--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বাজেট (লেখানুদান) উত্থাপনৰ পূৰ্বে অনুষ্ঠিত এই বৈঠকত কেবিনেটে ২০২৬-২৭ বৰ্ষৰ লেখানুদানখন অনুমোদন কৰাৰ লগতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে নতুনকৈ ১,০৩,৫০০ হিতাধিকাৰীক সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ডিজিটেল ডেস্ক: ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে অসম চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিত ৩ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম বিধানসভাৰ সভাকক্ষত আয়োজিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।


বাজেট (লেখানুদান) উত্থাপনৰ পূৰ্বে অনুষ্ঠিত এই বৈঠকত কেবিনেটে ২০২৬-২৭ বৰ্ষৰ লেখানুদানখন অনুমোদন কৰাৰ লগতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে নতুনকৈ ১,০৩,৫০০ হিতাধিকাৰীক সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে কাৰ্বি আংলং জিলাৰ লংভাকুত অসমৰ দ্বিতীয়খন সৈনিক স্কুল স্থাপনৰ অৰ্থে ৩৩৫ কোটি টকা অনুমোদন জনায়। এই সৈনিক স্কুলখন স্থাপনত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনুমোদন দিয়ে। 


আনহাতে, অসম ক্রিকেট সন্থাৰ এখন ষ্টেডিয়াম নিৰ্মাণৰ বাবে কেবিনেটে ধেমাজিত ৩১ বিঘা মাটি আবণ্টনত অনুমোদন জনায়। একেদৰে যোৰহাটস্থিত শ্ৰীশ্ৰীঅষ্টভুজদেৱৰ বৰভেটিৰ উন্নয়নৰ বাবে ২০ কোটি টকা আবণ্টন দিয়াৰ লগতে ৰাজ্যৰ শিক্ষক সমাজৰ বাবে বার্ষিক আৰ্জিত ছুটীৰ সংখ্যা বৰ্তমানৰ দহ দিনৰ পৰা পোন্ধৰ দিনলৈ বৃদ্ধি কৰে। কৃষি বিভাগত পদোন্নতিৰ পথ মুকলি হোৱাৰ সুবিধার্থেও কেবিনেটে বিভাগৰ সেৱাবিধি সংশোধনত অনুমোদন জনায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু