--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ। ভাৰতীয় নৌসেনাই ২ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে লাভ কৰিব দেশৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত বিমানবাহী যুদ্ধজাহাজ INS Vikrant। যিসময়ত চুবুৰীয়া ৰাষ্ট্ৰ  চীনে ভাৰত মহাসাগৰত নিজৰ ভেটি মজবুত কৰিবলৈ যত্ন কৰিছে, তেনে সময়তে INS Vikrant ভাৰতীয় নৌসেনা চামিল হোৱাৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। 

২ ছেপ্টেম্বৰত ভাৰতীয় নৌসেনাৰ বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত ৪৫ হাজাৰ টন ওজনৰ যুদ্ধ জাহাজখন কাৰ্যক্ষম কৰা হ’ব। ইতিমধ্যে বিগত বছৰৰ ২১ আগষ্টৰ পৰা INS Vikrantৰ একাধিক পৰ্যায়ৰ সাগৰীয় পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে। উল্লেখযোগ্য যে, বৰ্তমান ভাৰতত মাত্ৰ এখনহে বিমানবাহী জাহাজ INS বিক্ৰমাদিত্য আছে, যিখন ৰাছিয়াৰ প্লেটফৰ্মত নিৰ্মিত। 

INS Vikrantৰ দায়িত্বত থাকিব ভাৰতীয় নৌসেনাৰ বিষয়া বিদ্যাধৰ হৰকে। বৃহস্পতিবাৰে নৌসেনাই এই সন্দৰ্ভত আয়োজন কৰিছিল এক সংবাদমেল। সংবাদমেলত উপস্থিত থাকি নৌসেনাৰ বিষয়াসকলে কয়, বিমানবাহী জাহাজ বিক্ৰান্তৰ সৃষ্টি ভাৰতৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱময় বিষয়। কাৰণ INS Vikrant-এ ভাৰতক উৎকৃষ্ট প্ৰযুক্তি থকা এখন দেশৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব, যিয়ে অত্যাধুনিক বিমানবাহী যুদ্ধজাহাজৰ ডিজাইনৰ পৰা আৰম্ভ কৰি ইয়াক অস্ত্ৰ নিৰ্মাণ আৰু সুসজ্জিত কৰিব পাৰে। থলুৱা বিমানবাহী জাহাজ বিক্ৰান্তক কোচিন-শ্বিপয়াৰ্ডে নিৰ্মাণ কৰাৰ বিপৰীতে বিক্ৰান্তৰ ডিজাইন কৰিছে নৌসেনাৰ  ডিজাইন ব্যুৰোৱে। মধু নাইৰৰ মতে, বিক্ৰান্ত নিৰ্মাণ ইমান সহজ নাছিল। কোভিড মহামাৰীৰ প্ৰত্যাহ্বানৰ মাজতো কোচিন শিপয়াৰ্ডে ছি-ট্ৰায়েল আৰম্ভ কৰি এক মাইলৰ খুঁটি নিৰ্মাণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু