ডিজিটেল ডেস্ক: শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত জিয়াভৰলী নৈৰ সমীপৱৰ্তী বোকাগাঁও চাপৰিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ পিতা আৰু পুত্ৰৰ কৰুণ মৃত্যু ঘটে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।
দুৰ্ঘটনাটোত নিহত পিতা-পুত্ৰহাল হ'ল ধনঞ্জয় মিলি আৰু তেওঁৰ ১০ বছৰীয়া কণমানি পুত্ৰ অনুৰাগ মিলি।
প্ৰাপ্ত তথ্য অনুসৰি, ধনঞ্জয় মিলিয়ে নিজৰ ব্যক্তিগত ট্ৰেক্টৰখনেৰে পুত্ৰ অনুৰাগ মিলিক লগত লৈ বোকাগাঁও চাপৰিস্থ পথাৰত হাল বাবলৈ বুলি ওলাই গৈছিল। পথাৰত কাম কৰি থকা অৱস্থাতে হঠাৎ ট্ৰেক্টৰখন এটা প্ৰকাণ্ড গাঁতত সোমাই পৰি নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। ট্ৰেক্টৰখনৰ তলত চেপা খাই পিতা-পুত্ৰ দুয়োজনেই গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে চাৰিদুৱাৰ আৰক্ষী থানাৰ এটা দল তৎক্ষণাৎ দুৰঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত গুৰুতৰভাৱে আহত পিতা-পুত্ৰক উদ্ধাৰ কৰি তৎকালীনভাৱে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।
পিতা-পুত্ৰই এনেদৰে অকাল মৃত্যুক আঁকোৱালি লোৱা ঘটনাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।