--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবীণ অভিনেত্ৰী ৰেখাৰ সৌন্দৰ্য্য এতিয়াও চকুত লগা। ৬৯ বছৰ বয়সতো ৰেখা আৱেদনময়ী হৈ আছে। ৰেখাই পঢ়া-শুনা এৰি ১৪ বছৰ বয়সতে ছবিত কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত ক্ৰমান্বয়ে অভিনেত্ৰী হিচাপে ছবিত কাম কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ চলচ্চিত্ৰ যাত্ৰাই সফলতাৰ শিখৰ চুমে। অৱশ্যে এই যাত্ৰাত ৰেখাইও বহু উত্থান-পতন দেখিছিল আৰু বহু মানুহৰ লগত শীতল যুদ্ধও কৰিছিল। 

তাৰ ভিতৰত শত্ৰুঘ্ন সিনহাও আছিল। এখন ছবিৰ শ্বুটিংৰ সময়ত দুয়োৰে মাজত কাজিয়া হৈছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত শত্ৰুঘ্ন সিনহাই ৰেখাৰ সৈতে হোৱা বিবাদৰ কথা কয়। ৰেখা আৰু শত্ৰুঘ্ন সিনহাই একেলগে কাম কৰিছিল ৰাকেশ ৰোশনৰ ছবি খুন ভৰী মাংগত, যাৰ শ্বুটিঙৰ সময়ত দুয়োৰে মাজত বহু সমস্যাৰ সৃষ্টি হৈছিল।

এক সাক্ষাৎকাৰত শত্ৰুঘ্ন সিনহাই কৈছিল ''ৰেখা আৰু মই বহু ছবিত একেলগে কাম কৰিছো। একে বছৰতে আমি আমাৰ কেৰিয়াৰ আৰম্ভ কৰিছিলো। সেই সময়ৰ ৰেখাক আজিৰ ছবি নিখুঁত ৰেখাৰ পৰা সম্পূৰ্ণ বেলেগ দেখা গৈছিল। খুন ভৰী মাংগৰ শ্বুটিঙৰ সময়ত আমি সৰু সৰু কথাক লৈ তৰ্ক কৰিছিলোঁ। ইয়াৰ পিছত ২০ বছৰ ধৰি আমি ইজনে সিজনৰ লগত কথা নাপাতিলোঁ।''

শত্ৰুঘ্ন সিনহাই আৰু কয়, ''মোৰ পত্নী পুনম সিনহাই ৰেখা আৰু মোৰ মাজত মাত-বোল কৰাই দিছিল। পুনম আৰু ৰেখা আছিল বহুত ভাল বন্ধু। এনে পৰিস্থিতিত মোৰ আৰু ৰেখাৰ মাজত হোৱা শীতল যুদ্ধৰ বাবে তেওঁলোকৰ বন্ধুত্বত সমস্যাৰ সৃষ্টি হ’বলৈ ধৰিলে। ৰেখাই মোৰ লগত ভাল হৈ দিলে আৰু মইও কথাবোৰ ধৰি নাথাকিলো। ৰেখাৰ বিষয়ে মই বহু কথা ক’লোঁ যিবোৰ মই কোৱা উচিত নাছিল। ৰেখাই মোৰ বিৰুদ্ধে কেতিয়াও প্ৰতিশোধ লোৱা নাছিল। ৰেখাৰ সৌন্দৰ্য্য কালজয়ী আৰু নিজকে তেওঁ বহুত ভালকৈ মেইনটেইন কৰিছে।''





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক