--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবীণ অভিনেত্ৰী ৰেখাৰ সৌন্দৰ্য্য এতিয়াও চকুত লগা। ৬৯ বছৰ বয়সতো ৰেখা আৱেদনময়ী হৈ আছে। ৰেখাই পঢ়া-শুনা এৰি ১৪ বছৰ বয়সতে ছবিত কাম কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত ক্ৰমান্বয়ে অভিনেত্ৰী হিচাপে ছবিত কাম কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁৰ চলচ্চিত্ৰ যাত্ৰাই সফলতাৰ শিখৰ চুমে। অৱশ্যে এই যাত্ৰাত ৰেখাইও বহু উত্থান-পতন দেখিছিল আৰু বহু মানুহৰ লগত শীতল যুদ্ধও কৰিছিল। 

তাৰ ভিতৰত শত্ৰুঘ্ন সিনহাও আছিল। এখন ছবিৰ শ্বুটিংৰ সময়ত দুয়োৰে মাজত কাজিয়া হৈছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত শত্ৰুঘ্ন সিনহাই ৰেখাৰ সৈতে হোৱা বিবাদৰ কথা কয়। ৰেখা আৰু শত্ৰুঘ্ন সিনহাই একেলগে কাম কৰিছিল ৰাকেশ ৰোশনৰ ছবি খুন ভৰী মাংগত, যাৰ শ্বুটিঙৰ সময়ত দুয়োৰে মাজত বহু সমস্যাৰ সৃষ্টি হৈছিল।

এক সাক্ষাৎকাৰত শত্ৰুঘ্ন সিনহাই কৈছিল ''ৰেখা আৰু মই বহু ছবিত একেলগে কাম কৰিছো। একে বছৰতে আমি আমাৰ কেৰিয়াৰ আৰম্ভ কৰিছিলো। সেই সময়ৰ ৰেখাক আজিৰ ছবি নিখুঁত ৰেখাৰ পৰা সম্পূৰ্ণ বেলেগ দেখা গৈছিল। খুন ভৰী মাংগৰ শ্বুটিঙৰ সময়ত আমি সৰু সৰু কথাক লৈ তৰ্ক কৰিছিলোঁ। ইয়াৰ পিছত ২০ বছৰ ধৰি আমি ইজনে সিজনৰ লগত কথা নাপাতিলোঁ।''

শত্ৰুঘ্ন সিনহাই আৰু কয়, ''মোৰ পত্নী পুনম সিনহাই ৰেখা আৰু মোৰ মাজত মাত-বোল কৰাই দিছিল। পুনম আৰু ৰেখা আছিল বহুত ভাল বন্ধু। এনে পৰিস্থিতিত মোৰ আৰু ৰেখাৰ মাজত হোৱা শীতল যুদ্ধৰ বাবে তেওঁলোকৰ বন্ধুত্বত সমস্যাৰ সৃষ্টি হ’বলৈ ধৰিলে। ৰেখাই মোৰ লগত ভাল হৈ দিলে আৰু মইও কথাবোৰ ধৰি নাথাকিলো। ৰেখাৰ বিষয়ে মই বহু কথা ক’লোঁ যিবোৰ মই কোৱা উচিত নাছিল। ৰেখাই মোৰ বিৰুদ্ধে কেতিয়াও প্ৰতিশোধ লোৱা নাছিল। ৰেখাৰ সৌন্দৰ্য্য কালজয়ী আৰু নিজকে তেওঁ বহুত ভালকৈ মেইনটেইন কৰিছে।''





FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু