--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা স্পেচ ডকিং এক্সপেৰিমেণ্ট বা স্পেডেক্সৰ জৰিয়তে আন এক মাইলৰ খুঁটি স্থাপন কৰিবৰ বাবে সাজু হৈছে। এই অভিযানৰ অন্তত ভাৰতে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত মহাকাশত দুখন মহাকাশযান বা উপগ্ৰহ ডকিং কৰাৰ ক্ষমতা থকা বিশ্বৰ তিনিখন দেশ আমেৰিকা, ৰাছিয়া আৰু চীনৰ সমকক্ষ হৈ পৰিব৷

স্পেডেক্স হৈছে ইছৰোৰ ২০২৪ বৰ্ষৰ শেষৰটো মিছন। এই অভিযানে মহাকাশ গৱেষণা আৰু সহযোগিতাৰ নতুন পথ মুকলি কৰিব বুলি আশা কাৰ হৈছে। এই অভিযানৰ জৰিয়তে বিশ্ব মহাকাশ গোষ্ঠীৰ প্ৰধান খেলুৱৈ হিচাপে ভাৰতৰ ভূমিকা শক্তিশালী হ’ব। আজি অৰ্থাৎ সোমবাৰে নিশা ৯:৫৮ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C60 ৰকেটৰ জৰিয়তে দুটা উপগ্ৰহ উৎক্ষেপণ কৰিব ইছৰোৱে। এই অভিযানৰ জৰিয়তে ভাৰতে মহাকাশত ডকিং আৰু আনডকিং প্ৰযুক্তি পৰীক্ষা কৰিব। যদি ভাৰত ইয়াত সফল হয় তেন্তে ভাৰত এই সক্ষমতা থকা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব।

স্পেডেক্সৰ মিছন সম্পৰ্কে সবিশেষ-

মহাকাশত মহাকাশ ডকিং পৰীক্ষা৷

ৰাছিয়া, আমেৰিকা, চীনৰ সৈতে অভিজাত ক্লাবত অন্তৰ্ভুক্ত হ’ব ভাৰত৷

পিএছএলভি-চি৬০ ৰকেটৰ জৰিয়তে উৎক্ষেপণ৷ 

৬২ সংখ্যক উৎক্ষেপণৰ বাবে পিএছএলভিৰ ওজন ২২৯ টন ৷

পৰীক্ষণৰ বাবে দুটা সৰু উপগ্ৰহ উৎক্ষেপণ কৰা হ'ব৷

ডকিং প্ৰযুক্তি চন্দ্ৰযান-৪ৰ বাবে সহায়ক হ’ব।

উল্লেখযোগ্য যে যেতিয়া সাধাৰণ অভিযানৰ লক্ষ্যত উপনীত হ’বলৈ যেতিয়া একাধিক ৰকেট নিক্ষেপ কৰিবলগীয়া হয় তেতিয়া ‘ডকিং’ প্ৰযুক্তিৰ প্ৰয়োজন হয়। এই অভিযানত সফল হ’লে ভাৰতে ‘ডকিং’ প্ৰযুক্তি সক্ষম বিশ্বৰ চতুৰ্থখন দেশ হোৱাৰ দিশত আগবাঢ়িব। ইছৰোৰ মতে, স্পেডেক্স অভিযানৰ অধীনত দুখন সৰু মহাকাশযান স্বতন্ত্ৰভাৱে আৰু একেলগে পিএছএলভি-চি৬০ৰ দ্বাৰা, ৫৫ ডিগ্ৰী হেলনীয়া অৱস্থাত ৪৭০ কিলোমিটাৰ বৃত্তাকাৰ কক্ষপথত উৎক্ষেপণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ