--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত ছলমান খানৰ বিপৰীতে দাবাং ছবিৰে বলীউডত অভিষেক ঘটাইছিল সোণাক্ষী সিনহাই। ছবিখন হিট হোৱাৰ লগে লগে সোণাক্ষীক বলীউডে গ্ৰহণ কৰে। ইয়াৰ পিছত সোণাক্ষীয়ে আন কিছুমান ছবিতো অভিনয় কৰে। এক সাক্ষাৎকাৰত সোণাক্ষীয়ে ছবিত প্ৰৱেশ কৰাৰ পূৰ্বে নিজৰ যাত্ৰাৰ বিষয়ে কয়। সোণাক্ষীয়ে কয় যে তেওঁ কলেজত পঢ়ি থাকোঁতে প্ৰথম চাকৰি পাইছিল। সেই সময়ত তেওঁ ফেশ্বন ডিজাইনিঙৰ পাঠ্যক্ৰম কৰি আছিল।

তেওঁ কয়, মোৰ প্ৰথম কাম আছিল কলেজত স্বেচ্ছাসেৱক হিচাপে। পাঁচদিনীয়া ফেশ্বন শ্ব’ৰ বাবে মই ৩০০০ টকা দৰমহা পাইছিলো। চাকৰিটোত মোৰ কৰ্তব্য আছিল মানুহক নিজৰ নিৰ্ধাৰিত আসনত বহিবলৈ দিয়া। এটা শ্ব’ত ছলমান খান আৰু আৰবাজ খানো আহিছিল। ছলমান ছাৰে মোক সুধিলে, তুমি ইয়াত কি কৰি আছা? দৰমহা পোৱা নে নোপোৱা? মই ক’লোঁ-হয়। তেওঁ সুধিলে-কিমান? মোৰ দৰমহা কোৱাৰ লগে লগে তেওঁ ডাঙৰকৈ হাঁহি এটা মাৰি সেই দৰমহাৰ পৰা তেওঁৰ বাবে উপহাৰ এটা আনিবলৈ ক’লে। মই এতিয়ালৈকে তেওঁক কোনো উপহাৰ দিয়া নাই কাৰণ তেতিয়া মই ভাবিছিলো তিনি হাজাৰ টকাত মই ছলমান ছাৰক কি উপহাৰ দিম।

তেতিয়া আৰবাজে কৈছিল যে তেওঁ এখন ছবিৰ পৰিকল্পনা কৰিছে আৰু মই তাত ফিট হ’ব পাৰো। ডেৰ বছৰৰ পাছত ছলমান ছাৰে মোক ফোন কৰি দাবাঙত নিজৰ নায়িকা হ’বলৈ প্ৰস্তাৱ আগবঢ়াইছিল। সোণাক্ষীয়ে কয় যে তেওঁৰ আগতে অভিনেত্ৰী হোৱাৰ কোনো ইচ্ছা নাছিল আৰু চেটত উপস্থিত হোৱাৰ লগে লগে ছবি নিৰ্মাণৰ প্ৰক্ৰিয়াটোৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। অভিনৱ কাশ্যপে পৰিচালনা কৰিছিল দাবাং। এই ছবিখনে শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু