--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা স্পেচ ডকিং এক্সপেৰিমেণ্ট বা স্পেডেক্সৰ জৰিয়তে আন এক মাইলৰ খুঁটি স্থাপন কৰিবৰ বাবে সাজু হৈছে। এই অভিযানৰ অন্তত ভাৰতে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত মহাকাশত দুখন মহাকাশযান বা উপগ্ৰহ ডকিং কৰাৰ ক্ষমতা থকা বিশ্বৰ তিনিখন দেশ আমেৰিকা, ৰাছিয়া আৰু চীনৰ সমকক্ষ হৈ পৰিব৷

স্পেডেক্স হৈছে ইছৰোৰ ২০২৪ বৰ্ষৰ শেষৰটো মিছন। এই অভিযানে মহাকাশ গৱেষণা আৰু সহযোগিতাৰ নতুন পথ মুকলি কৰিব বুলি আশা কাৰ হৈছে। এই অভিযানৰ জৰিয়তে বিশ্ব মহাকাশ গোষ্ঠীৰ প্ৰধান খেলুৱৈ হিচাপে ভাৰতৰ ভূমিকা শক্তিশালী হ’ব। আজি অৰ্থাৎ সোমবাৰে নিশা ৯:৫৮ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C60 ৰকেটৰ জৰিয়তে দুটা উপগ্ৰহ উৎক্ষেপণ কৰিব ইছৰোৱে। এই অভিযানৰ জৰিয়তে ভাৰতে মহাকাশত ডকিং আৰু আনডকিং প্ৰযুক্তি পৰীক্ষা কৰিব। যদি ভাৰত ইয়াত সফল হয় তেন্তে ভাৰত এই সক্ষমতা থকা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব।

স্পেডেক্সৰ মিছন সম্পৰ্কে সবিশেষ-

মহাকাশত মহাকাশ ডকিং পৰীক্ষা৷

ৰাছিয়া, আমেৰিকা, চীনৰ সৈতে অভিজাত ক্লাবত অন্তৰ্ভুক্ত হ’ব ভাৰত৷

পিএছএলভি-চি৬০ ৰকেটৰ জৰিয়তে উৎক্ষেপণ৷ 

৬২ সংখ্যক উৎক্ষেপণৰ বাবে পিএছএলভিৰ ওজন ২২৯ টন ৷

পৰীক্ষণৰ বাবে দুটা সৰু উপগ্ৰহ উৎক্ষেপণ কৰা হ'ব৷

ডকিং প্ৰযুক্তি চন্দ্ৰযান-৪ৰ বাবে সহায়ক হ’ব।

উল্লেখযোগ্য যে যেতিয়া সাধাৰণ অভিযানৰ লক্ষ্যত উপনীত হ’বলৈ যেতিয়া একাধিক ৰকেট নিক্ষেপ কৰিবলগীয়া হয় তেতিয়া ‘ডকিং’ প্ৰযুক্তিৰ প্ৰয়োজন হয়। এই অভিযানত সফল হ’লে ভাৰতে ‘ডকিং’ প্ৰযুক্তি সক্ষম বিশ্বৰ চতুৰ্থখন দেশ হোৱাৰ দিশত আগবাঢ়িব। ইছৰোৰ মতে, স্পেডেক্স অভিযানৰ অধীনত দুখন সৰু মহাকাশযান স্বতন্ত্ৰভাৱে আৰু একেলগে পিএছএলভি-চি৬০ৰ দ্বাৰা, ৫৫ ডিগ্ৰী হেলনীয়া অৱস্থাত ৪৭০ কিলোমিটাৰ বৃত্তাকাৰ কক্ষপথত উৎক্ষেপণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু