--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ। ভাৰতীয় নৌসেনাই ২ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে লাভ কৰিব দেশৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত বিমানবাহী যুদ্ধজাহাজ INS Vikrant। যিসময়ত চুবুৰীয়া ৰাষ্ট্ৰ  চীনে ভাৰত মহাসাগৰত নিজৰ ভেটি মজবুত কৰিবলৈ যত্ন কৰিছে, তেনে সময়তে INS Vikrant ভাৰতীয় নৌসেনা চামিল হোৱাৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। 

২ ছেপ্টেম্বৰত ভাৰতীয় নৌসেনাৰ বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত ৪৫ হাজাৰ টন ওজনৰ যুদ্ধ জাহাজখন কাৰ্যক্ষম কৰা হ’ব। ইতিমধ্যে বিগত বছৰৰ ২১ আগষ্টৰ পৰা INS Vikrantৰ একাধিক পৰ্যায়ৰ সাগৰীয় পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে। উল্লেখযোগ্য যে, বৰ্তমান ভাৰতত মাত্ৰ এখনহে বিমানবাহী জাহাজ INS বিক্ৰমাদিত্য আছে, যিখন ৰাছিয়াৰ প্লেটফৰ্মত নিৰ্মিত। 

INS Vikrantৰ দায়িত্বত থাকিব ভাৰতীয় নৌসেনাৰ বিষয়া বিদ্যাধৰ হৰকে। বৃহস্পতিবাৰে নৌসেনাই এই সন্দৰ্ভত আয়োজন কৰিছিল এক সংবাদমেল। সংবাদমেলত উপস্থিত থাকি নৌসেনাৰ বিষয়াসকলে কয়, বিমানবাহী জাহাজ বিক্ৰান্তৰ সৃষ্টি ভাৰতৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱময় বিষয়। কাৰণ INS Vikrant-এ ভাৰতক উৎকৃষ্ট প্ৰযুক্তি থকা এখন দেশৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব, যিয়ে অত্যাধুনিক বিমানবাহী যুদ্ধজাহাজৰ ডিজাইনৰ পৰা আৰম্ভ কৰি ইয়াক অস্ত্ৰ নিৰ্মাণ আৰু সুসজ্জিত কৰিব পাৰে। থলুৱা বিমানবাহী জাহাজ বিক্ৰান্তক কোচিন-শ্বিপয়াৰ্ডে নিৰ্মাণ কৰাৰ বিপৰীতে বিক্ৰান্তৰ ডিজাইন কৰিছে নৌসেনাৰ  ডিজাইন ব্যুৰোৱে। মধু নাইৰৰ মতে, বিক্ৰান্ত নিৰ্মাণ ইমান সহজ নাছিল। কোভিড মহামাৰীৰ প্ৰত্যাহ্বানৰ মাজতো কোচিন শিপয়াৰ্ডে ছি-ট্ৰায়েল আৰম্ভ কৰি এক মাইলৰ খুঁটি নিৰ্মাণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী