গুৱাহাটী: দীৰ্ঘদিন ধৰি ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত অসমৰ বিশাল ভূ-ভাগ নদীগৰ্ভত বিলীন হৈ আহিছে। ইয়াৰ ফলত ৰাজ্যৰ ভূমিৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে। কিন্তু নদীখনে কেইবা দশক ধৰি গতি সলনি কৰাৰ ফলত কিছুমান স্থানত পুনৰ পলভ পৰি নতুন ভূমিৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে এই নতুন ভূ-খণ্ডসমূহ বিজ্ঞানসন্মতভাৱে পুনৰুদ্ধাৰ কৰি উৎপাদনশীল কামত ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ অন্বেষণ চলাইছে।
মঙলবাৰে কামৰূপ জিলাৰ শ্ৰীহটী চাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলত একসংহত নদীবেষ্টনী সুৰক্ষা, বান নিবাৰণ আৰু বহনক্ষম পুনৰুদ্ধাৰ প্ৰকল্পৰ অধীনত কয়াতলী প্ৰকল্প স্থান পৰিদৰ্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰই খহনীয়াৰ জৰিয়তে ৰাজ্যৰ গুৰুত্বপূৰ্ণ ভূমি কাঢ়ি নিলেও ২৫ ৰ পৰা ৫০ বছৰৰ ভিতৰত নদীখনে গতি সলনি কৰি কিছু ঠাইত ভূমি ঘূৰাইও দিয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ বগীবিধলৰ পৰা ধেমাজীলৈকে যোৱা অংশৰ তলত নতুন ভূমিৰ উত্থান হোৱাৰ কথা উল্লেখ কৰে। ইয়াৰোপৰি হাজো-লাহেশ্বৰী মন্দিৰৰ কাষৰ পৰা শ্ৰীহটীলৈকে প্ৰায় ২,০০০ ৰ পৰা ২,,৫০০ বিঘা ভূমি নতুনকৈ ওলাইছে বুলি তেওঁ জনায়। মায়ং অঞ্চলো একেধৰণৰ ভূমি পলভ পৰা পৰিস্থিতিৰ সাক্ষী হৈছে বুলি বিষয়া তথা প্ৰতিবেদনত প্ৰকাশ পাইছে। চৰকাৰে এই ভূমিাঞ্চলসমূহ চিহ্নিত কৰি প্ৰস্তাৱিত ভূমি পুনৰুদ্ধাৰ প্ৰকল্পৰ কাম হাতত লৈছে।