ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় সাহিত্য জগতত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰঙিয়াৰ দশম শ্ৰেণীৰ উদীয়মান ছাত্ৰী তানাজ শইকীয়াই। ‘দা বাৰ্নিং লাইট’ৰ বাবে তানাজক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানীয় ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’ৰ শ্ৰেষ্ঠ আত্মপ্ৰকাশমূলক কবিতা পুথিৰ শাখাত এই সন্মান আগবঢ়োৱা হৈছে।
তেওঁৰ প্ৰথমখন কাব্যগ্ৰন্থক দেশৰ আগশাৰীৰ ডিজিটেল সাহিত্য মঞ্চ ‘দা লিটাৰেচাৰ টাইমছ’ৰ দ্বাৰা আয়োজিত এক বঁটা প্ৰদান অনুষ্ঠানত দেশৰ বিশিষ্ট আৰু প্ৰতিভাৱান লেখকসকলৰ লগত এই স্বীকৃতি আগবঢ়োৱা হয়। কবিতাপুথিখনৰ জৰিয়তে সাহিত্য জগতলৈ আগবঢ়োৱা অনন্য আৰু অসাধাৰণ অৱদানৰ স্বীকৃতিস্বৰূপে তানাজলৈ আনুষ্ঠানিকভাৱে প্ৰশস্তিপত্ৰ আৰু 'মেমেণ্টো' প্ৰদান কৰা হয়।
কাব্যগ্ৰন্থখনৰ মৌলিক বিষয়বস্তু, আৱেগিক গভীৰতা আৰু জীৱনমুখী দৃষ্টিভংগীৰ বাবে বিচাৰকসকলে তানাজ শইকীয়াৰ সৃষ্টিশীল প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে । ৰঙিয়াৰ সাহান নিবাসী ডাঃ আব্দুল চালাম আৰু আচমা শইকীয়াৰ কন্যা তথা মডাৰ্ণ ইংলিছ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজে এগৰাকী নতুন প্ৰজন্মৰ কবি হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে এক মঞ্চত স্বীকৃতি লাভ কৰাৰ পিছত তেওঁলৈ বিভিন্ন মহলে শুভেচ্ছা জনায়।
উল্লেখ্য যে ‘দা লিটাৰেচাৰ টাইমছ’-এ এক আনুষ্ঠানিক ঘোষণাৰ জৰিয়তে এই ছিজনৰ বিজয়ীসকলৰ তালিকা ৰাজহুৱা কৰে। সমগ্ৰ দেশৰ বহুসংখ্যক প্ৰতিভাৱান লেখক-লেখিকাৰ সৃষ্টিশীল কৰ্মৰ মাজৰ পৰা মৌলিকতা, শৈল্পিক গভীৰতা আৰু ভাব প্ৰকাশৰ উৎকৃষ্টতাৰ বাবে তনাজ শইকীয়াৰ ‘দা বাৰ্নিং লাইট’ গ্ৰন্থখন বিশেষভাৱে নিৰ্বাচিত হয় । ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য মঞ্চত এনে এক উল্লেখনীয় সফলতাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্য অনুৰাগীসকলৰ মাজত আনন্দৰ সৃষ্টি কৰিছে।