদানী গোটৰ জালিয়াতিৰ অভিযোগ তোলাৰ পাছতে দেশৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ আছে। এইবাৰ আদানী বিতৰ্কই স্পৰ্শ কৰিছে সাহিত্য জগতকো। এক সাহিত্য অনুষ্ঠানত আদানী গোটৰ স্প’নচৰশ্বিপ থকাৰ বাবে বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে এগৰাকী দলিত কবিয়ে।

শেহতীয়াকৈ এখন ইংৰাজী কাকতে 'দেৱী বঁটা’ নামৰ এটা বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছিল। এই বঁটাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১২ গৰাকী মহিলাক মনোনীত কৰা হৈছিল। তাৰ ভিতৰত আছিল দলিত সাহিত্যৰ ওপৰত দীৰ্ঘদিন ধৰি কাম কৰা তামিল কবি সুকীৰ্থাৰণি। প্ৰথমে তেওঁ এই বঁটা গ্ৰহণ কৰিবলৈ আয়োজকসকলক সন্মতি প্ৰদান কৰিছিল।

কিন্তু পিছত তেখেতে জানিব পাৰে যে এই বঁটা প্ৰদান অনুষ্ঠান আদানী গোটে স্প’নচৰ কৰিছে। লগে লগে সুকীৰ্ত্তৰানীয়ে বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু আয়োজকসকলক জনাই দিয়ে যে তেওঁ আদানীৰ ধনেৰে কিনা পুৰস্কাৰ গ্ৰহণ নকৰে।

তামিলনাডুৰ ৰাজধানী চেন্নাইৰ এখন হোটেলত যোৱা ৮ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰা হয়। সুকীৰ্থাৰণীয়ে তেওঁক এই বঁটাৰ বাবে মনোনীত কৰাৰ বাবে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে। একে সময়তে তেওঁ এক সংবাদ সংস্থাক জনাইছিল যে বহু পিছত তেওঁ আদানীয়ে এই ‘দেৱী’ নামৰ বঁটাটিৰ স্প’নচৰ কৰা বুলি জানিব পাৰে।

এই কথা জানিব পাৰি তেওঁ লগে লগে বঁটা গ্ৰহণ কৰিব নোৱাৰাৰ বিষয়ে আয়োজকসকলক অৱগত কৰে। এই বিষয়ত নিজৰ স্থিতি উল্লেখ কৰি তেওঁ তামিল ভাষাত এক ফেচবুক পোষ্টো কৰে। ইংৰাজী দৈনিক এখনৰ সৈতে সাক্ষাৎকাৰত সুকীৰ্থাৰণীয়ে কয়, “বঁটা লাভ কৰাৰ এদিন পূৰ্বে মই খবৰ পাইছিলো যে অনুষ্ঠানটোক আদানী গ্ৰুপে স্প’নচৰ কৰিছে। আদানী গ্ৰুপৰ টকাৰে কিনা পুৰস্কাৰত মই সুখী হ’ব নোৱাৰোঁ৷ মই মোৰ লেখাত যি দৰ্শন, মতাদৰ্শ আৰু ৰাজনীতিৰ কথা কওঁ, তাৰ লগত ইয়াৰ কোনো মিল নাই।”– সুকীৰ্থাৰণীয়ে লগতে কয়। তেওঁ লগতে এই বিষয়তে দলিত সাহিত্য আৰু দলিত জীৱনৰ বিষয়েও আলোকপাত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক