--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত ছলমান খানৰ বিপৰীতে দাবাং ছবিৰে বলীউডত অভিষেক ঘটাইছিল সোণাক্ষী সিনহাই। ছবিখন হিট হোৱাৰ লগে লগে সোণাক্ষীক বলীউডে গ্ৰহণ কৰে। ইয়াৰ পিছত সোণাক্ষীয়ে আন কিছুমান ছবিতো অভিনয় কৰে। এক সাক্ষাৎকাৰত সোণাক্ষীয়ে ছবিত প্ৰৱেশ কৰাৰ পূৰ্বে নিজৰ যাত্ৰাৰ বিষয়ে কয়। সোণাক্ষীয়ে কয় যে তেওঁ কলেজত পঢ়ি থাকোঁতে প্ৰথম চাকৰি পাইছিল। সেই সময়ত তেওঁ ফেশ্বন ডিজাইনিঙৰ পাঠ্যক্ৰম কৰি আছিল।

তেওঁ কয়, মোৰ প্ৰথম কাম আছিল কলেজত স্বেচ্ছাসেৱক হিচাপে। পাঁচদিনীয়া ফেশ্বন শ্ব’ৰ বাবে মই ৩০০০ টকা দৰমহা পাইছিলো। চাকৰিটোত মোৰ কৰ্তব্য আছিল মানুহক নিজৰ নিৰ্ধাৰিত আসনত বহিবলৈ দিয়া। এটা শ্ব’ত ছলমান খান আৰু আৰবাজ খানো আহিছিল। ছলমান ছাৰে মোক সুধিলে, তুমি ইয়াত কি কৰি আছা? দৰমহা পোৱা নে নোপোৱা? মই ক’লোঁ-হয়। তেওঁ সুধিলে-কিমান? মোৰ দৰমহা কোৱাৰ লগে লগে তেওঁ ডাঙৰকৈ হাঁহি এটা মাৰি সেই দৰমহাৰ পৰা তেওঁৰ বাবে উপহাৰ এটা আনিবলৈ ক’লে। মই এতিয়ালৈকে তেওঁক কোনো উপহাৰ দিয়া নাই কাৰণ তেতিয়া মই ভাবিছিলো তিনি হাজাৰ টকাত মই ছলমান ছাৰক কি উপহাৰ দিম।

তেতিয়া আৰবাজে কৈছিল যে তেওঁ এখন ছবিৰ পৰিকল্পনা কৰিছে আৰু মই তাত ফিট হ’ব পাৰো। ডেৰ বছৰৰ পাছত ছলমান ছাৰে মোক ফোন কৰি দাবাঙত নিজৰ নায়িকা হ’বলৈ প্ৰস্তাৱ আগবঢ়াইছিল। সোণাক্ষীয়ে কয় যে তেওঁৰ আগতে অভিনেত্ৰী হোৱাৰ কোনো ইচ্ছা নাছিল আৰু চেটত উপস্থিত হোৱাৰ লগে লগে ছবি নিৰ্মাণৰ প্ৰক্ৰিয়াটোৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। অভিনৱ কাশ্যপে পৰিচালনা কৰিছিল দাবাং। এই ছবিখনে শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ