--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কণী বহু লোকৰেই প্ৰিয় খাদ্য। কণীয়ে দেহত নানান ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ দূৰ কৰাৰ লগতে নানান ৰোগৰ পৰা মুক্ত কৰি ৰখাত সহায় কৰে৷ কণী হৈছে প্ৰ’টিনৰ প্ৰধান উৎস। কণীৰ বগা অংশ ভিটামিন বি-ৰে সমৃদ্ধ আৰু  ই কলেষ্টৰেল মুক্ত। কণীৰ বগা অংশটোত থাকে এলবুমিন৷ ই আমাৰ লিভাৰৰ বাবে অতি প্ৰয়োজনীয় উপাদান৷

কণীৰ বগা অংশ খালে মানুহে এনেবোৰ সমস্যাৰ পৰা বহু পৰিমাণে মুক্ত হৈ থাকিব পাৰিব৷ জানো আহকচোন কণীৰ বগা অংশৰ গুণ কিমান

কণীৰ বগা অংশত প্ৰচুৰ  কেলচিয়াম থাকে। কেলচিয়ামে হাড় শক্তিশালী তথা মজবুত কৰাত সহায় কৰে। কণীৰ এই বগা অংশই হাড়ৰ বিভিন্ন সমস্যা দূৰ কৰাত সহায় কৰে।

কণীৰ বগা অংশত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিয়ে ৰক্ত সঞ্চালন বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি ইয়াত পটাছিয়াম থাকে৷ ই  হৃৎপিণ্ডক সুস্থ ৰখাটো   সহায় কৰে।

উচ্চ ৰক্তচাপ থাকিলে কণীৰ বগা অংশ খাব পাৰে। কিয়নো ইয়াৰ প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে যিটো ৰক্তচাপ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।

কণীৰ বগা অংশ খালে শৰীৰত আইৰণৰ প্ৰয়োজনো পূৰণ হয়। মূৰ ঘুৰোৱা বা ক্লান্তি অনুভৱ কৰিলে  দিনে এটাকৈ কণী খাবলৈ খাদ্য বিশেষজ্ঞসকলে পৰমাৰ্শ দি আহিছে। কণীত থকা মেগনাছিয়াম আৰু মেংগানিজে ক্লান্তি দূৰ কৰাত সহায় কৰে৷

কণীৰ বগা অংশই শৰীৰৰ পেশীসমূহ মজবুত কৰি তোলাত সহায়  কৰে। 

কণীৰ বগা অংশই ছাল কোঁচ খাই পৰা, ছালৰ তেলেতীয়া ভাব দূৰ কৰাৰ লগতে  শালমইনা প্ৰতিৰোধ কৰাত সহায় কৰে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু