--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বাজেট (লেখানুদান) উত্থাপনৰ পূৰ্বে অনুষ্ঠিত এই বৈঠকত কেবিনেটে ২০২৬-২৭ বৰ্ষৰ লেখানুদানখন অনুমোদন কৰাৰ লগতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে নতুনকৈ ১,০৩,৫০০ হিতাধিকাৰীক সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ডিজিটেল ডেস্ক: ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে অসম চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিত ৩ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম বিধানসভাৰ সভাকক্ষত আয়োজিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়।


বাজেট (লেখানুদান) উত্থাপনৰ পূৰ্বে অনুষ্ঠিত এই বৈঠকত কেবিনেটে ২০২৬-২৭ বৰ্ষৰ লেখানুদানখন অনুমোদন কৰাৰ লগতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে নতুনকৈ ১,০৩,৫০০ হিতাধিকাৰীক সামৰি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে কাৰ্বি আংলং জিলাৰ লংভাকুত অসমৰ দ্বিতীয়খন সৈনিক স্কুল স্থাপনৰ অৰ্থে ৩৩৫ কোটি টকা অনুমোদন জনায়। এই সৈনিক স্কুলখন স্থাপনত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনুমোদন দিয়ে। 


আনহাতে, অসম ক্রিকেট সন্থাৰ এখন ষ্টেডিয়াম নিৰ্মাণৰ বাবে কেবিনেটে ধেমাজিত ৩১ বিঘা মাটি আবণ্টনত অনুমোদন জনায়। একেদৰে যোৰহাটস্থিত শ্ৰীশ্ৰীঅষ্টভুজদেৱৰ বৰভেটিৰ উন্নয়নৰ বাবে ২০ কোটি টকা আবণ্টন দিয়াৰ লগতে ৰাজ্যৰ শিক্ষক সমাজৰ বাবে বার্ষিক আৰ্জিত ছুটীৰ সংখ্যা বৰ্তমানৰ দহ দিনৰ পৰা পোন্ধৰ দিনলৈ বৃদ্ধি কৰে। কৃষি বিভাগত পদোন্নতিৰ পথ মুকলি হোৱাৰ সুবিধার্থেও কেবিনেটে বিভাগৰ সেৱাবিধি সংশোধনত অনুমোদন জনায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ