--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বুধবাৰটোক মিচিংসকলে অতি শুভ আৰু লখিমী দিন বুলি বিবেচনা কৰে। এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে।

ডিজিটেল ডেস্ক: অসমৰ অন্যতম জনজাতীয় জনগোষ্ঠী মিচিংসকলে আজি পালন কৰিছে আলি আঃয়ে লৃগাং। আলি আঃয়ে লৃগাং হৈছে মিছিং জনগোষ্ঠীৰ লোকসকলৰ এক কৃষি ভিত্তিক উৎসৱ। প্ৰত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। 

বুধবাৰটোক মিচিংসকলে অতি শুভ আৰু লখিমী দিন বুলি বিবেচনা কৰে। এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। শস্যৰ অধিক উৎপাদন কামনা কৰিয়েই নৈপৰীয়া মিচিংসকলে এই উৎসৱ পালন কৰে। এই উৎসৱে বিভিন্নজনৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ সাঁকো গঢ়ি, কৃষিকৰ্মৰ বাবে নিয়োজিত হ'বলৈ সকলো মিচিং লোককে সক্ৰিয় আৰু কৰ্মঠ কৰি তোলে। 


উৎসৱৰ দিনা ভাত, বৰা চাউল আৰু ছাই মদ আগবঢ়াই 'দঞিপল' (সূৰ্য-চন্দ্ৰ) ৰ নাম লৈ স্তুতি গীত আওৰায়। এই স্তুতি গীত পূৰ্বপুৰুষৰ মৃতআত্মাক সন্তুষ্ট কৰাৰ কামনাৰে গোৱা হয়। লগতে শস্যক্ষেত্ৰত যাতে উৎপাদন ভাল হয় আৰু পৰিয়ালৰ সকলোৰে যাতে কুশল-মংগল হয়, তাৰে কামনাৰেও এই প্ৰাৰ্থনা গোৱা হয়। সেইদিনা বৰা চাউলৰ 'পুৰাং', কৌপাতত বান্ধি সিজোৱা ভাত, মাছ, গাহৰিৰ মাংস, আপং আদিৰে ভোজন পৰ্ব কৰা হয়। এই উৎসৱত পৰঃ আপং ব্যৱহাৰ কৰা হয়।


এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (তেতিয়াৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।


আজি গোমৰাগ চঃমান আৰু ঐঃনিতমৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মিচিং জনবসতি গাঁওসমূহ। পুৱাৰে পৰা মিচিং ডেকা-গাভৰু, বোৱাৰীৰ লগতে শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ একেলগে উদযাপন কৰিছে আলি আঃয়ে লৃগাং। 


আলি আঃয়ে লিগাঙৰ অৰ্থ হ’ল- আলি মানে মূল বা আলু আৰু আঃয়ে মানে ফল বা গুটি আৰু লৃগাং মানে শস্যৰ বীজ বা কঠিয়া সিঁচা বা ৰোপণৰ আৰম্ভণিৰ দিন। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু