--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বহুপ্ৰত্যাশিত ক্ৰিকেট বিশ্বকাপ ২০২৩। এইদৰে বিশ্বকাপ আৰম্ভ হ’বলৈ প্ৰায় ৪০ দিন বাকী আছে।এইবাৰ বিশ্বকাপ ২০২৩ৰ আয়োজক ভাৰত। এই প্ৰতিযোগিতাৰ খেলসমূহ ভাৰতৰ ১২খন ভিন্ন খেলপথাৰত অনুষ্ঠিত হ’ব। কোনটো সংমিশ্ৰণেৰে ভাৰতীয় দলটোৱে বিশ্বকাপত প্ৰৱেশ কৰিব? এইটো এটা ডাঙৰ প্ৰশ্ন হৈয়েই আছে। কিন্তু ইয়াৰ মাজতে ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে আগন্তুক বিশ্বকাপৰ বাবে নিজৰ দলীয় একাদশ বাছনি কৰিছে।

প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে ৰোহিত শৰ্মা আৰু শুভমান গিলক নিজৰ দলৰ অ’পেনাৰ হিচাপে বাছনি কৰিছে। আনহাতে ঈশান কিষাণক ৩ নম্বৰৰ পদৰ বাবে নিৰ্বাচিত কৰা হৈছে। একে সময়তে বিৰাট কোহলী হ’ব ৪ নম্বৰ বেটছমেন। দাদাই নিজৰ দলৰ ৫ নম্বৰৰ বাবে শ্ৰেয়ছ আয়াৰক নিৰ্বাচন কৰিছে । আনহাতে ছয় নম্বৰত উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলক তেওঁৰ পছন্দ বুলি কোৱা হৈছে। ইয়াৰ উপৰিও সূৰ্যকুমাৰ যাদৱেও সৌৰভ গাংগুলীৰ দলত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয়।

সৌৰভ গাংগুলীয়ে হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেলক বিশ্বকাপৰ বাবে অল ৰাউণ্ডাৰ হিচাপে নিৰ্বাচিত কৰিছে। দাদাই কুলদীপ যাদৱৰ পক্ষত স্পিনাৰ হিচাপে আস্থা প্ৰকাশ কৰিছে। আনহাতে যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, মহম্মদ ছামি আৰু শ্বাৰদুল ঠাকুৰে বেষ্ট বলাৰ হিচাপে ভাৰতৰ প্ৰাক্তন অধিনায়কৰ দলত স্থান লাভ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু