--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন এটা দলে এছিয়া কাপৰ দল ঘোষণা কৰে। দেওবাৰে আফগানিস্তানে ১৭ জনীয়া দলটো ঘোষণা কৰে। ছবছৰৰ অন্তত পুনৰ দললৈ ঘূৰি আহিল কৰিম জনত। এছিয়া কাপৰ গ্ৰুপ বিত আছে আফগানিস্তান। তাত শ্ৰীলংকা আৰু বাংলাদেশৰ বিৰুদ্ধে খেলিব।

জানাটে শেষবাৰৰ বাবে ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত জিম্বাবুৱেৰ বিৰুদ্ধে দেশখনৰ হৈ খেলিছিল। তাৰ পিছত তেওঁক পুনৰ এদিনীয়া ফৰ্মেটত দেখা পোৱা নগ’ল। কিন্তু তেওঁ নিয়মিতভাৱে টি-২০ ফৰ্মেটত খেলে। চলিত বৰ্ষৰ জুলাই মাহত বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত হেট্ৰিক অৰ্জন কৰিছিল। চলিত বৰ্ষৰ আৰম্ভণিতে বাংলাদেশৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটায়।

দললৈ ঘূৰি আহিছে শৰাফুদ্দিন আশ্ৰাফে। ২০২২ চনৰ জানুৱাৰীৰ পাছত তেওঁ দেশৰ হৈ এদিনীয়া ক্ৰিকেট খেলা নাছিল। শেহতীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলাসকলৰ ভিতৰত ৱাফাদাৰ মোমাণ্ড আৰু আজমাতুল্লাহ ওমৰজাইৰ বাহিৰে আন সকলোৱে এছিয়া কাপত সুযোগ লাভ কৰিছে। পাকিস্তানৰ বিৰুদ্ধে তৃতীয়খন মেচ খেলিব নোৱাৰিলে পেশীৰ ষ্ট্ৰেইনৰ বাবে ওমৰজাই।

আফগানিস্তানৰ দলটোক নেতৃত্ব দিব হাছমাতুল্লাহ শ্বাহিদীয়ে। ৰহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহিম জাদ্ৰানে দলৰ শীৰ্ষ অৰ্ডাৰ চম্ভালিব। মধ্যম অৰ্ডাৰ চম্ভালিবলৈ দায়িত্ব ৰিয়াজ হাছান, মহম্মদ নবী আৰু শ্বাহিদীৰ ওপৰত। পাকিস্তানৰ বিৰুদ্ধে এখন মেচ খেলা নাই সত্ত্বেও দলত ৰখা হৈছে নাজিবুল্লাহ জাদ্ৰানক। উইকেটকীপাৰ বেটছমেন ইক্ৰাম আলিখিল আৰু ৰহমত শ্বাহৰ ক্ষেত্ৰতো একেই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

স্পিন বলিং চম্ভালিব ৰছিদ খানে। নূৰ আহমদ আৰু মুজিব উৰ ৰহমানো আছে। পাকিস্তানৰ বিৰুদ্ধে এখনো মেচ খেলিব নোৱাৰাৰ পাছতো নুৰক নিজৰ প্ৰতিভাৰ বাবে দলত ৰখা হৈছিল। পেচ বলিঙৰ নেতৃত্ব দিব ফাজলহাক ফাৰুকিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু